ETV Bharat / state

চিৰাঙৰ হাতীপোতাত পথ দুৰ্ঘটনাত 1 জন নিহত, আহত 2

author img

By

Published : Oct 7, 2022, 10:39 PM IST

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ মাইল পোষ্টত খুন্দা পালছাৰ মটৰ চাইকেলৰ(Bike accident in Chirang) ৷ এগৰাকী যুৱতী নিহত হোৱাৰ বিপৰীতে আহত হয় আন দুই যুৱতী ৷ নিহত যুৱতীগৰাকী ৰুনিখাতাৰ ২নং শালবাৰী মোলানডুবি গাঁৱৰ ছুনিমা বসুমতাৰী বুলি চিনাক্ত ৷

Chirang road accident one death 2 injured
চিৰাঙৰ হাতিপোতাত পথ দুৰ্ঘটনা

চিৰাং, 7 অক্টোবৰ: চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত হাতীপোতা গাঁৱত শুকুৰবাৰে সন্ধিয়া এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়(Road accident in Chirang) ৷ এই দুৰ্ঘটনাত এগৰাকী যুৱতী নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় 2 দুগৰাকী যুৱতী । নিহত যুৱতীগৰাকী ৰুনিখাতাৰ ২নং শালবাৰী মোলানডুবি গাঁৱৰ ছুনিমা বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে(One dead in Road accident in Chirang) ৷

সন্ধিয়া প্ৰায় ৭ বজাত যুৱতীগৰাকী ঘৰলৈ যোৱাৰ পথত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো । এ এছ ২৬ এ-২১১১ নম্বৰৰ পালছাৰ মটৰ চাইকেলখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ মাইল পোষ্টত খুন্দা মাৰে(Bike accident in Chirang) ৷ এই ঘটনাত ছুনিমা বসুমতাৰীৰ মৃত্যু হয় ৷ আনহাতে আহত এগৰাকী যুৱতী তেওঁৰ ভগ্নী বনিমা বসুমতাৰী বুলি জানিব পৰা গৈছে ।

আন গৰাকী আহত যুৱতীৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই ৷ ঘটনাস্থলীত ঢালিগাঁও থানাৰ আৰক্ষী উপস্থিত হৈ ততাতৈয়াকৈ আহত যুৱতী দুগৰাকীক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আনহাতে নিহত যুৱতীগৰাকীৰ নিশ্বৰদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা সদৰ কাজলগাঁওৰ জেএচবি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক: সাতগাঁও সেনা ছাউনীত প্ৰেম প্ৰত্যাখান কৰা বাবে যুৱতীক ছুৰিকাঘাত যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.