ETV Bharat / state

দুৰ্নীতি মুক্ত কৰাৰ বাবেই সলনি কৰা হৈছে বিটিচিৰ নামঃ ৰঞ্জিত দাস

author img

By

Published : Feb 4, 2021, 11:04 PM IST

বৃহস্পতিবাৰে চিৰাঙৰ বিজনীৰ পানবাৰীত উপস্থিত হয় ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাস ৷ ইয়াৰ পাছতে সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত পাতিলাদহা-পানবাৰী পথৰ পৰা চুলিয়াকাটা গাঁও পঞ্চায়ত হৈ দামুগাঁওলৈ যোৱা গড়কপ্তানি পথৰ আধাৰশিলা স্থাপন কৰে দাসে ৷

chirang-road-construction-foundation-stone-by-ranjit-das
দুৰ্নীতি মুক্ত কৰাৰ বাবেই সলনি কৰা হৈছে বিটিচিৰ নামঃ ৰঞ্জিত দাস

চিৰাং,4 ফেব্ৰুৱাৰী: আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত বৃদ্ধি পাইছে সকলো ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ তৎপৰতা ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে চিৰাঙৰ বিজনীৰ পানবাৰীত উপস্থিত হয় ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাস ৷ ইয়াৰ পাছতে সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত পাতিলাদহা-পানবাৰী পথৰ পৰা চুলিয়াকাটা গাঁও পঞ্চায়ত হৈ দামুগাঁওলৈ যোৱা গড়কপ্তানি পথৰ আধাৰশিলা স্থাপন কৰে দাসে ৷

chirang-road-construction-foundation-stone-by-ranjit-das
চিৰাঙৰ বিজনীৰ পানবাৰীত গড়কপ্তানি পথৰ আধাৰশিলা স্থাপন

আধাৰশিলা স্থাপন কৰি সৰভোগ সমষ্টিত বৰ্তমান 17 টাকৈ পথৰ কাম হাতত লোৱা বুলি জনায় ৰঞ্জিত দাসে ৷ লগতে অহা 11 ফেব্ৰুৱাৰীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আহি 161 কোটি টকাৰ 16 টা পথৰ আধাৰশিলা স্থাপন কৰিব বুলি জনায় নেতা গৰাকীয়ে ৷ লগতে বন বিভাগে বিটিচিত অধিক উন্নতি কৰিব বুলি উল্লেখ কৰি যোৱা 15 বছৰে বিপিএফে মানুহৰ স্বভাৱ সলনি কৰিছে বুলি মন্তব্য কৰে দাসে ৷ মানুহক সলনি কৰোতে সময় লাগিব বুলিও কয় নেতা গৰাকীয়ে ৷

দুৰ্নীতি মুক্ত কৰাৰ বাবেই সলনি কৰা হৈছে বিটিচিৰ নামঃ ৰঞ্জিত দাস

উল্লেখ্য যে, দুৰ্নীতি কৰিলে উন্নয়ণ নহয় বুলি মন্তব্য কৰি উন্নয়নৰ বাবে ৰাইজৰ সহায় বিচাৰে ৰঞ্জিত দাসে ৷ বিটিচি হৈ থাকিলে দুৰ্নীতিয়ে লগ নেৰিব সেইয়ে বিটিচি নামটো সলনি কৰি বিটিআৰ নাম দিয়া হৈছে বুলি মন্তব্য নেতা গৰাকীৰ ৷ আনহাতে আগন্তুক দিনত প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰৰ উন্নতি হ'ব বুলি উল্লেখ কৰি ইয়াৰ বাবে প্ৰমোদ বড়োলৈ প্ৰধান মন্ত্ৰী, মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী আৰু মোৰ আশীৰ্বাদ আছে বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷ বিটিআৰত শান্তি স্থাপন হোৱাত হিন্দু মুছলমান সকলোৰে শান্তি হৈছে বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসে ৷

লগতে পঢ়কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুৰ্নীতি সন্দৰ্ভত তদন্ত অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.