ETV Bharat / state

গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল টাইপা

author img

By

Published : Jun 24, 2020, 6:06 PM IST

গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল টাই আহোম যুৱ পৰিষদ ৷ পশ্চিমবংগৰ বাঙালী সমাজৰ অসমীয়া বিদ্বেষী আচৰণ আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অপমান কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিলে টাই আহোম যুৱ পৰিষদে ৷

Taipa protest at at charaideo
চৰাইদেউত গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল টাইপা

শিৱসাগৰ,24জুনঃ বাঙালী বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীয়ে অসমীয়া জাতিৰ স্বভিমান জাতিৰ পিতৃ পুৰুষ চাওল্যুং চ্যুকাফাক চীনা আক্ৰমণকাৰী বুলি আখ্যা দিয়াৰ সমান্তৰালকৈ অসমত চীনা আক্ৰমণকাৰী চাওল্যুং চ্যুকাফাৰ নামত অসম দিৱস আয়োজন কৰাটো অপ্ৰয়োজনীয় বুলি মন্তব্য কৰি বিতৰ্কত সাঙোৰ খাই পৰে । অসমীয়াৰ স্বভিমানক আঘাত কৰাক লৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ বিভাগৰ নিৰ্দেশত এটি সজাতি দলে গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ পশ্চিমবংগত উপস্থিত হোৱাত পশ্চিমবংগৰ বাঙালী সমাজে বিৰূপ মন্তব্য প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰীক প্ৰতিমূৰ্তি দাহ কৰি অপমান কৰাক লৈ জাঙুৰ খাই উঠিছে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপা নামৰ সংগঠনটো । চৰাইদেউ জিলাৰ সোণাৰি চ্যুকাফা প্ৰতিমূৰ্তিৰ সন্মুখত অৱস্থান কৰি গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে টাইপাৰ কাৰ্যকৰী সভাপতি লোহিত গগৈ । গৰ্গ চেটাৰ্জীৰ উদ্ভত মন্তব্যৰ লগতে অসমৰ মুখ্যমন্ত্ৰীজনক পশ্চিম বংগৰ বাঙালী সমাজে কৰা অপমানক লৈয়ে সৰৱ হৈ পৰিছে টাইপা ।

চৰাইদেউত গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল টাইপা


ঘটনাৰ বিৱৰণীলৈ যদি আমি চাও, ভাৰত-চীন সীমান্তত দুয়োদেশৰ সেনাবাহিনীৰ মাজত সংঘৰ্ষৰ পাছতেই সমগ্ৰ দেশৰ জনসাধাৰণ ক্ষোভিত হৈ পৰিছে চীন প্ৰশাসনৰ বিৰুদ্ধে ৷ সমগ্ৰ ভাৰতে এই বৰ্বৰ ঘটনাৰ বাবে চীনক গৰিহণা দিয়াৰ সময়তে অসমৰ বাসিন্দাক চীনা লোকৰ সৈতে তুলনা কৰি প্ৰৰোচনামূলক মন্তব্য প্ৰদান কৰে কলকাতাৰ গৰ্গ চেটাৰ্জী নামৰ এজন ব্যক্তিয়ে ৷ 17 জুনৰ সন্ধিয়া 9 বাজি 19 মিনিটত গৰ্গ চেটাৰ্জীয়ে নিজৰ টুইটাৰ একাউন্টযোগে বৰ অসমৰ স্ৰষ্টা চাওল্যুং চ্যুকাফাক চীনা আক্ৰমণকাৰী বুলি উল্লেখ কৰিছিল ৷ লগতে চ্যুকাফাৰ প্ৰতিমূৰ্তি স্থাপন কৰি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে ৰাইজৰ কৰৰ অপপ্ৰয়োগ কৰিছে বুলি মন্তব্য কৰিছিল অসম সম্বন্ধে সামান্যতম জ্ঞান নথকা গৰ্গ চেটাৰ্জী নামৰ ব্যক্তি গৰাকীয়ে ৷ অসমীয়াৰ প্ৰাতঃস্মৰণীয় চ্যুকাফা, গৌৰৱোজ্জ্বল 600 বছৰীয়া আহোম শাসন, আহোম সম্প্ৰদায় আৰু অসমীয়া জাতিৰ ওপৰত কৰা বিকৃত আৰু উচটনিমূলক মন্তব্যত জাঙুৰ খাই উঠিছে এতিয়া টাই আহোম যুৱ পৰিষদ ৷

লগতে পঢ়কঃ গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ গৈ অধোমুখে উভতি আহিল অসম আৰক্ষীৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.