ETV Bharat / state

কিয় হোটেলৰ বাহিৰত আৰক্ষীয়ে আৱদ্ধ কৰি ৰাখিলে লুৰীণক ?

author img

By

Published : Jul 30, 2021, 2:24 PM IST

লুৰীণজ্যোতি গগৈৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলক লাইলাপুৰলৈ যোৱাৰ ক্ষেত্রত বাধা আৰক্ষীৰ । অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত দলটোৰ এটা প্ৰতিনিধি দলে বৃহস্পতিবাৰৰে পৰা বাহৰ পাতিছে শিলচৰত ৷

AJP_delegation_along with chief Lurin jyoti Gogogoi with cordoned_off_in_Silchar
কিয় হোটেলৰ বাহিৰত আৰক্ষীয়ে আৱদ্ধ কৰি ৰাখিলে লুৰীণক?

গুৱাহাটী,৩০ জুলাই : অসম জাতীয় পৰিষদ(Assam Jatiya Parishad)ৰ প্ৰতিনিধি দল(AJP delegates)ক কাছাৰৰ অসম-মিজোৰাম সীমান্ত(Assam Mizoram Border)ৰ সংঘৰ্ষস্থলী পৰিদৰ্শন কৰাত বাধা আৰোপ কৰা হৈছে । অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ(AJP chief Lurin jyoti Gogogoi)ৰ নেতৃত্বত দলৰ এটা প্ৰতিনিধি দল বৃহস্পতিবাৰে শিলচৰত উপস্থিত হৈছিল । বৃহস্পতিবাৰে, দলটোৱে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ লাইলাপুৰৰ গুলীচালনাত আহত চিকিৎসাধীন লোকসকলৰ স্বাস্থ্যৰ বুজ লয় ।

শুকুৰবাৰে পুৱা প্ৰতিনিধি দলটো অসম-মিজোৰাম সীমান্তলৈ গৈ পৰিস্থিতিৰ বুজ লোৱাৰ কথা আছিল । কিন্তু , প্ৰতিনিধি দলটোক শিলচৰৰ হোটেলৰ বাহিৰতে আৰক্ষীয়ে আৱদ্ধ কৰি ৰাখে । একেদৰেই বৃহস্পতিবাৰে, পৰিস্থিতিৰ বুজ লোৱাৰ বাবে প্ৰদেশ কংগ্ৰেছ(Pradesh Congress)ৰ এটা সঁজাতি দলো ঘটনাস্থলীলৈ যাব বিচাৰিছিল যদিও আৰক্ষীয়ে বাধা আৰোপ কৰিছিল ।

উল্লেখ্যে যে, কাছাৰৰ অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত ২৬ জুলাইত সংঘটিত হোৱা ঘটনাত অসম আৰক্ষীৰ ছয়জন জোৱান নিহত হোৱাৰ উপৰি অৰ্ধশতাধিক লোক আহত হৈছিল । এই ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে সীমান্ত অঞ্চলত এতিয়াও অব্যাহত আছে উত্তেজনা । ঘটনাস্থলীত কোনো লোককেই যাবলৈ দিয়া হোৱা নাই।

ajp-delegation-along-with-chief-lurin-jyoti-gogogoi-with-cordoned-off-in-silchar
কিয় হোটেলৰ বাহিৰত আৰক্ষীয়ে আৱদ্ধ কৰি ৰাখিলে লুৰীণক ?

ইতিমধ্যে, অসম চৰকাৰে মিজোৰাম ভ্ৰমণ বৰ্জন কৰাৰ বাবেও ৰাজ্যবাসীক আহ্বান জনাইছিল ৷ শুকুৰবাৰে, অসম জাতীয় পৰিষদৰ দলটোকো আৰক্ষীয়ে লাইলাপুৰলৈ যোৱাৰ ক্ষেত্রত বাধা আৰোপ কৰে । লুৰীণজ্যোতি গগৈৰ নেতৃত্বত যোৱা দলটোত আছে দলৰ উপসভাপতি চমছেৰ সিং আৰু মিল্টন কুইয়া, প্ৰচাৰ সম্পাদক তথা মুখপাত্র জিয়াউৰ ৰহমান, সাংগঠনিক সম্পাদক ফখৰুল ইছলাম মজুমদাৰ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সম্ভিদ শৰ্মা আৰু জাতীয় যুৱ শক্তিৰ ৰাজ্যিক আহ্বায়ক ইফটিকাৰ হুছেইন ।

লগতে পঢ়ক : অমলেট খাবলৈ নাপাই তোতা মিঞাই পত্নীক কি কৰিলে জানে নে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.