ETV Bharat / state

লক্ষ্য লোকসভা নিৰ্বাচন: চিৰাঙত বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা

author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 10:40 PM IST

Chirang BPF central Cell exucutive
চিৰাঙত বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা

বিপিএফৰ কাৰ্যালয়ত দলটোৰ কেন্দ্ৰীয় সমিতিৰ অধীনস্থ ৯ টাকৈ জনগোষ্ঠী কোষৰ যৌথ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক সভা ৷ বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ অংশগ্ৰহণ ৷

চিৰাং, 10 ডিচেম্বৰ : লোকসভা নিৰ্বাচনত অধিক গুৰুত্ব প্ৰদানৰ লক্ষ্যৰে দেওবাৰে বিপিএফে অনুষ্ঠিত কৰে জনগোষ্টীয় কোষৰ কাৰ্যনিৰ্বাহক সভা । চিৰাঙৰ কাজলগাঁওস্থিত বিপিএফৰ কাৰ্যালয়ত দলটোৰ কেন্দ্ৰীয় সমিতিৰ অধীনস্থ ৯ টাকৈ জনগোষ্ঠী কোষৰ যৌথ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ।

বিপিএফৰ অধীনস্থ সংখ্যালঘু কোষ, ৰাজবংশী কোষ,আদিবাসী কোষ, বঙালি কোষ, গোৰ্খা কোষ, সূত্ৰধৰ কোষ, নাথযোগী কোষ, হিন্দীভাষী কোষ আৰু ৰাভা কোষৰ যৌথ এই কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক সভাত আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিটো জনগোষ্ঠীয় কোষে কিদৰে নিজৰ নিজৰ জনগোষ্ঠীয় ভোটাৰৰ মাজত সোমাই বিপিএফৰ ভোটাৰ বৃদ্ধিৰে কোকৰাঝাৰ আৰু ওদালগুৰি-দৰং লোকসভা সমষ্টিত দলটোৰ প্ৰাৰ্থী জয় কৰোৱাব সেই সন্দৰ্ভত আলোচনা কৰা হয় ।

Chirang BPF central Cell exucutive
চিৰাঙত বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা

বিপিএফৰ কেন্দ্ৰীয় সভাপতি হাগ্ৰামা মহিলাৰীয়ে প্ৰতিটো জনগোষ্ঠীয় কোষৰ প্ৰতিনিধিৰে সুবিধা-অসুবিধা সন্দৰ্ভত মত বিনিময় কৰে । যিহেতু বিপিএফে কোনো দলৰে মিত্ৰতা নকৰে সেয়ে নিজাববীয়াকৈ দলৰ স্থিতি ভোটাৰৰ মাজত শক্তিশালী কৰিবলৈ ৰণকৌশল প্ৰস্তুত কৰিবলৈ এই কাৰ্যনিৰ্বাহক সভা আহ্বান কৰা বুলি জনায় বিপিফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ।

বিপিএফ প্ৰধানগৰাকীয়ে লগতে নিজৰ বাথৌ খেৰাই অঞ্চলৰ সন্দৰ্ভতো মত প্ৰকাশ কৰি কয় যে প্ৰতি শনি আৰু দেওবাৰে সন্ধিয়া সাংস্কৃতিৰ লগত জড়িত লোকসকলক লৈ সাংস্কৃতিক সন্ধিয়া হয় ৷ উক্ত অনুষ্ঠানত কোনো শিক্ষাৰ্থীক অংশগ্ৰহণ কৰিবলৈ দিয়া নহ’ব বুলিও তেওঁ মন্তব্য কৰে ।

ইফালে ইউপিপিএলে কৰা অভিযোগ নস্যাৎ কৰে মহিলাৰীয়ে । চন্দন ব্ৰহ্ম সন্দৰ্ভত মহিলাৰীয়ে কয় ‘‘মই চিনি নাপাও’’ ৷ বিজেপি-ইউপিপিএলৰ ইএম-এমচিএলএ যোগদান কৰা সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কয়, ‘‘এই বিষয়ে মোৰ সৈতে কোনো কথা হোৱা নাই ৷ বেলেগ কাৰোবাৰ সৈতে হ’ব পাৰে ।’’ এই সন্দৰ্ভত পিচত জনোৱা হ’ব বুলিও কয় হাগ্ৰামা মহিলাৰীয়ে ।

লগতে পঢ়ক : আজমলে কৈছে ভূপেন বৰা হেনো পাগল, মুখ্যমন্ত্ৰীয়েও হিন্দী-ইংৰাজী ক’ব নাজানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.