ETV Bharat / state

বিধ্বংসী ৰূপ ধাৰণ আই নদীৰ খহনীয়াৰ

author img

By

Published : Sep 24, 2020, 2:11 PM IST

aie river erosion in Chirang assam etv bharat news
আই নদীৰ খহনীয়া

চিৰাঙত অব‍্যাহত আই নৈৰ খহনীয়া ৷ ভূটানৰ পৰা অহা বাঢ়নী পানীৰ ফলত পুনৰাই উফন্দি উঠিছে আই নৈৰ বক্ষ ৷ ফলত চপৰা-চপৰে বিস্তীৰ্ণ ভূমি জাহ গৈছে নদীৰ বুকুত ৷ আজিলৈকে সমাধান নহ’ল এই সমস্যা ৷

চিৰাং,24 চেপ্তেম্বৰ: চিৰাং জিলাৰ বৃহত্তৰ বেংতল ৰাণীসুন্দৰী অঞ্চলত অব্যাহত আছে আই নদীৰ খহনীয়া ৷ ভূটানৰ পাদদেশ হিচাপে পৰিচিত চিৰাঙত পূৰ্বৰ তুলনাত বৰষুণৰ মাত্ৰা অধিক হোৱাত ফেনে-ফোটোকাৰে বাঢ়ি আহিছে নদীসমূহৰ বুকু ৷ জিলাখনৰ মাজেৰে বৈ যোৱা খৰস্ৰোতা আই নৈৰ বাঢ়নী পানীয়ে খহাই নিছে হেজাৰ হেজাৰ বিঘা কৃষি ভূমি ৷ চলিত বৰ্ষতো একেই অৱস্থা পৰিলক্ষিত হৈছে চিৰাঙত ৷ এই সমস্যা দিনক দিনে বৃদ্ধি হোৱাৰ পিছতো প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে ৷

আই নদীৰ খহনীয়া

উল্লেখ্য যে,এইবেলি বাৰিষাৰ বানৰ তাণ্ডৱ অব্য়াহত থকাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমণ কৰি বান পৰিস্থিতি পৰিদৰ্শন কৰি জনসাধাৰণৰ মনৰ বুজ লৈছিল ৷ মুখ্যমন্ত্ৰীগৰাকীক এই কাৰ্যসূচীত সংগ প্ৰদান কৰিছিল জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ পৰিস্থিতি পৰিদৰ্শনৰ বাবে চিৰাঙলৈয়ো আহিছিল মুখ্যমন্ত্ৰী সোণোৱাল ৷ ৰাইজক আশ্বাস দিছিল শীঘ্ৰে এই সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ ৷ কিন্তু মুখ্যমন্ত্ৰীৰ পৰিদৰ্শনৰ প্ৰায় তিনি মাহ উকলাৰ পিছতো আজিও খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰ তথা জলসিঞ্চন বিভাগে ৷

aie river erosion in Chirang assam etv bharat news
বিস্তৰ ক্ষতিসাধন কৃষি ভূমিৰ

লগতে চাওকঃ পথ দুৰ্ঘটনাত থিতাতে নিহত যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.