ETV Bharat / state

Embankment near Aai river: আই নদীৰ গৰাখহনীয়া ৰোধিবলৈ কোটি টকাীয়া মথাউৰিৰ শিলান্যাস মন্ত্ৰী পীযুষ হাজৰীকাৰ

author img

By

Published : Feb 21, 2023, 10:52 PM IST

Minister Piyush Hazarika inaugurated foundation stone of embankment
আই নদীৰ গৰাখহনীয়া ৰোধিবলৈ কোটি টকাৰ মথাউৰিৰ শিলান্যাস মন্ত্ৰী পীযুষ হাজৰীকাৰ

ৰাজ্যৰ নদীসমূহত গৰখহনীয়া প্ৰতিৰোধ কৰিবলৈ মথাউৰি নিৰ্মাণ কৰিবলৈ তৎপৰতাৰে নিৰ্দেশনা জাৰি কৰিছে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই ৷ আই নদীত ১২৫ কোটি টকাৰ জিঅ' বেগ মথাউৰিৰ শিলান্যাস কৰে মন্ত্ৰী হাজৰীকাই (Piyush Hazarika inaugurated foundation stone )৷

আই নদীৰ গৰাখহনীয়া ৰোধিবলৈ কোটি টকাৰ মথাউৰিৰ শিলান্যাস মন্ত্ৰী পীযুষ হাজৰীকাৰ

চিৰাং, 21 ফেব্ৰুৱাৰী: ৰাজ্যত শেহতীয়াকৈ নৈসমূহৰ মথাউৰি নিৰ্মাণৰ বাবে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল ৷ বাৰিষাৰ পূৰ্বেই ৰাজ্যৰ নদীসমূহত গৰখহনীয়া প্ৰতিৰোধ কৰিবলৈ মথাউৰি নিৰ্মাণ কৰিবলৈ তৎপৰতাৰে কাম হাতত লৈছে মন্ত্ৰীগৰাকীয়ে ৷ মঙলবাৰে চিৰাঙৰ আই নৈৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ ১১ কি:মি: দৈৰ্ঘ্যৰ বান্ধৰ শিলান্যাস কৰে মন্ত্ৰী হাজৰীকাই (Piyush Hazarika inaugurated foundation stone )৷

মন্ত্ৰীগৰাকীয়ে বিটিচি প্ৰধান প্ৰমোদ বড়োৰ (BTC Chief Pramod Bodo) উপস্থিতিত চিৰাং জিলাৰ বেংতল ৰাজহচক্ৰ এলেকাৰ আই নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰি আই নৈৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ বেংতল ৰাজহচক্ৰৰ দুৰ্গাপুৰ গাঁৱত এফ এম বি এফ ইউ আচঁনিৰ অধীনত জিঅ' বেগ মথাউৰিৰ শিলান্যাস কৰে (inaugurated foundation stone of embankment)। চাৰি পৰ্যায়ত নিৰ্মাণ হ’ব এই ১২৫ কোটি ২১ লাখ টকা ব্যয় সাপেক্ষে ১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ জিঅ' বেগ মথাউৰি ৷ এইবেলি মথাউৰিৰ মাজে মাজে ২৪ টাকৈ শ্লুইছ গেট বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ৷

বিটিআৰ এলেকাত গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ ইমান দিনে বিটিচি প্ৰশাসনক জলসম্পদ বিভাগক বছৰি মাত্ৰ ১৮ কোটি টকা আৱণ্টিত কৰা হৈছিল কিন্তু যোৱা দুটা বছৰত বিটিচি এলেকাত বানপানী নিয়ন্ত্ৰণ কৰিবলৈ ১০০ কোটি টকাকৈ আৱণ্টন দিয়া হৈছে বুলি সদৰী কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ।

এই মথাউৰি নিৰ্মাণ কৰিবলৈ ঠিকাদাৰক তিনিমাহৰ সময়সীমা বান্ধি দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ কিন্তু বাৰিষাৰ সময়ত এই মথাউৰিৰ কাম বন্ধ কৰি খৰালি বতৰত অৰ্থাৎ নৱেম্বৰ মাহৰ পৰা পুনৰ কাম আৰম্ভ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় মন্ত্ৰী হাজৰীকাই । ইপিনে অসমৰ ব্ৰহ্মপুত্ৰ নৈৰ লগতে অন্যান্য নৈৰ বানপানী তথা গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ বৰ্তমান সময়ত অসম চৰকাৰে বিজ্ঞানসন্মতভাৱে কাম কৰি থকাৰ কথা উল্লেখ কৰে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে । বানপানী নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে মথাউৰি বনাই উক্ত মথাউৰিটোকে মানুহ যাতায়াতৰ পথ হিচাপে ব্যৱহাৰ কৰিব পৰাকৈ নতুন পদ্ধতিৰ প্ৰশংসা কৰি আদৰণি জনায় প্ৰমোদ বড়োৱে ।

উল্লেখ্য যে, জানুৱাৰী মাহত ৰহাত কলঙৰ খহনীয়া মেৰামতিৰ কাম পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই (Minister Piyush Hazarika) ৷ ৰহাৰ তিনিসুঁতিৰ অংশটো কলঙৰ প্ৰবল খহনীয়াই ৰহা-চাপৰমুখ-কামপুৰ পথ পৰ্যন্ত খহাই নিছিল । সম্প্ৰতি পথচোৱাত প্ৰায় তিনি কোটিৰো অধিক টকাৰ ব্যয়েৰে জিঅ'বেগ আৰু বল্ডাৰ পিটচিঙৰ জৰিয়তে খহনীয়া ৰোধৰ ব্যৱস্থা কৰা হৈছে । ইফালে যোৱাটো বানে বিধ্বস্ত কৰা ৰহাচকী-দুৰ্গাজান পথৰো শীঘ্ৰে মেৰামতি কৰা হ’ব বুলি আশ্বাস দিছিল মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: Encroachment of Selukia Pukhuri: বেদখলমুক্ত হ’ব তিনিচুকীয়াৰ ঐতিহাসিক শেলুকীয়া পুখুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.