ETV Bharat / state

চিৰাঙত উপস্থিত ৰাজহ মন্ত্ৰী যোগেন মহন আৰু প্ৰমোদ বড়ো

author img

By

Published : Nov 24, 2021, 11:32 AM IST

চিৰাঙৰ বিজনীত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিলে ৰাজহ মন্ত্ৰী যোগেন মহন আৰু আৰু বিটিআৰৰ মুখ্য প্ৰমোদ বড়ো ৷ নৱ নিৰ্মিত বিদ্যালয় ভৱনৰ শুভ উদ্বোধন কৰে BTR প্ৰধান প্ৰমোদ বড়োই (school building inaugurated by BTR chief)৷

Revenue Minister Jogen Mohan visited Chirang
চিৰাঙত উপস্থিত ৰাজহ মন্ত্ৰী যোগেন মহন আৰু প্ৰমোদ বড়ো

চিৰাং, 24 নৱেম্বৰ : মঙলবাৰে চিৰাঙৰ বিজনীত উপস্থিত হয় ৰাজহ মন্ত্ৰী যোগেন মহন (Revenue Minister Jogen Mahan visited Chirang) ৷ তেওঁৰ লগতে থাকে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো (BTR Chief Pramod Boro visited chirang) ৷ চিৰাং জিলাৰ বিজনী পাণবাৰী বজাৰত ২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া নলাৰ কামৰ আধাৰশিলা স্থাপন কৰে বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷

Revenue Minister Jogen Mohan visited Chirang
চিৰাঙত উপস্থিত ৰাজহ মন্ত্ৰী যোগেন মহন আৰু প্ৰমোদ বড়ো

উক্ত কাৰ্যসূচীত উপস্থিত থাকে বিটিআৰ (BTR)ৰ দুই কাৰ্যবাহী সদস্য ক্ৰমে ৰঞ্জিত বসমুতাৰী আৰু ধনঞ্জয় বসমুতাৰী । ইয়াৰ উপৰিও আন এক অনুষ্ঠানত বিজনীৰ হাৱাৰগাওঁ-চাৰাগাওঁত নৰ্থ ইষ্ট মিলিটেৰি স্কুলৰ নৱনিৰ্মিত বিদ্যালয় ভৱনৰ শুভ উদ্বোধন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো (BTR Chief Pramod Boro)এ ।

চিৰাঙৰ বিজনীৰ হাৱাৰগাওঁ-চাৰাগাওঁত নৰ্থ ইষ্ট মিলিটেৰি স্কুলৰ নৱনিৰ্মিত বিদ্যালয় ভৱনৰ শুভ উদ্বোধন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োই । তদুপলক্ষে এক উদ্বোধনী সভাও অনুষ্ঠিত কৰা হয় । সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজহ মন্ত্ৰী যোগেন মহন । সভাত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় সহ কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

উদ্বোধনী অনুষ্ঠান উপলক্ষে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে কুচকাৱাজ আৰু দুঃসাহসিক ক্ৰীড়া পৰিৱেশন কৰে । বিটিআৰ হস্ততাঁত বস্ত্ৰশিল্প আৰু খাদ্য প্ৰক্ৰিয়াকৰণত EM ধনঞ্জয় বসমুতাৰী আৰু কাৰ্যবাহী সদস্য ৰঞ্জিত বসমুতাৰী উপস্থিত থাকে।

লগতে পঢ়ক : পুনৰ চৰ্চালৈ আহিছে কমলাক্ষ দে' পুৰকায়স্থৰ বিজেপি গমনৰ প্ৰসংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.