ETV Bharat / state

বিগত এমাহে বান-খহনীয়াৰ কবলত চিৰাঙৰ মাদাৰপুৰ গাঁও

author img

By

Published : Aug 23, 2020, 1:37 PM IST

চিৰাঙৰ মাদাৰপুৰ গাঁও
চিৰাঙৰ মাদাৰপুৰ গাঁও

বিগত এমাহে বান-খহনীয়াৰ কবলত পৰা চিৰাঙৰ মাদাৰপুৰ গাঁৱৰ বাসিন্দাসকলৰ মাজত সম্প্ৰতি সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতিৰ ৷ এই পৰ্যন্ত চৰকাৰৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ পৰাও তেওঁলোকে পোৱা নাই কোনো সঁহাৰি ৷

চিৰাং, 22 আগষ্ট: আই নদীৰ বান-গৰাখহনীয়াই বিধ্বস্ত ৰূপ ধাৰণ কৰিছে চিৰাঙৰ মাদাৰপুৰ গাঁৱত ৷ বিগত এমাহে বান মাজতে ককবকাই আছে গাঁওখন ৷ আই নদীৰ সংহাৰী বানে গাঁওখনত থকা মথাউৰিটো ছিগি নিয়াৰ পাচতে নৈ খনে গতি সলনি কৰে ৷ ফলত বান আৰু খহনীয়াই গাঁওখনৰ অধিকাংশ অংশই খহাই নি প্ৰায় নোহোৱা কৰিছে ৷

বিগত এমাহে বান-খহনীয়াৰ কবলত চিৰাঙৰ মাদাৰপুৰ গাঁও

বৰ্তমানেও গাঁওখনত অব্যাহত আছে আই নদীৰ সংহাৰী বান আৰু খহনীয়াৰ তাণ্ডৱ ৷ স্থানীয় লোকৰ ঘৰে ঘৰে পানী সোমোৱাৰ ফলত তেওঁলোকৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতিৰ ৷ কেৱল এয়াই বান খহনীয়াই বিধ্বস্ত কৰিছে গাঁওখনৰ প্ৰায় ডেৰ শতাধিক পৰিয়ালৰ ঘৰ ৷ সম্প্ৰতি থকা ঠাইৰ লগতে খাদ্য সংকটত ভুগিছে বৃহত্তৰ অঞ্চলটোৰ বানাক্ৰান্ত ৰাইজে ৷ দিকবিদিক হেৰুৱাই পেলাইছে তেওঁলোকে ৷ কিন্তু ইমানৰ পাচতো যেন কাণসাৰ নাই প্ৰসাশন, জন প্ৰতিনিধি কিম্বা চৰকাৰৰ ৷ বান-খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাটো দূৰৰে কথা, এই পৰ্যন্ত বানাক্ৰান্ত লোকৰ মাজত অত্যাৱশ্যকী খাদ্য সমগ্ৰীৰো যোগান ধৰা নাই তেওঁলোকে ৷ এই অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্ত ৰাইজে ৷ যাৰ বাবে ৰাইজে পাৰ্যমানে নিজৰ গাঁঠিৰ ধন ভাঙি বানাক্ৰান্ত লোকৰ মাজত সাহায়্য বিতৰণ কৰে বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমযোগে ৷ মন্ত্ৰী চন্দন ব্ৰহ্ম, চিৰাং জিলাৰ উপায়ুক্ত গৌতম তালুকদাৰে কিছুদিন পূৰ্বে অঞ্চলটো পৰিদৰ্শন কৰি গৈছিল যদিও বান-গৰাখহনীয়া প্ৰতিৰোধৰ বাবে তৎকালীন কোনো ব্যৱস্থা এই পৰ্যন্ত তেওঁলোকে গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ক্ষতিগ্ৰস্ত ৰাইজে ৷

বান-খহনীয়াৰ কবলত চিৰাঙৰ মাদাৰপুৰ গাঁও
বান-খহনীয়াৰ কবলত চিৰাঙৰ মাদাৰপুৰ গাঁও

লগতে পঢ়ক: জীয়াঢল নদীত নিখোজ দুই যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.