ETV Bharat / state

নিৰাপত্তাৰক্ষী সকললৈ সহায়ৰ হাত চিৰাঙৰ সংবাদকৰ্মী সকলৰ

author img

By

Published : Mar 27, 2020, 8:49 PM IST

শুকুৰবাৰে চিৰাঙত নিয়োজিত নিৰাপত্তাৰক্ষী সকলক সহায়ৰ হাত আগবঢ়ায় জিলাখনৰ সংবাদকৰ্মী সকলে ৷ তেওঁলোকে খোৱাপানী,চাহ, বিস্কুটকে ধৰি বিভিন্ন খাদ্য সামগ্ৰীৰ যোগান ধৰে নিৰাপত্তা বাহিনীৰ লোক সকলক ৷

নিৰাপত্তাৰক্ষী সকললৈ সহায়ৰ হাত
নিৰাপত্তাৰক্ষী সকললৈ সহায়ৰ হাত

চিৰাং, 27 মাৰ্চঃ চিৰাঙত নিৰাপত্তা বাহিনীৰ লোকক সহায়ৰ হাত আগবঢ়ালে সংবাদকৰ্মী সকলে ৷ জিলাখনৰ জেষ্ঠ সাংবাদিক সুনীল শৰ্মাৰ নেতৃত্বত সাংবাদিকৰ দলটোৱে লক ডাউনৰ সময়ছোৱাত নিজৰ কৰ্তব্যত নিয়োজিত নিৰাপত্তা বাহিনীৰ লোক সকলক খোৱাপানী,চাহ,বিস্কুটকে ধৰি বিভিন্ন খাদ্য সামগ্ৰীৰ যোগান ধৰে ৷ চিৰাঙৰ এই সকল সংবাদ কৰ্মীৰ কৰ্মৰ শলাগ লৈ বঙাইগাঁৱৰ ছালাছাৰ হনুমান সেৱা সমিতি আৰু এগৰাকী সমাজ কৰ্মীও আগবাঢ়ি আহি তেওঁলোকক আৰ্থিকভাৱে সহায় কৰে ৷ অসমৰ আন প্ৰান্তত নিয়োজিত নিৰাপত্তাৰক্ষী সকলকো এনেদৰে সহায়ৰ হাত আগবঢ়োৱাৰ বাবে আহ্বান জনায় চিৰাঙৰ সংবাদকৰ্মী সকলে ৷

নিৰাপত্তাৰক্ষী সকললৈ সহায়ৰ হাত চিৰাঙৰ সংবাদকৰ্মী সকলৰ

লগতে পঢ়কঃ লক ডাউনঃ কলিয়াবৰৰ পৰা খোজকাঢ়ি বিশ্বনাথ পালেহি 80 বছৰীয়া ককা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.