ETV Bharat / state

উচ্ছেদ অভিযানৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ এবিএমছুৰ

author img

By

Published : Jun 10, 2021, 11:11 AM IST

ৰাজ্য চৰকাৰৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে এবিএমছুৰ চিৰাং জিলা সমিতিয়ে ৷ ইতিমধ্যে কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে এবিএমছুয়ে ৷ চিৰাং জিলা উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰা হৈছে এই স্মাৰক পত্ৰ ৷

memorandum to CM against eviction
উচ্ছেদৰ অভিযানৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী লৈ স্মাৰকপত্ৰ প্ৰেৰণ এবিএমছুৰ

চিৰাং,10 জুন : অসম চৰকাৰৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে সমগ্ৰ বিটিচিৰ লগতে চিৰাং জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী লৈ স্মাৰকপত্ৰ প্ৰদান কৰিছে এবিএমছুৱে ৷ ক'ভিডে সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসীক অনিশ্চিয়তাৰ মাজলে লৈ যোৱাৰ সমান্তৰালভাৱে বান-খহনীয়াত জীয়াতু ভুগিবলগীয়া হৈছে ৰাইজে ৷

memorandum to CM against eviction
উচ্ছেদৰ অভিযানৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী লৈ স্মাৰকপত্ৰ প্ৰেৰণ এবিএমছুৰ

এনে সময়তে অসম চৰকাৰে চলোৱা উচ্ছেদ অভিযানক তীব্ৰ ভাষাৰে গৰিহণা দিছে এবিএমএছুৰ চিৰাং জিলা সমিতিয়ে ৷ এক স্মাৰক পত্ৰৰ জৰিয়তে উচ্ছেদৰ পূৰ্বে সংস্থাপনৰ ব্যৱস্থা কৰা, ভূমিহীন লোকক ভূমি প্ৰদান কৰা, খহনীয়াত গৃহহীন হোৱা লোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা আদি কেইবাটাও দাবী জনাইছে ৷

লগতে পঢ়ক: মৰিয়নীৰ ৰাজপথত দাওদাওকৈ জ্বলিল মালবাহী ট্ৰাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.