ETV Bharat / state

কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ছয় জনগোষ্ঠীয় সংগঠনৰ

author img

By

Published : Jul 2, 2019, 7:09 PM IST

অসমৰ ছয় জনগোষ্ঠীৰ জনজাতীকৰণ সন্দৰ্ভত সংসদত কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাৰ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া ছয় জনগোষ্ঠীয় সংগঠনৰ

কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ছয় জনগোষ্ঠীয় সংগঠনৰ

চিৰাং, 2 জুলাইঃ অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত সংসদত জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ মন্তব্যত আদিবাসী আৰু কোচ ৰাজবংশী সংগঠনসমূহৰ তৰফৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ আদিবাসী সংগঠনসমূহৰ যৌথ মঞ্চ আদিবাসী জাতীয় মহাসভাৰ সম্পাদক বীৰ সিং মুণ্ডাই নিৰ্বাচনৰ সময়ত জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহাৰ পিছতে বিজেপি নেতৃত্বাধীন চৰকাৰখনে প্ৰতাৰণা কৰাৰ কথা পুনৰ প্ৰমাণিত হোৱা বুলি মন্তব্য কৰে ৷ ইফালে আক্ৰাছুৰ সম্পাদক গোকুল বৰ্মনে চৰকাৰৰ শেহতীয়া স্থিতিক সমালোচনা কৰে ৷

কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ছয় জনগোষ্ঠীয় সংগঠনৰ

আনহাতে কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায়ে জনজাতি বিষয়কলৈ চৰকাৰে ৰাজনীতি কৰা বুলি সমালোচনা কৰে ৷ অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ যদি এই দৰে চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি থাকে তেন্তে ভৱিষ্যতে পৰিস্থিতি অধিক ভয়ংকৰ হ'ব বুলি হুংকাৰ দিয়ে ছয় জনগোষ্ঠীৰ নেতৃত্বই ।

আৰু পঢ়কঃ চৰকাৰে ৰেল বিভাগক লোকচান ভৰাবলৈ বুদ্ধি পাঙিছে !

Intro: অসমৰ ছয় জনগোষ্ঠীৰ জনজাতীকৰন সন্দৰ্ভত কালি সংসদত প্ৰশ্নোত্তৰ শিতানত দিয়া কন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাৰ মন্তব্যৰ তিব্ৰ প্ৰতিক্ৰীয়া ছয় জনগোষ্ঠীয় সংগঠনৰ । Body:অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰংগত সংসদত জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ মন্তব্যত আদিবাসী আৰু কোচ ৰাজবংশী সংগঠনসমুহৰ তৰফৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷আদিবাসী সংগঠনসমুহৰ যৌথ মঞ্চ আদিবাসী জাতীয় মহাসভাৰ সম্পাদক বীৰ সিং মুণ্ডাই নিৰ্বাচনৰ সময়ত জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহাৰ পিছতে বিজেপি নেতৃত্বাধীন চৰকাৰখনে প্ৰতাৰণা কৰাৰ কথা পুনৰ প্ৰমাণিত হোৱা বুলি মন্তব্য কৰে ৷ ইফালে আক্ৰাছুৰ সম্পাদক গোকুল বৰ্মনে চৰকাৰৰ শেহতীয়া স্থিতিক সমালোচনা কৰে ৷ আনহাতে কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায়ে জনজাতি বিষয়লৈ চৰকাৰে ৰাজনীতি কৰা বুলি সমালোচনা কৰে

বাইট : ১। বীৰ সিং মুণ্ডা, আদিবাসী নেতা ।
২। গোকুল বৰ্মন, আক্ৰাছু নেতা ।
৩। অতুল ৰায়,কোচ ৰাজবংশী সংগ্ৰাম সমিতি।

Conclusion:অসমৰ ছয় জনগোষ্ঠীৰ জনজাতী কৰনৰ বিষয়টোলৈ যদি এই দৰে চৰকাৰে বাৰে বাৰে প্ৰতাৰনা কৰি থাকে তেন্তে অদুৰ ভৱিষ্যতে পৰিস্থিতি ভয়ঙ্কৰ হব বুলি হুংকাৰ দিয়ে ছয় জনগোষ্ঠীৰ নেতৃত্বই ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.