ETV Bharat / state

Poacher arrested with gun: ৰিপু সংৰক্ষিত বনাঞ্চলত বন্দুকসহ আটক চোৰাং চিকাৰী

author img

By

Published : Dec 22, 2022, 8:48 PM IST

Poacher arrested with gun in Ripu Sanctuary on Indo Bhutan border in Chirang
ৰিপু সংৰক্ষিত বনাঞ্চলত আটক চোৰাং চিকাৰী

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰিপু সংৰক্ষিত বনাঞ্চলত হস্তনিৰ্মিত বন্দুকসহ আটক এটা চোৰাং চিকাৰী (Poacher arrested with gun)। বুধবাৰে ৰুণীখাতা ফৰেষ্ট ৰেঞ্জৰ বনসুৰক্ষা কৰ্মী আৰু এচএচবিৰ এটা দলে যৌথভাৱে চলোৱা অভিযানত আটক হয় চোৰাং চিকাৰীটো (Indo Bhutan border in Chirang) ৷

চিৰাং, 22 ডিচেম্বৰ: চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰিপু সংৰক্ষিত বনাঞ্চলত হস্তনিৰ্মিত বন্দুকসহ আটক এটা চোৰাং চিকাৰী (Poacher arrested with gun)। বুধবাৰে ৰুণীখাতা ফৰেষ্ট ৰেঞ্জৰ বনসুৰক্ষা কৰ্মী আৰু এচএচবিৰ এটা দলে যৌথভাৱে চলোৱা অভিযানত আটক হয় চোৰাং চিকাৰীটো (Indo Bhutan border in Chirang) ৷

ধৃত চোৰাং চিকাৰীটো ৰুণীখাতা থানাৰ অন্তৰ্গত দুই নং কুসুমদিশা গাঁৱৰ চক্ৰ ব্ৰহ্ম (৩৯) বুলি চিনাক্ত কৰা হৈছে । চক্ৰ ব্ৰহ্মৰ পৰা এটা হস্তনিৰ্মিত বন্দুক, এটা চোকা অস্ত্ৰ, এটা মোনা উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে । ধৃত চোৰাং চিকাৰীটোৰ লগত আন এজন সদস্যও আছিল যদিও পলায়ন কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে এইসকল চোৰাং চিকাৰীয়ে জিলাখনৰ বিভিন্ন বনাঞ্চলত জীৱ-জন্তু চিকাৰ কৰি এক প্ৰকাৰে নিদ্ৰাহৰণ কৰিছিল বন বিভাগৰ । যাৰ বাবে যোৱা ১৫ দিনৰ পৰা বন বিভাগে এচ এচ বিৰ সহযোগত ভাৰত-ভূটান সীমান্তৰ বনাঞ্চলত চোৰাং কাঠ মাফিয়া আৰু চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই আছিল (Runikhata Forest Ranger)।

বুধবাৰে নিশা বন বিভাগে এচ এচ বিৰ সহযোগত চলোৱা অভিযানত চক্ৰ ব্ৰহ্মক আটক কৰিবলৈ সক্ষম হয় (Ripu and Chirang Reserve Forests)। বন বিভাগে ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰিছে চোৰাং চিকাৰীটোক । চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে কয় যে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব ।

উল্লেখ্য যে চোৰাং চিকাৰী আৰু কাঠ মাফিয়াৰ বিৰুদ্ধে কঠোৰ হৈছে বন বিভাগ ।

লগতে পঢ়ক: Pengeri Firing Incident: পেঙেৰীত উগ্ৰপন্থী-আৰক্ষীৰ মাজত গুলীয়াগুলী ঘটনা ভুৱা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.