তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Nov 10, 2021, 3:00 PM IST

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ দিশে বিজেপি

বিজেপি হ’বলৈ গৈ আছে অসম বিধানসভাত একক সংখ্যাগৰিষ্ঠ দল ৷ কিয়নো অতিশীঘ্ৰে বিধানসভাৰ 126 খন আসনৰ হয়তো 64 খনতেই থাকিব বিজেপিৰ বিধায়ক ৷


আৰক্ষীৰ হাতত লামডিং সংৰক্ষিত বনাঞ্চল ধ্বংসত জড়িত দালালৰ তথ্য

লামডিং সংৰক্ষিত বনাঞ্চল ধ্বংসত জড়িত একাংশ দালাল ৷ হোজাই আৰক্ষীৰ হাতত আহি পৰিছে একাংশ দালালৰ নাম-ঠিকনা ৷ ইতিমধ্যে দালালৰ সন্ধানত আৰম্ভ হৈছে আৰক্ষীৰ অভিযান ৷

অস্কাৰৰ সাম্ভাব্য তালিকাত অন্তৰ্ভুক্ত অসমীয়া চলচ্চিত্ৰ ‘Bridge’

অসমীয়া পূৰ্ণদৈৰ্ঘৰ ছবি ‘ব্ৰিজ’(Bridge)য়ে অসমীয়া চলচ্চিত্ৰ জগতলৈ কঢ়িয়াই আনিছে আন এক সুখৰ বতৰা ৷ ইতিমধ্যে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা পৰিচালক কৃপাল কলিতা(Kripal Kalita)ৰ এই ছবিখনে শেহতীয়াকৈ স্থান লাভ কৰিছে অস্কাৰ(Oscar)ৰ সাম্ভাব্য তালিকাত ৷

ৰঙিয়াত দ্ৰুত হাৰত ক'ভিড-১৯ ৰ সংক্ৰমণ

ৰঙিয়া মাণ্ডলিক ৰে’ল প্ৰৱন্ধকৰ অধীনৰ ৰঙিয়াৰ কেন্দ্ৰীয় বিদ্যালয়ত ক'ভিড-19ৰ সংক্ৰমণ ৷ ক'ভিড-19ৰ উপস্থিতি ধৰা পৰাৰ লগে লগে স্বাস্থ্য বিভাগৰ দ্বাৰা বিদ্যালয়খনৰ আটাইকেইগৰাকী ক'ভিড সংক্ৰমণ হোৱা ছাত্ৰ-ছাত্ৰীক চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।

দেৰগাঁৱত বিহ দি নিধন শতাধিক শৰালি হাঁহ

শীতকালত ৰাজ্যলৈ আগমন ঘটে ভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ ৷ কিন্তু একাংশ দুৰ্বৃত্তই বিভিন্ন উপায়েৰে হত্যা কৰি আহিছে পক্ষীসমূহক ৷ তেনে এক ঘটনা সংঘটিত হৈছে দেৰগাঁৱত ৷ শেহতীয়াকৈ দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া নপমুৱা-শলমাৰীৰ বিলত হাজাৰ হাজাৰ পৰিভ্ৰমী শৰালি হাঁহ নিধন কৰিছে দুৰ্বৃত্তই ৷ খাদ্যত বিষ দি নিধন কৰা হৈছে এই পক্ষীসমূহক ৷

বন বিভাগৰ চূড়ান্ত অমনোযোগিতাৰ ফল : চৰাইদেউত চলিছে বন ধ্বংস

বন বিভাগৰ চূড়ান্ত অমনোযোগিতা তথা হেমাহিৰ বাবেই বনদস্যুৰ কবলত পৰিছে চৰাইদেউ জিলাৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চল ৷ বনাঞ্চলখনৰ বহু মূল্যৱান গছ কাটি কুণ্ডা পেলাই থোৱাৰ দৃশ্য ইতিমধ্যে বন্দী হৈছে সংবাদ মাধ্যমৰ কেমেৰাত ৷ সোণাৰিৰ নাফুকস্থিত আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনত থকা বনাঞ্চলখনৰ প্ৰায় ১০ কিল’মিটাৰজোৰা এলেকাত থকা মূল্যবান গছসমূহ চোৰাংভাৱে কাটি মজুত ৰাখিছিল দুষ্টচক্ৰই ৷

ত্ৰিপুৰাত নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে ২০ খনকৈ এজাহাৰ CPI(M)ৰ

বিজেপি আৰু চিপিআই(এম)ৰ মাজত অব্যাহত আছে সংঘাত । কৰ্মী আৰু প্ৰাৰ্থীক আক্ৰমণৰ অভিযোগত বিজেপিৰ বিৰুদ্ধে বিভিন্ন থানাত ২০ খনকৈ এজাহাৰ দাখিল কৰিছে চিপিআই(এম) দলে ।

তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত আৰক্ষীৰ গুলীচালনা

তিনিচুকীয়া আৰক্ষীৰ গুলীচালনাত আঘাতপ্ৰাপ্ত অভিযুক্ত ৷ পলায়নৰ চেষ্টা কৰোতে অভিযুক্তক উদ্দেশ্যি গুলীচালনা কৰিলে আৰক্ষীয়ে ৷

নাছাই ২০২৫ চনলৈকে পিছুৱালে চন্দ্ৰত মহাকাশচাৰী অৱতৰণৰ সময়সূচী

স্পেচএক্সক (SpaceX) চন্দ্ৰ লেণ্ডাৰ নিৰ্মাণৰ বাবে প্ৰদান কৰা একক উৎসৰ চুক্তিক লৈ হোৱা প্ৰতিবাদৰ ফলত নাছাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে । পলম হোৱাৰ আন এটা কাৰণ ট্ৰাম্প প্ৰশাসনে নিৰ্ধাৰণ কৰা ২০২৪ চনৰ সময়সীমা, যিটো কাৰিকৰী সম্ভাৱ্যতাৰ ওপৰত আধাৰিত নাছিল ।

বিবাহপাশত আৱদ্ধ হ'ল শান্তিৰ নোবেল বঁটা বিজয়ী মালালা ইউছুফজাই

বৈবাহিক জীৱনৰ পাতনি মেলিলে শান্তিৰ নোবেল বঁটা বিজয়ী মালালা ইউছুফজায়ে(Malala Yousafzai) । বাৰ্মিংহামত অনুষ্ঠিত বিবাহৰ অনুষ্ঠানৰ ফটো টুইটযোগে শ্বেয়াৰ কৰিলে মালালাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.