ETV Bharat / state

45 হাজাৰ লোকৰ যাতায়তৰ একমাত্ৰ সম্বল ঠেলা আৰু নাও

author img

By

Published : Aug 13, 2020, 8:00 PM IST

য'ত ঠেলা-নাৱেই ৰাইজৰ সম্বল
য'ত ঠেলা-নাৱেই ৰাইজৰ সম্বল

সম্পূৰ্ণ হ'ল স্বাধীনতাৰ 73 টা বছৰ ৷ কিন্তু উন্নয়ন কিমান হ'ল এই সুদীৰ্ঘ সময়ত ? এতিয়াও ঠেলা, সাঙি, টুলুঙা নাৱেই যাতায়তৰ ভৰসা হৈ আছে অসমৰ বহু অঞ্চলত ৷

চিৰাং, 13 আগষ্ট: ভিন্ন সময়ত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে দাবী কৰি আহিছে অসমৰ স্বাস্থ্য বিভাগ দেশৰ ভিতৰতে উন্নত আৰু আগবঢ়া ৷ কিন্তু বিভাগটোৰ উন্নয়নৰ নমুনা দেখিলে চকু কপালত উঠিব আপোনাৰো ৷ চিৰাং জিলাৰ অন্যতম বৃহত্তৰ অঞ্চল নাঙলভাঙা ৷ এফালে নাঙলভাঙা নদী আৰু আনফালে আই নদী ৷ দুয়োখন নদীৰ মাজতে অৱস্থিত ৪৫ খন গাঁৱেৰে ভৰা এক বৃহত্তৰ অঞ্চল ৷ য'ত বসবাস কৰি আছে প্ৰায় ৪০ ৰ পৰা 45 হাজাৰ লোকে ৷

ঠেলা-নাৱেই ৰাইজৰ সম্বল এই অঞ্চলত
ঠেলা-নাৱেই ৰাইজৰ সম্বল এই অঞ্চলত

শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 19.7 লাখ পৰিয়ালৰ বাব 830 কোটি টকাৰ এক আঁচনি ঘোষণা কৰিছে চৰকাৰে ৷ এই আঁচনিৰ জৰিয়তে চৰকাৰে ঔষধ আদি ক্ৰয়ৰ ক্ষেত্ৰত হিতাধিকাৰী সকলক মাহিলী বিত্তীয় সাহায্য প্ৰদান কৰিব বুলি উল্লেখ কৰিছিল বিত্ত তথা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আঁচনিখনৰ জৰিয়তে বিশেষকৈ মহিলা সকল উপকৃত হ'ব বুলিও উল্লেখ কৰে তেওঁ ৷ কিন্তু তেনে সময়তে চিৰাঙৰ এই অঞ্চলটোত ৰোগৰ নামত উপেক্ষিত হৈ ৰ'ল এগৰাকী মহিলা ৷

নাঙলভাঙা অঞ্চলত ৰোগাগ্ৰস্তৰ দুৰ্দশা
নাঙলভাঙা অঞ্চলত ৰোগাগ্ৰস্তৰ দুৰ্দশা

নৈৰ ওপৰত এখনো দলং নথকা অঞ্চলটোৰ লোকৰ মাজৰ একমাত্ৰ ভৰসা টুলুঙা নাও কিম্বা ঠেলা ৷ যাৰ বাবে ভিন্ন সময়ত বহু অসুবিধৰ সন্মুখীন হৈ আহিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ৷ ব্যতিক্ৰম নহ'ল মঙলবাৰৰ দিনটোও ৷ সুচল যাতায়াতৰ অভাৱত গুৰুতৰভাৱে অসুস্থ লোকক কঢ়িয়াই আনিবলগীয়া হ'ল টুলুঙা নাও আৰু ঠেলাত ৷ যাতায়াতটো বাদেই এখন সাধাৰণ চিকিৎসালয়ৰো ব্যৱস্থা নাই নদীদ্বীপ সদৃশ অঞ্চটোত ৷ বহু চৰকাৰ আহিল আৰু গ'ল ৷ কিন্তু কেৱল নিৰ্বাচনী ইচ্যু হৈয়েই থাকি গ'ল বৃহত্তৰ অঞ্চলটোৰ দীৰ্ঘদিনীয়া সমস্যা ৷ বহুবাৰ চৰকাৰ তথা স্থানীয় জন প্ৰতিনিধিক বৃহত্তৰ অঞ্চলটোৰ ৰাইজে তেওঁলোকৰ সমস্যা সমাধানৰ বাবে অনুৰোধ জনাই আহিছে যদিও, কেৱল প্ৰতিশ্ৰুতিতে সীমাবদ্ধ হৈ আছে তেওঁলোকৰ সেই অনুৰোধ ৷ সমাধানৰ নামত তেওঁলোকে আজি পৰ্যন্ত নাপালে কোনো সহাঁৰি ৷ আনকি চৰকাৰে ঘোষণা কৰা নৌকা এম্বুলেঞ্চৰ পৰাও বঞ্চিত হৈ ৰ'ল অঞ্চলটোৰ লোক ৷

উন্নয়নৰ নমুনাৰে পৰিপুষ্ট এটা অঞ্চল, য'ত ঠেলা-নাৱেই ৰাইজৰ সম্বল

কোনো সুচল চিকিৎসাৰ ব্যৱস্থা আৰু নৌকা এম্বুলেঞ্চ নথকা অঞ্চটোৰ অসহায় ৰাইজে এতিয়াও বহু আশাৰে বাট চাই ৰৈছে চৰকাৰৰ এধানি সহায়ৰ বাবে ৷ ভিন্ন মাধ্যমযোগে তেওঁলোকে আজিও বাৰম্বাৰ অনুৰোধ জনাই আহিছে চৰকাৰক ৷ তেওঁলোকক মাথোঁ লাগে এখন নৌকা এম্বুলেঞ্চ বা চিকিৎসালয় ৷ যদি চৰকাৰৰ বাবে এইয়াও সম্ভৱ নহয়, তেন্তে সুচল যাতায়াতৰ বাবে তেওঁলোকে বিচাৰিছে এখন দলং ৷ এতিয়া প্ৰশ্ন হয় দীৰ্ঘদিনে উপেক্ষিত হৈ অহা বৃহত্তৰ অঞ্চলৰ ৰাইজে চৰকাৰৰ পৰা পাবনে কোনো সহাঁৰি ? নে এনেদৰেই ওৰেটো জীৱন এনেদৰে দুৰ্দশাৰ মাজেৰেই কটাব লাগিব তেওঁলোকে ?

লগতে পঢ়ক: চিৰাঙত চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে অভিযান বন বিভাগৰ: বন কৰ্মীক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.