ETV Bharat / state

পশ্চিমবংগত উদ্ধাৰ অসমৰ অপহৃত দুই যুৱক

author img

By

Published : Oct 5, 2021, 8:47 AM IST

পশ্চিমবংগৰ বৰ্ধমান জিলাৰ আণ্ডালৰ পৰা উদ্ধাৰ অসমৰ অপহৃত দুই যুৱক ৷ সোণাৰি আৰক্ষীৰ তৎপৰাত আণ্ডাল আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱকদ্বয়ক ৷ লগতে ঘটনাৰ লগত জড়িত এজনক পিষ্টলসহ আটক কৰিছে আৰক্ষীয়ে ৷ অধিক জানিবলৈ সবিশেষ পঢ়ক...

two-kidnapped-youths-from-assam-rescued-in-west-bengal
পশ্চিমবংগত উদ্ধাৰ অসমৰ অপহৃত দুই যুৱক

মৰাণ, 5 ছেপ্তেম্বৰ : চৰাইদেউৰ সোণাৰি আৰক্ষী(Sonari Police)ৰ বৃহৎ সাফল্য ৷ সোমবাৰে পশ্চিম বংগৰ বৰ্ধমান জিলাৰ অন্তৰ্গত আণ্ডালৰ পৰা সোণাৰি আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অসমৰ অপহৃত দুই যুৱকক । সোণাৰি থানাৰ আৰক্ষী বিষয়া প্ৰকাশ শৰ্মাৰ নেতৃত্বত অসম আৰক্ষী(Assam Police)ৰ এটি দলে পশ্চিম বংগৰ আণ্ডাল থানা(Andal Police Station)ত উপস্থিত হৈ অসমৰ দুই যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

পশ্চিমবংগত উদ্ধাৰ অসমৰ অপহৃত দুই যুৱক

যুৱক দুজন সোণাৰিৰ বিতু চেতীয়া আৰু যোৰহাটৰ চাবিৰ চাজাদ আহমেদ বুলি জানিব পৰা গৈছে । যুৱক দুজনক উদ্ধাৰ কৰাৰ উপৰিও পিষ্টলসহ এজন অপহৰণকাৰীক আটক কৰে আৰক্ষীয়ে ৷ প্ৰাপ্ত তথ্য অনুসৰি, বিগত 26 ছেপ্তেম্বৰত বিতু আৰু চাবিৰে কৰ্মসূত্ৰে পশ্চিমবংগৰ বৰ্ধমান জিলালৈ যাত্ৰা কৰিছিল ।

কিন্তু বৰ্ধমান জিলাৰ কোনো এক স্থানৰ পৰা যুৱক দুজনক 6 জনীয়া অস্ত্ৰধাৰী লোকৰ এটা দলে অপহৰণ কৰি তেওঁলোকৰ ATM আৰু নগদ ধন কাঢ়ি লৈ যায় ৷ ইফালে বিতু আৰু চাবিৰৰ মুক্তিপণৰূপে পৰিয়ালক 20 লাখকৈ টকা দাবী কৰিছিল অপহৰণকাৰী দলটোৱে ৷ ঘটনা সন্দৰ্ভত বিতুৰ পৰিয়ালে 29 ছেপ্তেম্বৰত সোণাৰি থানাত এখন এজাহাৰ দাখিল কৰে ।

two-kidnapped-youths-from-assam-rescued-in-west-bengal
পশ্চিমবংগত উদ্ধাৰ অসমৰ অপহৃত দুই যুৱক

ইয়াৰ পাচতে সোণাৰি আৰক্ষীয়ে যুৱকদ্বয়ৰ অনুসন্ধান কৰি ম’বাইল লোকেশ্যনৰ জৰিয়তে আণ্ডাল আৰক্ষীক খবৰ দিয়ে ৷ আণ্ডাল আৰক্ষীয়ে তদন্ত কৰি যুৱকদ্বয়ক উদ্ধাৰ কৰে আৰু 6 জনীয়া অপহৰণকাৰী দলটোৰ ধীৰজ সিং নামৰ অপহৰণকাৰীটোক আটক কৰিবলৈ সক্ষম হয় ৷

ধৃত ধীৰজ সিঙৰ পৰা দুটাকৈ পিষ্টল উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ আনহাতে, বিতু আৰু চাবিৰক অসমলৈ লৈ গৈ পৰিয়ালৰ হাতত গতাই দিয়ে সোণাৰি আৰক্ষীয়ে । আৰক্ষীৰ সহযোগিতাৰে নিজ নিজ পুত্ৰক ঘূৰাই পাই সোণাৰি আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে যুৱকদ্বয়ৰ লগতে তেওঁলোকৰ পৰিয়ালে ৷

লগতে পঢ়ক : পক্ষী হত্যা কৰি কাণত ধৰি উঠ-বহ কৰিলে দুৰ্বৃত্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.