ETV Bharat / state

মানৱ সৰবৰাহকাৰীৰ কৱলত পৰা শিশুৰ পৰিয়ালৰে মুখ্যমন্ত্ৰীৰ মত-বিনিময়

author img

By

Published : Jul 30, 2021, 10:44 PM IST

cm-meet-human-traffickings-victims-family-at-chirang
মানৱ সৰৱৰাহকাৰীৰ কৱলত পৰা শিশুৰ পৰিয়ালৰে মুখ্যমন্ত্ৰীৰ মত-বিনিময়

মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰ অভিযান ৷ অভিযানত ইতিমধ্যেই চিৰাঙৰ পৰা উদ্ধাৰ কৰা হৈছে 42 টাকৈ শিশু ৷ বৰ্তমানেও সন্ধান নাই 38 টা শিশুৰ ৷

চিৰাং, 30 জুলাই : ড্ৰাগছ তথা অন্যান্য অবৈধ ব্যৱসায়ৰ সমান্তৰালকৈ মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে অসম আৰক্ষীয়ে ৷ আৰক্ষীৰ অভিযানত শেহতীয়াকৈ চিকিমৰ পৰা উদ্ধাৰ কৰা হৈছিল মানৱ সৰবৰাহকাৰীৰ কৱলত পৰা চিৰাঙৰ 42 টাকৈ শিশু ৷ শুকুৰবাৰে চিৰাঙৰ বেংতল কলেজত উপস্থিত হৈ উক্ত 42 টা শিশুৰ অভিভাৱকৰে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ উক্ত আলোচনাত উপস্থিত থাকি মানৱ সৰবৰাহকাৰী চক্ৰৰ বলি হোৱা প্ৰতিটো পৰিয়াললৈ 20 হাজাৰ টকাৰ চেক প্ৰদানৰ লগতে অৰুনোদয় আঁচনিত সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে বিটিআৰৰ মুখ্য প্ৰমোদ বড়োৱে ৷

মানৱ সৰৱৰাহকাৰীৰ কৱলত পৰা শিশুৰ পৰিয়ালৰে মুখ্যমন্ত্ৰীৰ মত-বিনিময়

উক্ত আলোচনাৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমক জনায় যে, লক ডাউনৰ ফলত আৰ্থিক দুৰৱস্থাত ভোগা দৰিদ্ৰ পৰিয়ালৰ দৰিদ্ৰতাৰ সুযোগ লৈ কৃষ্ণ যোগী নামৰ এটা মানৱ সৰবৰাহকাৰীয়ে শিশুকেইটাক চিকিমলৈ নিয়াৰ ব্যৱস্থা কৰিছিল ৷ ধৃত লোকজনে 80 জন ল'ৰা-ছোৱালী লৈ গৈছিল আৰু তাৰে 42 জনক উদ্ধাৰ কৰা হৈছে আৰু দহ জনৰ সন্ধান পোৱা গৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ আনহাতে বাকী সকলৰ সন্ধান বৰ্তমানেও লাভ কৰিব পৰা নাই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁলোকৰ সন্ধানত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

ইয়াৰ উপৰি মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে সজাগ হৈ থাকিবলৈ অসমবাসীক আহ্বান জনোৱাৰ লগতে এই সন্দৰ্ভত কিবা খবৰ থাকিলেই আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ইফালে অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰ কাণ্ড সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,"যেতিয়া কোনো ৰাজ্যৰ সাধাৰণ লোকৰ হাতত অস্ত্ৰ থাকে তেতিয়া আমি আমাৰ মানুহক উক্ত ৰাজ্যলৈ যোৱাৰ অনুমতি দিব নোৱাৰো ৷" সেয়েহে সেই সাধাৰণ লোকৰ পৰা মাৰনাস্ত্ৰ জব্দ নোহোৱালৈকে অসমৰ জনতাক মিজোৰামলৈ নাযাবলৈ অনুৰোধ জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে মিজোৰাম সীমান্তৰে ড্ৰাগছৰ অবৈধ বেহা চলাৰ কথা উল্লেখ কৰি অসম-মিজোৰাম সীমান্তত সংঘটিত হোৱা কাণ্ড সন্দৰ্ভত উচিত তদন্ত হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়কঃ মিজো আৰক্ষীৰ গুলিত নিহত জোৱানলৈ শ্ৰদ্ধাঞ্জলি অসম আৰক্ষীৰ

ইফালে একেদিনাই কোকৰাঝাৰৰ বালাগাঁওস্থিত চিআইটিৰ ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত উপস্থিত হৈ অসম আৰক্ষীয়ে উদ্ধাৰ কৰা নাবালিকা কিশোৰ কিশোৰীৰ সতে মত বিনিময় কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ চিৰাং জিলাৰ দাদগিৰি আৰু ৰুণীখাতাৰ বিস্তৃৰ্ণ অঞ্চলৰ পৰা মানৱ সৰবৰাহকাৰীয়ে 80 গৰাকী নাবালিকা কিশোৰ-কিশোৰীক ছিকিমলৈ চালান দিছিল ৷ ইয়াৰে 42 গৰাকী কিশোৰ কিশোৰীক কিছুদিন পূৰ্বে অসম আৰক্ষীয়ে উত্তৰ ছিকিমৰ পৰা উদ্ধাৰ কৰিছিল ৷ মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ কৰাৰ পিছত তেওঁলোকক আৰক্ষীৰ কঠোৰ নিৰাপত্তাৰ বেষ্টনীত কোকৰাঝাৰ সদৰ চহৰৰ প্ৰশান্তি লজত ৰখা হৈছিল আৰু শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে চিআইটিৰ প্ৰেক্ষাগৃহত শিশুসকলৰ সতে মত বিনিময় কৰে ৷

উক্ত ভ্ৰমণৰ মাজতে বিধায়ক সুশান্ত বৰগোঁহাইকে ধৰি আন কেবাগৰাকী বিধায়ক শীঘ্ৰে বিজেপিলৈ আহিব বুলি সদৰী কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে অসম-মিজোৰাম সীমা বিবাদ সন্দৰ্ভত মিজোৰামৰ বিৰুদ্ধে কোনো অৰ্থনৈতিক অৱৰোধ কৰা হোৱা নাই আৰু আলাপ-আলোচনাৰ জৰিয়তে সমস্যা সমাধান কৰিব বিচাৰিছো বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইপিনে লাভলীনাই ব্ৰঞ্জৰ নহয় সোণৰ পদকৰ বাবেহে অলিম্পিকত অংশ গ্ৰহণ কৰিছে ৷ লাভলীনাই সোণৰ পদক আনিব পাৰিব বুলি আমি আশাবাদী বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃ কিয় হোটেলৰ বাহিৰত আৰক্ষীয়ে আৱদ্ধ কৰি ৰাখিলে লুৰীণক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.