পেট্ৰ’ল বোমা বিস্ফোৰণৰ সন্দেহত ১৮ জনক গ্ৰেপ্তাৰ

author img

By

Published : Sep 26, 2022, 4:18 PM IST

18 arrestedin connection with  petrol bomb attack
petrol bomb বিস্ফোৰণৰ সন্দেহত ১৮ জনক গ্ৰেপ্তাৰ ()

যোৱা বৃহস্পতিবাৰে সমগ্ৰ দেশত শতাধিক PFI সদস্যক গ্ৰেপ্তাৰ কৰা হয় । ইয়াৰ পিছতেই কোয়েম্বাটুৰ, মাদুৰাই, ডিণ্ডিগুল, ইৰোড, ৰামনাথপুৰম আৰু কন্যাকুমাৰীত একেৰাহে ৭ টা স্থানত পেট্ৰ'ল বোমা বিস্ফোৰণৰ ঘটনা (petrol bomb attack in Tamil Nadu)সংঘটিত হৈছিল । উক্ত ঘটনা সন্দৰ্ভত ১৮ জন লোকক গ্ৰেপ্তাৰ কৰা (18 arrestedin connection with petrol bomb attack) বুলি বিষয়ে সদৰি কৰিছে আৰক্ষীয়ে ।

নেশ্য়নেল ডেস্ক, 26 ছেপ্টেম্বৰ: তামিলনাডুত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (Popular Front of India) বিৰুদ্ধে এন আই এৰ অভিযানৰ পিছত সংঘটিত বোমা আক্ৰমণৰ ঘটনা সন্দৰ্ভত ১৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে (18 arrestedin connection with petrol bomb attack)। এই বিষয়ে সোমবাৰে আৰক্ষীয়ে সদৰি কৰিছে ।

উল্লেখ্য় যে, যোৱা ২২ ছেপ্টেম্বৰত এনআইএৰ বিষয়াসকলে পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া নামৰ সংগঠনটোৰ চৌহদত তালাচী চলাই তামিলনাডুৰ পৰা ১১ জন পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ কাৰ্যবাহীক গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ প্ৰতিবাদত পিএফআয়ে প্ৰতিবাদী কাৰ্যসূচী অংশগ্ৰহণ কৰাৰ লগতে বহু ঠাইত বাছত শিলা বৰ্ষণ কৰে ।

ইয়াৰ পিছত কোয়েম্বাটুৰ, মাদুৰাই, ডিণ্ডিগুল, ইৰোড, ৰামনাথপুৰম আৰু কন্যাকুমাৰীত একেৰাহে ৭ টা স্থানত পেট্ৰ'ল বোমা বিস্ফোৰণৰ ঘটনা (petrol bomb attack in Tamil Nadu)সংঘটিত হৈছিল । সেয়েহে তামিলনাডুৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কমাণ্ডো আৰু বিশেষ অভিযান বাহিনীকে ধৰি হাজাৰ হাজাৰ আৰক্ষী নিয়োজিত কৰা হয় ।

ডিজিপি শৈলেন্দ্ৰ বাবুৱে কয় যে, পেট্ৰ'ল বোমা বিস্ফোৰণৰ ঘটনাত জড়িত ১০০ জন লোকৰ বিৰুদ্ধে তদন্ত চলি আছে । এনে ঘটনাত জড়িত আৰু সহযোগীসকলক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ (National Security Act) অধীনত গ্ৰেপ্তাৰ কৰা হ'ব বুলি তেওঁ কয় । আৰক্ষীয়ে সদৰি কৰা মতে,তামিলনাডুত পেট্ৰ'ল বোমা আক্ৰমণৰ সন্দৰ্ভত ১৮ জন লোকক ইতিমধ্য়ে গ্ৰেপ্তাৰ কৰা হৈছে । ইপিনে,আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰি থকাৰ লগতে বহুলোকক এই সন্দৰ্ভত জেৰা কৰি আছে ।

উল্লেখ্য যে, বৃহস্পতিবাৰে সমগ্ৰ দেশত শতাধিক PFI সদস্যক গ্ৰেপ্তাৰ কৰা হয় । NIA আৰু ED য়ে অভিযান চলোৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকেইটা হৈছে অসম, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, দিল্লী, ৰাজস্থান, তেলেংগানা, কৰ্ণাটক, তামিলনাডু, কেৰালা আৰু পুডুচেৰী (PFI leaders arrested by NIA) ৷

লগতে পঢ়ক:অসমত গ্ৰেপ্তাৰ হোৱা PFI সদস্যক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.