ETV Bharat / state

চিৰাঙত ৩২৫ গৰাকী মেধাৱীৰ মাজত বিতৰণ কৰা হ’ল আনন্দৰাম বৰুৱা বঁটা

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 7:56 PM IST

Anundoram Borooah Award
চিৰাঙত আনন্দৰাম বৰুৱা বঁটা প্ৰদান

চিৰাঙৰ সদৰ কাজলগাঁৱতো প্ৰদান কৰা হয় আনন্দৰাম বৰুৱা বঁটা ৷ চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ উপস্থিতিত প্ৰদান কৰা হয় আনন্দৰাম বৰুৱা বঁটা ।

চিৰাঙত আনন্দৰাম বৰুৱা বঁটা প্ৰদান

চিৰাং, 29 নৱেম্বৰ : সমগ্ৰ ৰাজ্যৰ লগতে চিৰাং জিলা সদৰ কাজলগাঁৱতো বুধবাৰে প্ৰদান কৰা হয় আনন্দৰাম বৰুৱা বঁটা ৷ চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ উপস্থিতিত আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয় ।

বঁটা প্ৰদান অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় ‘‘ চিৰাং জিলাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল যোৱা বছৰত ৰাজ্যৰ ভিতৰতে ভাল হৈছে । তাক আমি ভাল বুলি ক’ব নোৱাৰি, ইয়াক ধৰি ৰখাটোহে আমাৰ দায়িত্ব হ’ব ৷’’

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এইসমূহ বঁটা প্ৰদানে ভৱিষ্যত প্ৰজন্মক উৎসাহিত কৰে । মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ উদ্দেশ্য আগত ৰাখি ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫শতাংশ অথবা ষ্টাৰ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটাৰ অধীনত প্ৰতিগৰাকীক ১৫ হেজাৰ টকাৰ চেক বিতৰণ কৰা হয় ।

বুধবাৰে কাজলগাঁৱৰ পেৰেড গ্ৰাউণ্ডত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত ১৬৫ গৰাকী ছাত্ৰ আৰু ১৬০ গৰাকী ছাত্ৰীসহ মুঠ ৩২৫ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীৰ মাজত আনন্দৰাম বৰুৱা বঁটাৰ চেক্ প্ৰদান কৰা হয় ৷ আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিজনী সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিচিৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, ডাঃ পি উদয় প্ৰবীণ, জিলা আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাৰ লগতে জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা শিক্ষাগুৰু, অভিভাৱক আৰু মেধাৱী ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ।

আনহাতে বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান‌ কৰি অহা আনন্দৰাম বৰুৱা বঁটা পৰৱৰ্তী বৰ্ষৰ পৰা আনন্দৰাম বৰুৱা বৃত্তিলৈ ৰূপান্তৰিত হ'ব ৷ বুধবাৰে গুৱাহাটীত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে এই কথা সদৰী কৰে ৷

লগতে পঢ়ক : বঁটা নহয়, এইবাৰ ছাত্ৰ-ছাত্ৰীয়ে পাব আনন্দৰাম বৰুৱা বৃত্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.