ETV Bharat / state

২৫ বছৰে বিনা বেতনে অৱসৰ গ্ৰহণ কৰা এগৰাকী শিক্ষকৰ জীয়া কাহিনী

author img

By

Published : Sep 5, 2022, 10:05 PM IST

Teacher who retired 25 years without pay at Tingkhong
Etv Bharat২৫ বছৰে বিনা বেতনে অৱসৰ গ্ৰহণ কৰা এগৰাকী শিক্ষকৰ জীয়া কাহিনী

২৫ বছৰে বিনা বেতনে অৱসৰ গ্ৰহণ কৰা এজন শিক্ষক ৷ বৰ্তমান শাৰীৰিক আৰু আৰ্থিকভাৱে জুৰুলা শিক্ষকগৰাকী ৷ এই শিক্ষকগৰাকী হৈছে দিগন্ত বৰগোহাঁই ৷ শিক্ষক দিৱসৰ এই বিশেষ দিনটোত শিক্ষক দিগন্ত বৰগোহাঁইক ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয় (Publicly felicitated Teacher Diganta Borgohain at Tingkhong) ৷

ডিব্ৰুগড়, ৫ ছেপ্টেম্বৰ : এগৰাকী অৱসৰী শিক্ষক । জীৱনৰ ২৫ টা বৰ্ষ শিক্ষকতাৰ পবিত্ৰ বৃত্তিত জড়িত থাকি বিনা বেতনে অৱসৰ গ্ৰহণ কৰা এজন শিক্ষকৰ অশেষ ত্যাগ আৰু সামাজিক মূল্যবোধৰ কাহিনী । এগৰাকী শিক্ষক একোডাল মমবাতিৰ দৰে ৷ যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে ৷

নিজে জ্বলি-জ্বলি সমাজ পোহৰ কৰা তেনে এগৰাকী শিক্ষক হৈছে দিগন্ত বৰগোহাঁই । চৰাইদেউ জিলাৰ কাকতিবাৰী কোঁৱৰ গাঁৱৰ পৰা ডিব্ৰুগড় জিলাৰ টিংখাঙৰ মাহমৰাৰ দৰে এটি পিছপৰা অঞ্চলত অৱস্থিত মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়ত ১৯৮৮ চনত হিন্দী শিক্ষক হিচাপে যোগদান কৰে । সুদূৰ কাকতিবাৰী কোঁৱৰ গাঁৱৰ পৰা চাইকেল মাৰি বিদ্যালয়লৈ আহিছিল শিক্ষক দিগন্ত বৰগোহাঁয়ে ৷

উল্লেখ্য যে, ২০১৩ চনলৈ সুদীৰ্ঘ ২৫ বছৰ কাল শিক্ষাৰ পোহৰেৰে ছাত্ৰ-ছাত্ৰীক আলোকিত কৰা দিগন্ত বৰগোহাঁইয়ে এটকাও চৰকাৰী দৰমহা লাভ নকৰিলে (Teacher who retired 25 years without pay )। বিনা বেতনে শিক্ষকতাৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষাগুৰুগৰাকী বৰ্তমান আৰ্থিকভাৱে জুৰুলা আৰু শাৰীৰিকভাৱেও অসুস্থ ।

২৫ বছৰে বিনা বেতনে অৱসৰ গ্ৰহণ কৰা এগৰাকী শিক্ষকৰ জীয়া কাহিনী

আজি শিক্ষক দিৱসৰ (Teachers Day 2022) দিনটোত মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়ত এইগৰাকী শিক্ষকক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় (Publicly felicitated Teacher Diganta Borgohain at Tingkhong)।

লগতে পঢ়ক : অতীতক সুঁৱৰি আবেগিক হৈ পৰিল বৰ্ষীয়ান কৃৰ্তী শিক্ষক তীৰ্থ দেৱ শৰ্মা

সোমবাৰে মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা বিদায় সম্বৰ্ধনা সভাৰ লগতে শিক্ষক দিৱসৰ (Teachers day celebrated at Tingkhong) এই কাৰ্যসূচীত দিগন্ত বৰগোহাঁইৰ লগতে অন্য তিনিগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু ক্ৰমে চম্পা জয়ছোৱাল, যতীন চাংমাই আৰু প্ৰহ্লাদ দানহকো সম্বৰ্ধনা জনোৱা হয় ৷ উক্ত সম্বৰ্ধনা টোপোলাত আছে একোখনিকৈ ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ আৰু একোখন শৰাই ৷

আনহাতে, বিনা বেতনে অৱসৰ গ্ৰহণ কৰা শিক্ষাগুৰু দিগন্ত বৰগোহাঁইৰ মহান অৱদানৰ প্ৰতি সন্মান জনাই প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ তৰফৰ পৰা গুৰু দক্ষিণা হিচাপে কিছু আৰ্থিক উপহাৰৰ টোপোলাও আগবঢ়োৱা হয় । সোমবাৰে আয়োজিত মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় বহুসংখ্যক ৰাইজ আৰু বহু কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : জেহাদীৰ পক্ষত আমি বিন্দু মাত্ৰও সহানুভূতি দেখুওৱা উচিত নহয় : ময়ূৰ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.