ETV Bharat / state

NLFB সৈতে সম্পৰ্ক নাই হাগ্ৰামা মহিলাৰীৰ : তৰেন বড়ো

author img

By

Published : Jul 2, 2021, 9:43 PM IST

এবছুৰ উদ্যোগত শুকুৰবাৰে বড়ো জাতীয় সংগঠন সমূহৰ এক যৌথ সভা অনুষ্ঠিত হয় চিৰাঙত ৷ সভাত বিটিআৰ শান্তি চুক্তিৰ দফা সমূহৰ ৰূপায়নৰ ক্ষেত্ৰত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

Chirang ABSU organize bodo organisation meet
NLFB সৈতে হাগ্ৰামা মহিলাৰীৰ সম্পৰ্ক নাই : তৰেন বড়ো

চিৰাং, 2 জুলাই : "নৱগঠিত উগ্ৰপন্থী সংগঠন NLFB সৈতে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ সম্পৰ্ক থকাৰ যি সন্দেহ সেয়া ভিত্তিহীন ৷ NLFB ৰ সৈতে প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ গোপন সম্পৰ্ক আছে বুলি মই নাভাবো ৷" সাংবাদিকক সম্বোধন কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিলে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৱে ৷

শুকুৰবাৰে এবছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় কেইবাটাও বড়ো জাতীয় সংগঠনৰ যৌথ সভা ৷ চিৰাং জিলাৰ ঢালিগাঁও স্থিত মানাহ অতিথিশালাত অনুষ্ঠিত হয় এই সভা ৷ এই সভাৰ মূল উদ্দেশ্য আছিল বিটিআৰ শান্তি চুক্তিৰ প্ৰতিটো দফা অখৰে অখৰে ৰূপায়ন কৰা বাবে চৰকাৰক হেঁচা প্ৰয়োগ কৰা ৷

দুপৰীয়াভাগৰ পৰা আৰম্ভ হোৱা এই বৈঠকত বড়ো সাহিত্য সভা, বড়ো ৰাইটাৰ্ছ একাডেমী, সদৌ বড়ো প্ৰাথমিক শিক্ষক সন্থা, বড়ো বিষয় শিক্ষক সন্থা, বড়ো হাৰিমু আফাদকে আদি কৰি অন্যান্য বড়ো জাতীয় দল সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে ৷

NLFB সৈতে হাগ্ৰামা মহিলাৰীৰ সম্পৰ্ক নাই : তৰেন বড়ো

উক্ত বৈঠকৰ অন্তত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৱে সংবাদ মাধ্যমকৰ আগত কয়, এই বৈঠকত মূলতঃ বিটিআৰ শান্তি চুক্তিৰ দফা সমূহৰ ভিতৰত অন্যতম বড়ো ভাষাক ৰাজ্য চৰকাৰৰ সহযোগী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে ৷ কিন্তু সেই সহযোগী ভাষা হিচাপে বড়ো ভাষাৰ প্ৰয়োগ যাতে বাস্তৱত কৰা হয় তাৰ বাবে চৰকাৰক দাবী জনোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

কাৰাগাৰত বন্দী হৈ থকা বিটিআৰ শান্তি চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী NDFBৰ নেতা ৰঞ্জন দৈমাৰীৰ লগতে অন্যান্য নেতা কেডাৰ মুক্তিৰ দাবী কৰাৰ বাবে বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ শেহতীয়াকৈ বিটিআৰ এলেকাত নতুনকৈ জন্ম লাভ কৰা উগ্ৰপন্থী সংগঠন NLFB ক হিংসাৰ পথ এৰি মূলসুঁতিলৈ উভতি আহিবলৈ যৌথভাৱে আহ্বান জনোৱাৰ বাবে বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিবলৈ দিয়ে দ্বীপেন বড়োৱে ৷

লগতে পঢ়ক : চৰম সংকটত ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.