ETV Bharat / state

বঙাইগাঁৱত পথ দুৰ্ঘটনাত নিহত এগৰাকী শিক্ষক

author img

By

Published : Apr 7, 2021, 12:48 PM IST

মঙলবাৰে নিশা বঙাইগাঁৱৰ হাপাছাৰাত পথ দুৰ্ঘটনা ৷ থিতাতে নিহত শিক্ষক দেৱজিৎ চৌধুৰী ৷ কৰ্তব্য সামৰি ঘৰলৈ গৈ থাকোতে ট্ৰাকৰ খুন্দাত নিহত হয় শিক্ষক গৰাকী ।

road-accident
পথ দুৰ্ঘটনা

চিৰাং,7 এপ্ৰিল : বঙাইগাঁৱৰ হাপাছাৰাত মঙলবাৰে নিশা সংঘটিত হৈছে এক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী শিক্ষক ৷ নিহত শিক্ষক গৰাকীৰ নাম দেৱজিৎ চৌধুৰী আৰু তেওঁৰ ঘৰ বিজনীত বুলি জানিব পৰা গৈছে ৷

road-accident
পথ দুৰ্ঘটনা

বিলাসীপাৰাৰ পৰা কৰ্তব্য সামৰি ঘৰলৈ গৈ থকা অৱস্থাতে ট্ৰাকৰ খুন্দাত নিহত হয় শিক্ষক গৰাকী । নিহত দেৱজিৎ চৌধুৰীৰ বাইক নম্বৰ AS-26-A-9342 ৷ শিক্ষক গৰাকীৰ মৃত্যুত বিজনী অঞ্চলত পৰিছে শোকৰ ছাঁ ৷

লগতে পঢ়ক : কায়স্থগ্ৰাম ৰে'ল ষ্টেচনৰ কাষত উদ্ধাৰ যুৱকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.