চিৰাঙত বিটিআৰ ভেন্সাৰ শিক্ষকৰ প্ৰতিবাদী সভা

author img

By

Published : Sep 13, 2021, 8:47 PM IST

btr-vancher-school-teacher-protest-meeting-at-chirang

চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিটিআৰ ভেন্সাৰ শিক্ষকৰ প্ৰতিবাদী সভা । বিদ্যালয় প্ৰাদেশিকীকৰণৰ দাবীত আন্দোলনৰ হুংকাৰ অপ্ৰাদেশীকৃত শিক্ষকৰ । বিটিআৰত শিক্ষাৰ অধিকাৰ খৰ্ব হোৱাৰো অভিযোগ এইসকল শিক্ষকৰ ।

চিৰাং, 13 ছেপ্টেম্বৰ : চিৰাং জিলা সদৰ কাজলগাঁও স্থিত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দেওবাৰে সদৌ বিটিআৰ অপ্ৰাদেশীকৃত নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সন্থাৰ এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় । সন্থাৰ বিটিআৰৰ সভাপতি উমেশ চন্দ্ৰ মণ্ডলে সভাত পৰিৱৰ্তনৰ শ্ল’গানেৰে বিটিআৰত প্ৰমোদ বড়োৱে চৰকাৰ গঠন কৰিলে যদিও অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষকসকলৰ বাবে একো নকৰিলে বুলি অভিযোগ কৰে ।

তেওঁ লগতে এবছুৱে বিচৰা ধৰণে এইসকল শিক্ষকে সকলো নথি জমা দিয়াৰ পাছত তথা প্ৰমোদ বড়োৱে উচ্চস্তৰীয় কমিটী গঠন কৰাৰ পাছতো এতিয়া সকলো ফুটুকাৰ ফেনতহে পৰিণত হ’ল বুলি অভিযোগ কৰে । তেওঁ চৰকাৰে অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকসকলক আভুৱাহে ভাৰিলে বুলি অভিযোগ কৰে । লগতে শিক্ষকসকলে বিনা বেতনে দীৰ্ঘদিন কাম কৰি এতিয়া অৱসৰ ল’বলগীয়া হৈছে কিন্তু চাকৰিহে নহ’ল বুলি ক্ষোভ উজাৰে ।

সভাপতি উমেশ চন্দ্ৰ মণ্ডলে চৰকাৰখনক ৩০ ছেপ্টেম্বৰৰ ভিতৰত তেওঁলোকৰ প্ৰাদেশিকীকৰণৰ বাবে কোনো ব্যৱস্থা নকৰিলে শিক্ষকসকলে ৰাজপথত নামি আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি সকিয়াই দিয়ে । তেওঁ লগতে বি টি আৰত শিক্ষাৰ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ উত্থাপন কৰি অপ্ৰাদেশীকৃত বহু বিদ্যালয়ৰ শিশুসকলে মধ্যাহ্ন ভোজন তথা অন্যান্য সুবিধাৰ পৰা বঞ্চিত হৈছে বুলি সদৰি কৰে ।

লগতে পঢ়ক : নিমাতীঘাটৰ নাও দুৰ্ঘটনাত নিৰুদ্দিষ্ট ডাঃ বিক্ৰমজিৎ বৰুৱাৰ ঘৰত স্বাস্থ্যমন্ত্ৰী

বি টি আৰ অপ্ৰাদেশীকৃত নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সন্থাৰ ভাপতি উমেশ চন্দ্ৰ মণ্ডলে সভাত শিক্ষকসকল ভেন্সাৰ, বিদ্যালয় ভেন্সাৰ কিন্ত শিশু সকলো ভেন্সাৰ নেকি বুলি ওলোটাই চৰকাৰক প্ৰশ্ন কৰে । যিসকল শিশু কাইলৈ দেশৰ নাগৰিক সেই শিশুসকলক কিয় শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে বুলি প্ৰশ্ন কৰে প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰা শিক্ষকসকলে ।

বি টি আৰৰ চাৰিওখন জিলাৰ পৰা আহি উপস্থিত হোৱা অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰীসকলে সোমবাৰৰ পৰা বি টি আৰৰ অনুষ্ঠিত হ’বলগীয়া বাজেট অধিবেশনত অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশিকীকৰণ সন্দৰ্ভত আলোচনা কৰিবলৈ সকলো পাৰিষদক অনুৰোধ জনায় আৰু চাকৰি নোহোৱাকৈ অৱসৰ লোৱা শিক্ষক সকলক এককালীন সাহায্যৰ লগতে লকডাউন পৰিৱেশৰ বাবে শিক্ষকসকলৰ বাবে বি টি আৰ কল্যাণ আঁচনিৰ পৰা বিশেষ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : নিমাতীঘাটৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.