ETV Bharat / state

চিৰাঙত ইউপিপিএলৰ যোগদান সভা

author img

By

Published : Mar 21, 2021, 10:45 PM IST

শীৰ্ষ নেতাৰ পাচতে এতিয়া তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীসকলেও সলনি কৰিছে ইটোৰ পাচত সিটো দল ৷ দেওবাৰে বিজনী বিধানসভা সমষ্টিৰ বিজনী চহৰস্থিত জিলা ইউপিপিএল দলৰ কাৰ্যালয়ত প্ৰাক্তন পাৰিষদ গুণেশ্বৰ গয়াৰীৰ উপস্থিতিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰায় অৰ্ধ শতাধিক লোকে ইউপিপিএল দলত যোগদান কৰে ।

চিৰাঙত অনুষ্ঠিত হ'ল ইউপিপিএল দলৰ যোগদান সভা
চিৰাঙত অনুষ্ঠিত হ'ল ইউপিপিএল দলৰ যোগদান সভা

চিৰাং,21 মাৰ্চ: বিধানসভা নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ নেতা-পালিনেতাৰ মাজত বৃদ্ধি পাইছে দল বাগৰাৰ ৰাজনীতি ৷ শীৰ্ষ নেতাৰ পাচতে এতিয়া তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীসকলেও সলনি কৰিছে ইটোৰ পাচত সিটো দল ৷ দেওবাৰে বিজনী বিধানসভা সমষ্টিৰ বিজনী চহৰস্থিত জিলা ইউপিপিএল দলৰ কাৰ্যালয়ত প্ৰাক্তন পাৰিষদ গুণেশ্বৰ গয়াৰীৰ উপস্থিতিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰায় অৰ্ধ শতাধিক লোকে ইউপিপিএলত যোগদান কৰে ।

চিৰাঙত অনুষ্ঠিত হ'ল ইউপিপিএল দলৰ যোগদান সভা
চিৰাঙত অনুষ্ঠিত হ'ল ইউপিপিএল দলৰ যোগদান সভা

উল্লেখ্য যে, দলটোত যোগদান কৰা প্ৰতিগৰাকী লোককে গামোচাৰে আদৰণি জনাই দলটোৰ শীৰ্ষ নেতাই ৷ ইয়াৰ পাচতে পাৰিষদ উইলিয়াম হাছদাই কয় যে, বহুতো ৰাজনৈতিক দল আছে, কিন্তু তাৰ মাজতে ইউপিপিএল দলটো ব্যতিক্ৰম । ইয়াত কাম কৰি আনন্দ পাব । বিপিএফে ৰাইজৰ মাজত কৈ আছে বিটিআৰত চৰকাৰ বিপিএফে বনাব ৷ কিন্তু সেয়া জানো সম্ভৱ ? পাঁচ বছৰৰ বাবে কোনেও এতিয়া চৰকাৰে ভাঙিব নোৱাৰে ।

লগতে পঢ়ক: বিজেপিৰ বুথ পৰ্যায়ৰ প্ৰচাৰ সভাত অথন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.