ETV Bharat / state

লোকসভা নিৰ্বাচনকলৈ তৎপৰ চিৰাঙৰ দুটা বিভানসভা সমষ্টি

author img

By

Published : Mar 12, 2019, 12:46 AM IST

লোকসভা নিৰ্বাচন উপলক্ষে তৎপৰ চিৰাঙৰ দুটা বিধানসভা সমষ্টি ক্ৰমে চিদলী বিধান সভা সমষ্টি আৰু বিজনী বিধান সভা সমষ্টি।

লোকসভা নিৰ্বাচনকলৈ তৎপৰ চিৰাঙৰ দুটা বিভানসভা সমষ্টি


১১ মাৰ্চ, চিৰাংঃ চিৰাঙত আগন্তক লোকসভা নিৰ্বাচন উপলক্ষে দুটা বিধানসভা সমষ্টি ক্ৰমে চিদলী বিধান সভা সমষ্টি আৰু বিজনী বিধান সভা সমষ্টিত পৃথকে পৃথকে নিৰ্বাচনী আচৰন বিধি বলবৎ সম্পৰ্কে এখন সভা অনুষ্ঠিত হয় । চিদলী সমষ্টিত নিৰ্বাচনী বিষয়া চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰে জিলাখনৰ সকলো বিভাগ সামৰি সকলো বিষয়া, বিভিন্ন ৰাজনৈতিক দলৰ নেতা,সংবাদ মাধ্যমৰ উপস্থিতিত নিৰ্বাচনী আচৰন বিধি সম্পৰ্কে জনাই।

লোকসভা নিৰ্বাচনকলৈ তৎপৰ চিৰাঙৰ দুটা বিভানসভা সমষ্টি

জানিব পৰা মতে চিদলী সমষ্টিত ২৬৯ টা ভোট কেন্দ্ৰৰ ২ টা ভোটকেন্দ্ৰ অতি স্পৰ্শকাতৰ, ২৮ টা ভোটকেন্দ্ৰ স্পৰ্শকাতৰ বুলি জনায় । লগতে চিদলী সমষ্টিৰ ভোট কেন্দ্ৰ সমূহক ৯ টা জ'ন আৰু ২৬ টা ছেক্টৰত ভাগ কৰা হৈছে । ভোট কেন্দ্ৰলৈ ইভিএম কঢ়িয়াই নিয়া গাড়ীত জিপিএছৰ ব্যৱস্থাও থাকিব বুলি জনায় । ১৫ টা ভোট কেন্দ্ৰত লাইভৰ ব্যৱস্থা থাকিব আৰু অতি স্পৰ্শকাতৰ তথা স্পৰ্শকাতৰ ভোট কেন্দ্ৰ সমূহত চিচি টিভিৰ ব্যৱস্থা কৰিব বুলিও জানিবলৈ দিয়ে।

আনহাতে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তই ১০ মাৰ্চত সমাগত লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পাচত কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৩৩ নম্বৰ বিজনী বিধান সভা সমষ্টিত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে বিজনী মহকুমা প্ৰশাসনে প্ৰস্তুতি অব্যাহত ৰাখিছে ৷ সোমবাৰে বিজনী মহকুমা প্ৰশাসনৰ আহ্বানত মহকুমাধিপতিৰ কাৰ্যালয় সভা কক্ষত বিজনীৰ ৰাজনৈতিক দল, সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ স'তে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা সন্দৰ্ভত এক সভা অনুষ্ঠিত হয় ৷

Intro:চিৰাঙত আগন্তক লোক সভা নিৰ্ব্বাচন উপলক্ষে জিলাখনৰ দুটা বিভান সভা সমষ্ঠী ক্ৰমে চিদলী বিধান সভা সমষ্ঠী আৰু বিজনী বিধান সভা সমষ্ঠীত পৃথকে পৃথকে নিৰ্ব্বাচনী আচৰনবিধি বলবৎ সম্পৰ্কে সভা অনুষ্ঠিত হয় । চিদলী সমষ্ঠিত নিৰ্ব্বাচনি বিষয়া চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰে জিলাখনৰ সকলো বিভাগ সামৰি বিষয়া,বিভিন্ন ৰাজনৈতিক দলৰ নেতা,সংবাদ মাধ‍্যমৰ লোকৰ উপস্থিতিত নিৰ্ব্বাচনি আতৰন বিধি সম্পৰ্কে জনোৱাৰ লগতে চিদলী সমষ্ঠিত ২৬৯ টা ভোট কেন্দ্ৰৰ ২ টা ভোটকেন্দ্ৰ অতি স্পৰ্শকাতৰ,২৮ টা ভোটকেন্দ্ৰ স্পৰ্শকাতৰ বুলি জনায় । লগতে জনায় যে চিদলী সমষ্ঠিৰ ভোট কেন্দ্ৰ সমূহক ৯ টা জোন আৰু ২৬ টা ছেক্টৰত ভাগ কৰা হৈছে । ভোট কেন্দ্ৰলৈ ইভিএম কঢ়িয়াই নিয়া গাড়ীত জিপিএছৰ ব‍্যৱস্থা থাকিব। ১৫ টা ভোট কেন্দ্ৰত লাইভৰ ব‍্যৱস্থা থাকিব, আৰু অতি স্পৰ্শ কাতৰ তথা স্পৰ্শকাতৰ ভোট কেন্দ্ৰ বোৰত চিচিটিভিৰ ব‍্যৱস্থা কৰিব ।
সাধাৰণ লোকসভা সন্দৰ্ভত বিজনীত নিৰ্বাচন বিভাগৰ সভা । দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তই কালি সমাগত লোক সভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পাছত কোকৰাঝাৰ লোক সভা সমষ্টিৰ অন্তৰ্গত ৩৩ নম্বৰ বিজনী বিধান সভা সমষ্টিত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে বিজনী মহকুমা প্ৰশাসনে প্ৰস্তুতি অব্যাহত ৰাখিছে ৷ আজি বিজনী মহকুমা প্ৰশাসনৰ আহ্বানত মহকুমাধিপতিৰ কাৰ্যালয় সভা কক্ষত বিজনীৰ ৰাজনৈতিক দল, সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ স'তে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা সন্দৰ্ভত এক সভা অনুষ্ঠিত হয় ৷ বিজনী মহকুমাৰ মহকুমাধিপতি তথা জিলা নিৰ্বাচনী বিষয়া দিঠকানন্দ হাজৰিকাৰ পৌৰহিত্যত   অনুষ্ঠিত সভাত নিৰ্বাচন বিভাগে দিয়া নিৰ্দেশনা সন্দৰ্ভত প্ৰকাশ কৰে জিলা নিৰ্বাচনী বিষয়াই ৷ উল্লেখ্য যে, ৩৩ নম্বৰ বিজনী বিধান সভা সমষ্টিত এই মুঠ ভোট গ্ৰহণ কেন্দ্ৰ হৈছে ২০১ টা ৷  সমষ্টিটোত নিৰ্বাচন পৰিচালনাৰ বাবে পাঁচটা জ'নত ভাগ কৰাৰ লগতে ২১ টা চেক্টৰত ভাগ কৰা হৈছে ৷ নিৰ্বাচনৰ নিৰ্দেশনা আৰু পৰিচালনাৰ দিশ সম্পৰ্কত অনুষ্ঠিত সভাত বিজনী বিধান সভা সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰী, মহকুমা নিৰ্বাচন বিষয়া লুকুমণি বৰা, ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ লগতে বিজনীৰ সংবাদ মাধ্যমপ প্ৰতিনিধি উপস্থিত থাকে ৷

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।




Body:কোনো বাইট নাই


Conclusion:নিৰ্ব্বাচনি সভা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.