ETV Bharat / state

মাদাৰপুৰ গাঁৱৰ মাজেৰে গতি সলালে আই নদীয়ে : পানীৰ তলত সমগ্ৰ গাঁও

author img

By

Published : Aug 4, 2020, 4:12 AM IST

Chirang dangerious flood and erosion
মথাউৰি চিগি আই নদীয়ে গতি সলালে মাদাৰপুৰ গাঁৱৰ মাজেৰে: পানীৰ তলত সমগ্ৰ গাঁও

চিৰাঙৰ মাদাৰপুৰ গাঁৱত আই নদীৰ বান আৰু গৰাখহনীয়াৰ তাণ্ডৱ । বান্ধ ছিগি গাঁৱৰ মাজেৰে আই নদীৰ পানী সোমোৱাৰ ফলত দুশৰো অধিক পৰিয়ালৰ ঘৰ আই নদীৰ খহনীয়া আৰু বানত বিলিন হৈ পৰিছে । কেইবাশ বিঘা কৃষিভূমি এতিয়া নদীৰ খহনীয়াত হ'ল নিশ্চিহ্ন ।

চিৰাং,৩ আগষ্ট: চিৰাং জিলাৰ মাদাৰপুৰ গাঁৱত আই নদীৰ বান আৰু গৰাখহনীয়াই সৃষ্টি কৰিছে ভয়াবহ তাণ্ডৱ । নদীৰ গৰাখহনীয়াত মাদাৰপুৰ গাঁৱৰ বান্ধটো ছিগি যোৱাত নদীয়ে গতি সলাই সোমাল গাঁৱৰ মাজেত । ফলত শ শ বিঘা কৃষিভূমি নদীৰ খহনীয়াত জাহ যোৱাৰ লগতে দুশৰো অধিক পৰিয়ালৰ ঘৰ আই নদীৰ বুকুত জাহ গৈছে ।

Chirang dangerious flood and erosion
মথাউৰি চিগি আই নদীয়ে গতি সলালে মাদাৰপুৰ গাঁৱৰ মাজেৰে: পানীৰ তলত সমগ্ৰ গাঁও

যোৱা ৩০ তাৰিখে আই নদীৰ বাঢ়নি পানীয়ে হঠাৎ বান্ধ ভাঙি গাঁৱৰ মাজেৰে প্ৰৱেশ কৰাত গাঁওখনৰ লোক সকল ব্যাপক ক্ষতিৰ সন্মুখীন হ'ব লগা হৈছে । একাংশ লোকে নিজৰ ঘৰবোৰ গছত বান্ধি কিছু ৰক্ষা কৰিলে যদিও অধিকাংশ লোকে নিজৰ প্ৰাণ বচাই আশ্ৰয় শিবিৰত থিতাপি লৈছেগৈ ।

নদীৰ বান্ধটো ভঙাৰ ফলত ইতিমধ্যে ডাবাবিল গাঁওখন সম্পূৰ্ণৰূপে আই নদীৰ বুকুত জাহ গৈছে । লগতে মাদাৰপুৰ, ডেবৰবিল, নাথুৰবাৰী, নেপালপাৰা, শিশুবাৰী, খয়ৰাবাৰী, নাঙৰ ভাগা আদি গাঁও সমূহতো ব্যাপক ক্ষতিসাধন হৈছে ।

মথাউৰি চিগি আই নদীয়ে গতি সলালে মাদাৰপুৰ গাঁৱৰ মাজেৰে: পানীৰ তলত সমগ্ৰ গাঁও

বৰ্তমানলৈ ক্ষতিগ্ৰস্ত এই গাঁও সমূহত কোনো চৰকাৰী লোক উপস্থিত নোহোৱাৰ লগতে কোনো ক্ষতিপূৰণ অথবা সাহাৰ্যৰ ব্যৱস্থা কৰা নাই বুলি বানাক্ৰান্তই কৰিলে অভিযোগ ।

মন্ত্ৰী চন্দন ব্ৰহ্মই যোৱা ৩০ জুলাইৰ পূৰ্বে বান্ধটো নিচিগোটেই এবাৰ এই অঞ্চল ভ্ৰমণ কৰিছিল । তেতিয়াই মন্ত্ৰী গৰাকীয়ে গাঁওখনৰ লগতে কাষৰীয়া গাঁওসমূহক নদীৰ খহনীয়াৰ পৰা উদ্ধাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছিল যদিও বাস্তৱত একো নহ'ল বুলি জনালে বানাক্ৰান্ত সকলে ।

মন্ত্ৰীগৰাকীয়ে ভ্ৰমণৰ পিছতেই কিছু সাহাৰ্য প্ৰেৰণ কৰিছিল যদিও গাঁওখনৰ অধিক ক্ষতিসাধন হ'ল ৩০ জুলাইৰ পিছত বান্ধ ভগাৰ অন্ততহে । কিন্তু ইয়াৰ পিছত বৰ্তমানলৈ কোনো চৰকাৰী লোক এই বান বিধ্বস্ত অঞ্চললৈ অহা নাই বুলি অভিযোগ কৰিছে বানাক্ৰান্ত সকলে ।

ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীয়ে চিৰাঙত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লোৱাৰ পাছতে ৰাজ্যপালেও ভ্ৰমণ কৰিছিল জিলাখনৰ বান বিধ্বস্ত অঞ্চল সমূহ । কিন্তু আজি পৰ্যন্ত বান বিধ্বস্ত লোক সকলৰ বাবে নহ'ল কোনো বিশেষ ব্যৱস্থা ।

জিলাখনত বহু লোকৰ ঘৰৰ লগতে হেজাৰ বিঘা কৃষিভূমি খহনীয়াত জাহ গ'ল । ইয়াৰ পিছতো চৰকাৰে এই সমূহ অঞ্চল উদ্ধাৰৰ বাবে কোনো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

লগতে চাওক-ৰাম মন্দিৰ নিৰ্মাণৰ আন্দোলনৰ ইতিহাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.