ETV Bharat / state

এবিএমছুৰ চাৰিগৰাকী সদস্যক বহিস্কাৰ

author img

By

Published : Nov 26, 2020, 7:23 PM IST

এবিএমছুত কোনো বিভাজন হোৱা নাই ৷ ৰাজনৈতিক প্ৰৰোচনাত গঠিত নতুন কমিটিক অবৈধ ঘোষণাৰে আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ সংগঠনটোৰ নেতৃবৰ্গৰ ৷ চাৰিগৰাকী সদস্য়ক সংগঠনৰ পৰা বহিস্কাৰ ৷

Chirang ABMSU dividation reaction assam etv bharat news
সংবাদমেল

চিৰাং,26 নৱেম্বৰ: এবিএমছুৰ নতুন গোট গঠন সন্দৰ্ভত সংগঠনটোৰ এক জৰুৰী বৈঠক বৃহস্পতিবাৰে অনুষ্ঠিত হয় বঙাইগাঁও চহৰৰ হোটেল জাহ্নৱীত ৷ সংগঠনটোৰ কেন্দ্ৰীয় কৰ্ম নিৰ্ধাৰণ কমিটি, উপদেষ্টা মণ্ডলী, কেন্দ্ৰীয় কমিটি আৰু জিলা সমিতি সমূহৰ নেতৃবৰ্গৰ উপস্থিতিত জৰুৰী বৈঠকখন অনুষ্ঠিত হয় ৷ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ সংগঠনটোৰ একাংশ সদস্যই অবৈধভাৱে বিজনীস্থিত আম্বেদকাৰ হলত আয়োজিত সাধাৰণ সভাত গঠন কৰে নতুন গোট ৷ এই সন্দেহ প্ৰকাশ কৰিছে সংগঠনটোৰ বাকীবোৰ সদস্যই ৷

এবিএমছুৰ জৰুৰী বৈঠক সম্পন্ন

এই সন্দৰ্ভত এবিএমছুৰ নেতৃবৰ্গই কমিটিখনৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰি এয়া অবৈধ কমিটি বুলি ঘোষণা কৰে ৷ তদুপৰি ষড়যন্ত্ৰমূলকভাৱে এই কমিটি গঠন কৰা হৈছে বুলি বৈঠকত প্ৰকাশ কৰে ৷

লগতে চাওকঃ লেপেটকটাৰ পথ দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.