ETV Bharat / state

প্ৰধানমন্ত্ৰী মোদীৰ না খাউংগা না খানে দুংগা এটা ডাঙৰ ঝুমলা: গৌৰৱ গগৈ

author img

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 10:09 PM IST

Congress Organizational Meeting : চৰাইদেউ জিলা কংগ্ৰেছৰ এক গুৰুত্বপূৰ্ণ সাংগঠনিক সভাত বিজেপিক সমালোচনা সাংসদ গৌৰৱ গগৈৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধেও তেওঁ সৰৱ হৈ পৰে ।

Congress Organizational Meeting
চৰাইদেউ জিলা কংগ্ৰেছৰ সাংগঠনিক সভা

চৰাইদেউ জিলা কংগ্ৰেছৰ সাংগঠনিক সভা

মৰাণ, ১০ জানুৱাৰী : বিজেপিক পুনৰ ক্ষুৰধাৰ সমালোচনা সাংসদ গৌৰৱ গগৈৰ । শাসক দল বিজেপিৰ নেতা-কৰ্মী সকলে সমগ্ৰ দেশৰ লগতে অসমতো কংগ্ৰেছ দল বৰ্তমান অস্তিত্বহীন বুলি দাবী কৰিলেও কংগ্ৰেছৰ নেতৃত্বই দলটো পুনৰ শক্তিশালী কৰিবলৈ চেষ্টা চলাইছে । আজি চৰাইদেউত এইদৰে বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে সাংসদ গৌৰৱ গগৈ । চৰাইদেউত কংগ্ৰেছৰ এক গুৰুত্বপূৰ্ণ সাংগঠনিক সভাত অংশগ্ৰহণ কৰিবলৈ আহি শাসকীয় দলটোক সমালোচনা কৰে ।

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কাম-কাজৰ লগতে বিজেপিৰ নেতা-কৰ্মী সকলক লক্ষ্য় কৰিয়েই এইদৰে সৰৱ হৈ পৰে সাংসদ গৌৰৱ গগৈ । বুধবাৰে চৰাইদেউ জিলা কংগ্ৰেছৰ এক গুৰুত্বপূৰ্ণ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক এইদৰে তীব্ৰ সমালোচনা কৰিলে গৌৰৱ গগৈয়ে । সাংসদ গৰাকীয়ে কয়, "বিজেপি নেতা সকলে ৰাইজক সেৱা কৰিবলৈ ৰাজনীতি কৰা নাই, কেৱল নিজক ধনী কৰিবলৈ ৰাজনীতি কৰিছে । এতিয়া বিজেপিৰ মন্ত্ৰী-বিধায়কৰ হাতত দহ লক্ষাধিক টকীয়া দামী ঘড়ী, বিলাসী গাড়ীৰ গৰাকী এতিয়া বিজেপিৰ নেতা-মন্ত্ৰীসকল ।"

সাংসদ গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে সমালোচনামুখৰ হৈ পৰে । তেওঁ কয়, "প্ৰধানমন্ত্ৰী মোদীৰ না খাউংগা না খানে দুংগা এটা ডাঙৰ ঝুমলা হ'ল । এতিয়া বিজেপিৰ নেতা-মন্ত্ৰী সকলে লুণ্ঠন চলাইছে । চাহ বাগিচাৰ পৰা ৰিজ'ৰ্টলৈকে সকলো এতিয়া বিজেপি নেতাৰ । কিন্তু সাধাৰণ ৰাইজৰ একো উন্নতি হোৱা নাই । বিজেপি চৰকাৰৰ আইন ধনীৰ বাবে নহয়, সাধাৰণ ৰাইজৰ বাবেহে প্ৰযোজ্য হৈ আছে ।"

ইপিনে,অসমত বিজেপি চৰকাৰৰ বিভিন্ন কেলেংকাৰী ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ ভয়তে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত বাধা সৃষ্টি কৰিছে বুলি মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে ।

লগতে পঢ়ক:অক্ষয় কুমাৰ মিশ্ৰৰ জীৱন ভিত্তিক তথ্যচিত্ৰ তথ্যচিত্ৰ জীৱন তৃষ্ণাৰ শুভ মহুৰত সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.