ETV Bharat / state

চিদলীত ইউপিপিএলৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব চন্দন ব্ৰহ্ম: ৰঞ্জিত বসুমতাৰী

author img

By

Published : Mar 13, 2021, 7:15 PM IST

চন্দন ব্ৰহ্মক গ‘ল্ডেন কি অৱ বিপিএফ বুলি কোৱা হয় ৷ বিগত 17 বছৰত বিটিআৰত বিপিএফৰ ৰাজত্ব কালত যিমান বড়ো আৰু অনাবড়োৰ মাজত সংঘাত তথা ৰাজনৈতিক সংঘৰ্ষ হৈছে তাৰ বাবে চন্দন ব্ৰহ্ম দায়ী ৷ তেওঁ ইয়াৰ ফল ভূগিব লাগিব বুলি মন্তব্য কৰে বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ৷

chandan brahma responsible for bodo-nonbodo conflict
চিদলীত ইউপিপিএলৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব চন্দন ব্ৰহ্ম: ৰঞ্জিত বসুমতাৰী

চিৰাং,13 মাৰ্চ: হাগ্ৰামাই আৰু কেতিয়াও চৰকাৰ কৰিব নোৱাৰে বিটিআৰত । এইবাৰ নিৰ্বাচনত হাগ্ৰামাক কিক মাৰি বলে মানুহে গ’লপোষ্টত সোমাব ৷ বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত কুমাৰ বসুমতাৰীয়ে শনিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে এই কথা ৷ উল্লেখ্য যে, শনিবাৰে চিৰাং জিলা ইউপিপিএলৰ কাৰ্যালয়ত বিপিএফৰ ৪০ জন লোকে যোগদান কৰে । ইউপিপিএলৰ যোগদান সভাত অংশ লৈ বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য গৰাকীয়ে বিপিএফ দলক তীব্ৰ ভাষাৰে কটাক্ষ কৰে ৷ বিটিআৰত বিপিএফে অস্ত্ৰ সংস্কৃতিৰ আৰম্ভ কৰিছিল বুলি উল্লেখ কৰি একমাত্ৰ ইউপিপিএল দলেই এই অপ সংস্কৃতিৰ অৱসান ঘটাব বুলি মন্তব্য কৰে ৷

চিদলীত ইউপিপিএলৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব চন্দন ব্ৰহ্ম

15 বছৰত বিটিআৰত 15 কিল’মিটাৰ পথৰো মেৰামতি অথবা উন্নয়ন হোৱা নাই ৷ চন্দন ব্ৰহ্মক গ’ল্ডেন কি অৱ বিপিএফ আখ্যা দিয়া হয় ৷ বিগত 17 বছৰত বিটিআৰত বিপিএফৰ ৰাজত্বকালত যিমান বড়ো আৰু অনাবড়োৰ মাজত সংঘাত তথা ৰাজনৈতিক সংৰ্ঘষ হৈছে তাৰ বাবে চন্দন ব্ৰহ্ম দায়ী আৰু তেওঁ বৰ্তমান ইয়াৰ ফল ভূগিব লাগিব বুলি মন্তব্য কৰে বসুমতাৰীয়ে ৷ ৰঞ্জিত বসুমতাৰীয়ে এইবাৰ চিদলী সমষ্টিত চন্দন ব্ৰহ্ম ইউপিপিএল দলৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বুলি জানিবলৈ দিয়ে ।

chandan brahma responsible for bodo-nonbodo conflict
চিদলীত ইউপিপিএলৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব চন্দন ব্ৰহ্ম: ৰঞ্জিত বসুমতাৰী

লগতে পঢ়ক : লক্ষ্য নিৰ্বাচন: ভোটাৰক আকৃষ্ট কৰিবলৈ মৰিয়নীত উপস্থিত স্মৃতি ইৰাণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.