ETV Bharat / state

বিটিআৰ চুক্তি সন্দৰ্ভত চিৰাঙত বিস্ফোৰক মন্তব্য এবিএমছুৰ

author img

By

Published : Nov 12, 2020, 8:16 AM IST

Updated : Nov 12, 2020, 2:20 PM IST

বিটিআৰ চুক্তি সন্দৰ্ভত চিৰাঙত বিস্ফোৰক মন্তব্য সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা(এবিএমছু)ৰ সাধাৰণ সম্পাদক টাইচন হুচেইনৰ ৷ বিটিআৰ চুক্তি ৰূপায়ন আৰু বিটিচি নিৰ্বাচনক শাসকপক্ষই একাকাৰ কৰি ৰাইজক বিভ্ৰান্তিৰে ভোট আদায়ৰ নিকৃষ্ট ৰাজনীতি কৰি আছে ৷ বিটিআৰ চুক্তিৰ ৭.২ নং দফা মতে জনজাতীয় লোকৰ বাহিৰে আন লোকক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে । এই অৱস্থাত দীৰ্ঘ দিনৰ পৰা বসবাস কৰি অহা লোক সকল ভূমিহীন হ'ব ৷ হাগ্ৰামা মহিলাৰীৰ লগতে প্ৰমোদ বড়োকো কটাক্ষ কৰে ছাত্ৰ নেতাজনে ৷

As_Chg_ABMSU_GS_against_on_BTR_policy_vis_10012
বিটিআৰ চুক্তি সন্দৰ্ভত চিৰাঙত বিস্ফোৰক মন্তব্য এবিএমছুৰ

চিৰাং,12 নৱেম্বৰ: সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা(এবিএমছু)ৰ সাধাৰণ সম্পাদক টাইচন হুচেইনে বিটিআৰ চুক্তি সন্দৰ্ভত চিৰাঙত বিস্ফোৰক মন্তব্য । ছাত্ৰ নেতাজনে কয় যে, বিটিআৰ চুক্তি ৰূপায়ন আৰু বিটিচি নিৰ্বাচনক শাসকপক্ষই একাকাৰ কৰি ৰাইজক বিভ্ৰান্তিৰে ভোট আদায়ৰ নিকৃষ্ট ৰাজনীতি কৰি আছে । বিটিআৰ চুক্তি ৰূপায়ণৰ পিছৰে পৰা ছাত্ৰ সংগঠনটোৱে একপক্ষীয় চুক্তি বুলি দাবী কৰি আছিল। এই চুক্তিয়ে বিটিচি অঞ্চলৰ সকলো অজনজাতীয় লোকক সাংঘাতিক ভাৱে ক্ষতি কৰিব । ইয়াত সকলো অধিকাৰ পদদলিত কৰাৰ লগতে ভূমিৰ অধিকাৰ কাঢ়ি লোৱা হৈছে । বিটিআৰ চুক্তিৰ ৭.২ নং দফা মতে জনজাতীয় লোকৰ বাহিৰে আন লোকক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে । স্বাধীনতাৰ পিচৰে পৰা এই অঞ্চলত কোনো জড়িপ হোৱা নাই আৰু ভূমি পট্টাও প্ৰদান কৰা নাই । গতিকে এই অৱস্থাত দীৰ্ঘ দিনৰ পৰা বসবাস কৰি অহা লোক সকল ভূমিহীন হ'ব ৷ ভূমিৰ সমস্যাটো এই অঞ্চলৰ এক প্ৰধান সমস্যা । বিটিচিৰ লাখ লাখ জনসাধাৰণক লগত লৈ এবিএমছুয়ে আন্দোলন কৰিব ।

বিটিআৰ চুক্তি সন্দৰ্ভত চিৰাঙত বিস্ফোৰক মন্তব্য এবিএমছুৰ

তেওঁ প্ৰমোদ বড়োক প্ৰত্যাহ্বান জনাই কয় যে, প্ৰমোদ বড়োৰ যদি সৎ সাহস আছে তেন্তে বিটিআৰ চুক্তিক লৈ ৰাজনীতি কৰক কিন্ত ইয়াৰ পূৰ্বে বিটিআৰ চুক্তিৰ সকলো দফাসমুহ এবাৰ ৰাইজৰ আগত উত্থাপন কৰি দিয়ক । তাত কি লিখা আছে সেয়া ৰাইজেও শুনক । তাৰ পিছত যদি ৰাইজে সমৰ্থন কৰে তাত ক'বলগীয়া নাই । স্পষ্ট কথা যে বিটিআৰ চুক্তি লৈ তেওঁলোকে ৰাজনীতি কৰিছে , মিছা মাতিছে । গতিকে ইয়াৰ অধিকাংশ লোকৰ অধিকাৰ খৰ্ব কৰাৰ বাবে প্ৰমোদ বড়োই ৰাজনীতি কৰি আছে ৷

লগতে কয় যে, বিগত সময়ছোৱাত যিদৰে হাগ্ৰামা মহিলাৰীয়ে প্ৰতাৰণা কৰিলে একেদৰেই পৰিৱৰ্তনৰ নামত প্ৰমোদ বড়োইও প্ৰতাৰণা কৰিব সেয়া নিশ্চিত । এবিএমছুয়ে আজিলৈ কোনো ৰাজনৈতিক দলক সমৰ্থন কৰা নাই বুলি স্পষ্ট কৰি দি কয় যে, প্ৰাক্তন কৰ্মী সকলে যদি ৰাজনৈতিক দলত গৈছে তাত ক'বলগীয়া নাই । কিন্ত আমি দীৰ্ঘদিনে আন্দোলন কৰি আছো আন্দোলন কৰিয়ে যাম ৷ গতিকে এই বিষয়ে কম সময়ৰ ভিতৰতে ৰাজ্যিক পৰ্য্যায়ত বিটিআৰ চুক্তি লৈ গুৱাহাটীত এক বুদ্ধিজীৱি সন্মিলন কৰি আন্দোলন কৰাৰ ব্যৱস্থা কৰা হ'ব । ইতিমধ্যে বিটিচিৰ চুকে কোনে বিটিআৰ চুক্তিৰ ভয়ানক দিশৰ বিষয়ে ৰাইজক অৱগত কৰাৰ বাবে সভা সমিতি আদি কৰা হৈ আছে ।

লগতে পঢ়ক:এইবাৰ দিপাৱলীত ফটকা বৰ্জনৰ আহ্বান ইলোৰা বিজ্ঞান মঞ্চৰ

Last Updated : Nov 12, 2020, 2:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.