ETV Bharat / state

বিটিচি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত দুটা ভাগত বিভক্ত এবিএমছু

author img

By

Published : Nov 25, 2020, 10:32 PM IST

মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিটিচি নিৰ্বাচনৰ বাবে লাফিকুল ইছলামৰ হত্যাকাণ্ড প্ৰসংগ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে নিৰ্বাচনী সভা-সমিতিয়ে উত্থাপন কৰা বুলিও ABMSUৰ কেন্দ্ৰীয় সমিতিৰ নতুন সভাপতি মহিদুল ইচলামে সংবাদ মেলখনত মন্তব্য কৰে। তাৰোপৰি ABMSUৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আবু জুবাৰ মণ্ডলে কয় যে, BJP ৰ মিত্ৰদল BPF ক লাভান্বিত কৰাৰ বাবেই তথা সংখ্যালঘু ভোটাৰক হাগ্ৰামা মহিলাৰীৰ ফলীয়া কৰাৰ স্বাৰ্থতেই মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই BTC ৰ নিৰ্বাচনী সভা-সমিতিয়ে হাগ্ৰামা মহিলাৰীক চক্ৰান্তমূলকভাৱে গালি-শপনি পাৰি আছে ।

chirang-abmsu-central-commitee
বিটিচি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত দুটা ভাগত বিভক্ত এবিএমছু

চিৰাং,25 নৱেম্বৰঃ চিৰাং জিলাৰ বিজনীৰ ড৹ বি আৰ আম্বেদকাৰ সামূহিক ভৱনত বুধবাৰে বিয়লি ABMSUৰ কেন্দ্ৰীয় সমিতিয়ে এখন সংবাদ মেল সম্বোধন কৰে । ABMSU ৰ নৱ নিৰ্বাচিত কেন্দ্ৰীয় সভাপতি তথা সংগঠনটোৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ ভাতৃ মহিদুল ইছলামে কয় যে, ABMSU ৰ পূৰ্বৰ সমিতিখনে সংগঠনটোৰ প্ৰয়াত সভাপতি লাফিকুল ইছলামৰ ন্যায়ৰ ক্ষেত্ৰত কোনো নৈতিক দায়িত্ব পালন নকৰাৰ বাবে বুধবাৰে ABMSU ৰ সাতখনকৈ জিলা সমিতিয়ে সাধাৰণ সভাৰ জৰিয়তে পূৰ্বৰ সমিতিখন ভংগ কৰে। সাধাৰণ সভাই মহিদুল ইছলামক সভাপতি আৰু আবু জুবায়েৰ মণ্ডলক সাধাৰণ সম্পাদক হিচাপে লৈ ৪১ জনীয়া নতুন কাৰ্যকৰী সমিতি খন গঠন কৰে । ছাত্ৰ সংগঠনটোৰ সাত খন জিলা সমিতিয়ে ২২ নৱেম্বেৰত ছাত্ৰ সংগঠনটোৰ মুখ‍্য উপদেষ্টা আব্দুৰ ৰেজ্জাকৰ ওচৰলৈ কেন্দ্ৰীয় সমিতিৰ ওপৰত অনাস্থা আনি প্ৰস্থাৱ প্ৰেৰণ কৰিছিল ৷ আজি মুখ‍্য উপদেষ্টা জনৰ অনুপস্থিত আৰু পূৰ্বৰ কেন্দ্ৰীয় সমিতিৰ অজ্ঞাতে হঠাত বিজনীত এই সভাৰ জৰিয়তে নতুন কেন্দ্ৰীয় সমিতি গঠন কৰে ।

chirang-abmsu-central-commitee
বিটিচি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত দুটা ভাগত বিভক্ত এবিএমছু

ইপিনে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিটিচি নিৰ্বাচনৰ বাবে লাফিকুল ইছলামৰ হত্যাকাণ্ড প্ৰসংগ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে নিৰ্বাচনী সভা-সমিতিয়ে উত্থাপন কৰা বুলিও ABMSU ৰ কেন্দ্ৰীয় সমিতিৰ নতুন সভাপতি মহিদুল ইচলামে সংবাদ মেলখনত মন্তব্য কৰে । তাৰোপৰি ABMSUৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আবু জুবাৰ মণ্ডলে কয় যে, BJP ৰ মিত্ৰদল BPF ক লাভান্বিত কৰাৰ বাবেই তথা সংখ্যালঘু ভোটাৰক হাগ্ৰামা মহিলাৰীৰ ফলীয়া কৰাৰ স্বাৰ্থতেই মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই BTC ৰ নিৰ্বাচনী সভা-সমিতিয়ে হাগ্ৰামা মহিলাৰীক চক্ৰান্তমূলকভাৱে গালি-শপনি পাৰি আছে ।

বিটিচি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত দুটা ভাগত বিভক্ত এবিএমছু
উল্লেখযোগ্য যে, বিটিচি নিৰ্বাচনৰ আগ মূহুৰ্তত ছাত্ৰ সংগঠন এবিএমছুৰ দুটা ভাগত বিভক্ত হোৱাৰ বিষয়টো মানি ল’ব পৰা নাই বিটিচিৰ সংখ‍্যালঘু জনসাধাৰণে । একেদৰে নতুন গোটৰ সভাপতি মহিদুল ইচলামে ৰাজনৈতিক দল ইউপিপিএলৰ হৈ বিভিন্ন সভা সমিতিৰ জড়িয়তে নিৰ্বাচনী প্ৰচাৰ চলাই থকা বুলিও অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়কঃ ৰাজস্থানৰ প্ৰাক্তন বিত্তমন্ত্ৰী মানিক চন্দ্ৰ ছোৰানাৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.