দুৰ্গা পূজাৰ প্ৰাকক্ষণত অবৈধ সুৰাৰ বিৰুদ্ধে মৰাণহাট আৰক্ষীৰ অভিযান

author img

By

Published : Sep 26, 2022, 9:40 PM IST

Updated : Sep 26, 2022, 9:57 PM IST

দুৰ্গা পূজাৰ প্ৰাকক্ষণত অবৈধ সুৰাৰ বিৰুদ্ধে মৰাণহাট আৰক্ষীৰ অভিযান

সমাগত দুৰ্গা পূজাক কেন্দ্ৰ কৰি সস্তম হৈছে ৰাজ্যৰ আৰক্ষী তথা প্ৰশাসন ৷ সোমবাৰে মৰাণ হিংৰিজান চাহ বাগিচাত আপাৰ টেঙানি লাইনত মৰাণহাট আৰক্ষীয়ে চলাই অভিযান ৷ অভিযানত আৰক্ষীয়ে নষ্ট কৰে কেইবাশ লিটাৰ চুলাই মদ (Moranhat Police operation against illegal wine) ৷

মৰাণ, 26 ছেপ্টেম্বৰ : সমাগত দুৰ্গা পূজাক লৈ প্ৰস্তুতি তুংগত উঠিছে পূজা সমিতিৰ লগতে প্ৰশাসনৰো । পূজাৰ দিন কেইটাত যাতে কোনো ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবে আৰক্ষী প্ৰশাসন সষ্টম হৈ উঠিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষীও তৎপৰ হোৱা পৰিলক্ষিত হৈছে ।

সমাগত দুৰ্গা পূজাক লৈ অবৈধ সুৰাৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে মৰাণহাট আৰক্ষীয়ে । সোমবাৰে মৰাণ হিংৰিজান চাহ বাগিচাত আপাৰ টেঙানি লাইনত অভিযান চলাই আৰক্ষীয়ে কেইবাশ লিটাৰ চুলাই নষ্ট কৰে (Moranhat Police operation against illegal wine) ৷ লগতে চুলাই প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীও জব্দ কৰে ।

Moranhat Police operation against illegal wine
দুৰ্গা পূজাৰ প্ৰাকক্ষণত অবৈধ সুৰাৰ বিৰুদ্ধে মৰাণহাট আৰক্ষীৰ অভিযান

কেৱল সোমবাৰেই নহয়, এই অভিযান প্ৰতিদিনেই চলি থাকিব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

উল্লেখ্য যে, দেওবাৰেও মৰাণহাট আৰক্ষী থানাৰ এলেকাত অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক : পেট্ৰ’ল বোমা বিস্ফোৰণৰ সন্দেহত ১৮ জনক গ্ৰেপ্তাৰ

Last Updated :Sep 26, 2022, 9:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.