ETV Bharat / state

বিভিন্ন দাবীৰে বঙাইগাঁওত "আছা"ৰ গণ বিক্ষোভ কাৰ্যসূচী

author img

By

Published : Feb 28, 2020, 6:12 PM IST

Updated : Feb 28, 2020, 8:49 PM IST

বঙাইগাঁওত সদৌ আদিবাসী ছাত্ৰ সন্থা চমুকৈ "আছা"ৰ বঙাইগাঁও জিলা সমিতিৰ উদ‍্যোগত শুকুৰবাৰে ৰূপায়ণ কৰা হয় গণ বিক্ষোভ কাৰ্যসূচী ৷ আদিবাসী সকলক জনজাতিকৰণ কৰাৰ লগতে ভূমিপট্টা প্ৰদান,চাহ মজদুৰ সকলৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা,আদিবাসী যুদ্ধবিৰতিত থকা পাঁচটা সশস্ত্ৰ সংগঠনৰ সৈতে শান্তি আলোচনাৰ দাবী সংগঠনটোৰ ৷

Mass protest by ATTSA at Bongaigaon
বিভিন্ন দাবীৰে বঙাইগাঁওত "আছা"ৰ গণ বিক্ষোভ কাৰ্যসূচী

বঙাইগাঁও,28 ফেব্ৰুৱাৰী: বঙাইগাঁৱত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ "আছা"ৰ বঙাইগাঁও জিলা সমিতিৰ উদ‍্যোগত শুকুৰবাৰে ৰূপায়ণ কৰা হয় গণ বিক্ষোভ কাৰ্যসূচী ৷ জিলাখনৰ "বীৰঝোৰা চাহ" বাগিচাত ৰূপায়ণ কৰা এই বিক্ষোভ কাৰ্যসূচীৰ জৰীয়তে আদিবাসী সকলক জনজাতিকৰণ কৰাৰ লগতে ভূমিপট্টা প্ৰদান,চাহ মজদুৰ সকলৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা,আদিবাসী যুদ্ধবিৰতিত থকা পাঁচটা সশস্ত্ৰ সংগঠনৰ সৈতে শান্তি আলোচনাৰ জড়িয়তে সমস‍্যাৰ সমাধান কৰা আদি দাবীৰ সমৰ্থনত মুখ‍্যমন্ত্ৰীলৈ প্ৰদান কৰে এখন স্মাৰক পত্ৰ ।

Mass protest by ATTSA at Bongaigaon
বিভিন্ন দাবীৰে বঙাইগাঁওত "আটছা"ৰ গণ বিক্ষোভ কাৰ্যসূচী

উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা গণতান্ত্ৰিক তথা সশস্ত্ৰ সংগ্ৰাম কৰা অসমৰ আদিবাসী সকলৰ সমস‍্যা সমাধান নকৰি আদিবাসী হত‍্যাৰে হাত ৰাঙলি কৰা এন ডি এফ বিৰে শান্তি চুক্তিৰ জৰিয়তে বিটিআৰ গঠনত ক্ষোভ প্ৰকাশ কৰে বিক্ষোভকাৰী সকলে ।

বিভিন্ন দাবীৰে বঙাইগাঁওত "আছা"ৰ গণ বিক্ষোভ কাৰ্যসূচী

ইয়াৰ উপৰিও অহা বিধানসভা নিৰ্বাচনৰ আগতে আদিবাসী সমস্যাৰ সমাধান নকৰিলে বিজেপি নেতৃত্বাধীন অসম চৰকাৰক ওফৰাই পেলোৱাৰ হুংকাৰ প্ৰদান "আছা"ৰ।

Mass protest by ATTSA at Bongaigaon
বিভিন্ন দাবীৰে বঙাইগাঁওত "আছা"ৰ গণ বিক্ষোভ কাৰ্যসূচী

লগতে পঢ়ক: 2021ৰ নিৰ্বাচনত বিজেপিক পুলিয়ে পোখাই উভালি ৰাজপথত বিচাৰ কৰিব লাগিবঃ অজিত কুমাৰ ভূঞা

Last Updated : Feb 28, 2020, 8:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.