ETV Bharat / state

অৰুণাচলত দুৰ্ঘটনাত নিহত মাতৃ-পুত্ৰ

author img

By

Published : Jun 6, 2021, 10:16 PM IST

অৰুণাচলৰ আপাৰ চিয়াং জিলাত শনিবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত মৃত্যু হয় অসমৰ চিৰাং জিলাৰ মাতৃ-পুত্ৰৰ ৷ ঘটনাৰ পাছতে পৰিয়ালটোৰ লগতে অঞ্চলজুৰি শোকৰ ছাঁ ৷

two people from chirang died in arunachal
অৰুণাচলত দুৰ্ঘটনাত নিহত মাতৃ-পুত্ৰ

চিৰাং, 6 জুন : অৰুণাচলৰ আপাৰ চিয়াং জিলাত পথ নিৰ্মাণৰ কামত নিয়োজিত চিৰাঙৰ শ্ৰমিক পৰিয়ালৰ মৃত্যু । জানিব পৰা মতে, চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত ২নং আব্দাগুৰি গাঁৱৰ বাসিন্দা আমজাদুৰ ৰহমান অৰুণাচলৰ আপাৰ চিয়াং জিলা জিলাৰ ফুৰুং (টুটিং)ত চলি থকা পথ নিৰ্মাণৰ কামত পৰিয়ালসহ কাম কৰিবলৈ গৈছিল । শনিবাৰে পুৱা পৰিয়ালটো শুই থকা অৱস্থাতে এখন হাইড্ৰাই পথৰ দাঁতিতে থকা ঘৰ মহটিয়াই নিয়াত দুজন থিতাতে নিহত হয় । নিহত দুজন ক্ৰমে আমজাদুৰ ৰহমানৰ পত্নী মাছুদা খাতুন(২১) আৰু তেওঁৰ চাৰি বছৰীয়া সন্তান মাজিদুৰ ৰহমান(৪) বুলি জানিব পৰা গৈছে ।

অৰুণাচলত দুৰ্ঘটনাত নিহত মাতৃ-পুত্ৰ

এই ঘটনাৰ পাছতে দৰিদ্ৰ পৰিয়ালটোৰ লগতে চিৰাঙৰ আব্দাগুৰি গাঁৱতো শোকৰ ছাঁ পৰিছে । চিৰাঙৰ পানবাৰী আঞ্চলিক এবিএমছুৱে অসম আৰু অৰুণাচল চৰকাৰক দৰিদ্ৰ পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে মৃতদেহ দুটা ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক: ভেকচিনৰ বাবে ৰাজ্যৰ জিলাই জিলাই হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.