হাগ্ৰামা দলঙৰ সমীপৰ আই নৈত সন্ধানহীন 24 বছৰীয়া যুৱক

author img

By

Published : Sep 16, 2021, 9:43 PM IST

24-year-old missing in ai  River near Hagrama Bridge

চিৰাঙৰ আই নৈত বিয়লিৰ ভাগত সংঘটিত হয় এক শোকাৱহ ঘটনা । আই নৈত গা ধুবলৈ সন্ধানহীন ২৪ বছৰীয়া যুৱক ৷ যুৱক জনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে SDRF ৰ এটা দলে ৷

চিৰাং, 16 ছেপ্টেম্বৰ : চিৰাঙৰ আই নৈত বিয়লিৰ ভাগত সংঘটিত হয় এক শোকাৱহ ঘটনা । আই নৈত গা ধুবলৈ নামি তিব্ৰ সোঁতত উঠি যায় ২৪ বছৰীয়া এজন যুৱক । সন্ধানহীন হোৱা যুৱকজনৰ নাম খগেন মজুমদাৰ বুলি জানিব পৰা গৈছে ৷

বিজনীৰ ১ নং দক্ষিণ মাক্ৰাগাঁৱৰ গাঁওবুঢ়া মতিন মজুমদাৰৰ একমাত্ৰ পুত্ৰ খগেন মজুমদাৰে ৮ গৰাকী বন্ধুৰ সৈতে বিয়লিৰ ভাগত হাগ্ৰামা দলঙৰ কাষত আই নৈত গা ধুবলৈ আহিছিল । গা ধুই থকাৰ অৱস্থাতে উক্ত ঘটনাটো সংঘটিত হয় ৷ পৰবৰ্তী সময়ত ঘটনাৰ খবৰ লাভ কৰি আমগুৰি থানাৰ আৰক্ষী আৰু কাজলগাঁৱৰ পৰা এচডিআৰএফৰ এটা দল হাগ্ৰামা দলঙৰ সমীপৰ ঘটনা স্থলীত উপস্থিত হয় ।

হাগ্ৰামা দলঙৰ সমীপৰ আই নৈত সন্ধানহীন 24 বছৰীয়া যুৱক

লগতে পঢ়ক: চিৰাঙত "জল জীৱন মিছন" আঁচনিৰ কামৰ পৰ্যালোচনা কৰিলে প্ৰমোদ বড়োৱে

বৰ্তমান SDRF ৰ এটা দলে যুৱকজনৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ ইয়াৰ সমান্তৰালভাৱে যুৱকজনৰ সতীৰ্থ সকলক সোধ-পোচ অব্যাহত ৰাখিছে আমগুৰিৰ আৰক্ষীয়ে ৷

স্থানীয় লোকৰ অভিযোগ কৰা মতে, ঘটনা সংঘটিত ঠাইলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহে । হাগ্ৰামা দলঙৰ সমীপৰ আই নৈৰ পাৰত সন্ধিয়া পৰত প্ৰায়ে যুৱক-যুৱতীৰ আড্ডা চলে ৷ তদুপৰি হাগ্ৰামা দলঙৰ তলত প্ৰায়ে অনৈতিক কাৰ্যকলাপ সংঘটিত হয় বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক: নৰেন্দ্র মােডীৰ জন্মদিনৰ উপলক্ষে সেৱা আৰু সমর্পণ অভিযান যুৱ মৰ্চাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.