ETV Bharat / state

ৰুণিখাটাত ইউপিপিএলৰ যোগদান সভা

author img

By

Published : Mar 23, 2021, 5:31 PM IST

চন্দন ব্ৰহ্মৰ নেতৃত্বত বিপিএফ দলে এনএলএফবি নামৰ উগ্ৰপন্থী সংগঠনৰ সৃষ্টি কৰিছে । চিৰাঙৰ ৰুণিখাটাত ইউপিপিএলৰ যোগদান সভাত অংশ লৈ এই অভিযোগ উত্থাপন কৰে বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে । যোগদান সভাত বিপিএফৰ দুই শতাধিক সদস্যই ইউপিপিএলৰ সদস্য পদ গ্ৰহণ কৰে ।

চিৰাঙৰ ৰুণিখাতাত ইউপিপিএল দলৰ যোগদান সভা
চিৰাঙৰ ৰুণিখাতাত ইউপিপিএল দলৰ যোগদান সভা

চিৰাং,২৩ মাৰ্চ: মঙলবাৰে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ৰুণিখাটাত ইউপিপিএলৰ যোগদান সভা অনুষ্ঠিত হয় ৷ ইউপিপিএলৰ ৰুণিখাটা শাখা সমিতিয়ে আয়োজন কৰা এই সভাত সীমান্তৱৰ্তী অঞ্চলটোৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বিপিএফৰ দুই শতাধিক সদস্যই ইউপিপিএলত যোগদান কৰে । বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী(বি আৰ ফেৰেংগা)য়ে দলটোত যোগদান কৰা সকলো লোককে ফুলাম গামোচাৰে আদৰণি জনায় ।

চিৰাঙৰ ৰুণিখাতাত ইউপিপিএল দলৰ যোগদান সভা
চিৰাঙৰ ৰুণিখাতাত ইউপিপিএল দলৰ যোগদান সভা

বসুমতাৰীয়ে কয় যে, বিগত ১৭ বছৰে বিপিএফ দলে বিটিআৰত কোনো উন্নয়ন সাধন কৰিব নোৱাৰিলে, মাথো দুৰ্নীতিৰ মেলা পাতিলে । ভয়-ভাবুকিৰে ভোটাৰৰ বহুমূলীয়া ভোট লাভৰ ৰাজনীতি কৰিলে ।

সীমান্তৰ ৩২ খন গাঁৱৰ ভিতৰত মাত্ৰ ৫ খন গাঁৱতহে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিলে । যিকোনো চাকৰিৰ নামত দহ লাখকৈ টকা উৎকোচ লৈছিল আৰু বিপিএফে ভূমিপট্টাৰ নামত ভুৱা নথি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰে ৰঞ্জিত বসুমতাৰীয়ে ।

চিৰাঙৰ ৰুণিখাতাত ইউপিপিএল দলৰ যোগদান সভা
চিৰাঙৰ ৰুণিখাতাত ইউপিপিএল দলৰ যোগদান সভা

তেওঁ লগতে কয় যে, "আমি বিটিআৰ চুক্তিৰ জৰিয়তে বিটিআৰত শান্তি স্থাপন কৰিলো । উগ্ৰপন্থী সমস্যাৰ অৱসান হ’ল । আমাৰ সমাজত সকলো জাতি-জনগোষ্ঠীৰ লোকে সমিল-মিলেৰে থাকিবলৈ ল'লে" ৷

কিন্ত এই ভাতৃত্ববোধ সহ্য কৰিব নোৱাৰি বিপিএফৰ চন্দন ব্ৰহ্মই এনএলএফবি নামৰ এটা উগ্ৰপন্থী সংগঠনৰ জন্ম দিলে বুলি অভিযোগ তোলে বসুমতাৰীয়ে । ইউপিপিএলে বিটিচিত পৰিষদ গঠন কৰিয়েই সীমান্তৰ গ্ৰামাঞ্চলত খোৱাপানীৰ ব্যৱস্থা কৰিছে বুলি মন্তব্য কৰাৰ লগতে উপযুক্ত প্ৰাৰ্থীয়ে মেধাৰ ভিত্তিত চাকৰি লাভ কৰিছে বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক: সৰ্বানন্দ সোণোৱালৰ হৈ যতীন বৰাৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.