ETV Bharat / state

Anti-drug Operation : সোণাৰিত আটক ড্ৰাগছ আসক্ত যুৱক আৰু ব্যৱসায়ী

author img

By

Published : Nov 14, 2021, 8:13 PM IST

ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে চৰাইদেউ জিলাত পুনৰ দুই ড্ৰাগছ আসক্ত যুৱক আৰু এগৰাকী ড্ৰাগছ ব্যৱসায়ী আটক । ধৃত তিনিও গৰাকীকে সোণাৰি আৰক্ষী থানাত সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

Sonari
সোণাৰিত আটক ড্ৰাগছ আসক্ত যুৱক আৰু ব্যৱসায়ী

মৰাণ,১৪ নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ (Drugs) সৰবৰাহ । অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে যদিও ৰাজ্যৰ বিভিন্ন জিলাত একাংশ লোকে এই নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ অব্যাহত ৰাখিছে । চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই গা কৰি উঠিছে । যাৰ বাবে আৰক্ষীয়ে বিভিন্ন স্থানত পুনৰ আৰম্ভ কৰিছে অভিযান ।

তেনে এক অভিযানৰ মাজতে জিলাখনৰ সোণাৰিত আৰক্ষীৰ জালত পৰিল ড্ৰাগছ আসক্ত দুই যুৱক আৰু এগৰাকী ড্ৰাগছ ব্যৱসায়ী (Drugs dealer) । শনিবাৰে আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই থকা সময়তে ড্ৰাগছ আসক্ত (Drug addict) বাপন মির্ধা আৰু সুমিত দাস নামৰ দুজন যুৱকক আটক কৰে । ধৃত দুই যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিত দেওবাৰে পুনৰ চৰাইদেউ আৰক্ষীয়ে নামতোলাত অভিযান চলায় । এই অভিযানত ড্ৰাগছ ব্যৱসায়ী গমা ৰায় নামৰ এগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয় চৰাইদেউ আৰক্ষী (Charaideo Police) ।

অভিযানত আৰক্ষীয়ে নগদ ১ লাখ ৩০ হাজাৰ ৮৬০ টকা আৰু ১.২৫ গ্ৰাম নিচাযুক্ত দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয় । লগতে ড্ৰাগছ ব্যৱসায়ী গমা ৰায়ৰ ঘৰৰ পৰা ১৪ গ্ৰাম ব্ৰাউন চুগাৰ (Brown sugar) জব্দ কৰা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । বৰ্তমান আটাইকেইগৰাকীকে সোণাৰি আৰক্ষী থানাত সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

উল্লেখ্য যে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছতে অসম আৰক্ষীয়ে (Assam Police) ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছিল । যাৰ ফলস্বৰূপে ৰাজ্যৰ ভিন্ন প্ৰান্তত কোটি কোটি টকাৰ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য জব্দ হৈছিল । ইয়াৰোপৰি বহু ড্ৰাগছ সৰবৰাহকাৰী (Drugs Peddler) তথা ব্যৱসায়ীয়ে জেলৰ ভাত খাব লগীয়া হৈছে । কিন্তু কিছুদিনৰ পৰা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান কমি অহাৰ বাবে পুনৰ ৰাজ্যত ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পাইছে বুলি ৰাইজে সন্দেহ কৰিছে ।

লগতে পঢ়ক :Goalpara Police Firing : পলায়নৰ চেষ্টা কৰি গুলীবিদ্ধ হ’ল ছাদ্দাম হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.