Hail storm at Moran : শিলাবৃষ্টিৰ ফলত মৰাণত এজন শ্ৰমিকৰ মৃত্যু, পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী মহনে

author img

By

Published : Dec 27, 2022, 4:35 PM IST

Hail storm at Moran
মৰাণত শ্ৰমিকৰ মৃত্যু ()

মঙলবাৰে পুৱাই কাশ্মিৰ-ছিমলালৈ পৰিণত হ’ল ডিব্ৰুগড়ৰ মৰাণ ৷ ৰাজ্যবাসীয়ে কাহানিও নেদেখা এক অস্বাভাৱিক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হ’ল মৰাণত (Snow cover at Moran)৷ পুৱতি নিশা এই ধুমুহা, শিলাবৃষ্টিৰ ফলত মৰাণ চাহ বাগিচাত এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে (Man died due to Hail storm at Moran) ৷ নিহত লোকজনৰ নাম নাছিয়া ঘাটোৱাৰ (42) বুলি জানিব পৰা গৈছে ৷

মৰাণত শ্ৰমিকৰ মৃত্যু

মৰাণ, 27 ডিচেম্বৰ : মঙলবাৰে পুৱাই মৰাণত এক অস্বাভাৱিক পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হয় । নৱবৰ্ষৰ প্ৰাকক্ষণত মঙলবাৰে বোৱাৰী পুৱাতে অহা শিলাবৃষ্টিৰ ফলত শুভ্ৰ আচ্ছাদনে এক প্ৰকাৰে মৰাণত কাশ্মিৰ-ছিমলা সদৃশ পৰিৱেশৰ সৃষ্টি কৰে (Snow cover at Moran) ৷ কাহানিও নেদেখা এই অস্বাভাৱিক পৰিৱেশক লৈ এতিয়া চিন্তিত হৈ পৰিছে ৰাজ্যবাসী (Hail storm at Moran) ৷

ইফালে পুৱতি নিশা হোৱা প্ৰবল শিলাবৃষ্টিৰ ফলত বিশেষকৈ মৰাণৰ ৰাইজৰ বিস্তৰ ক্ষতিসাধন হয় । আনকি এই শিলাবৃষ্টিৰ ফলতে মৰাণ চাহ বাগিচাৰ এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ মৃত শ্ৰমিকজনৰ নাম নাছিয়া ঘাটোৱাৰ (42) (Man died due to Hail storm at Moran) ৷ এই ঘটনাক কেন্দ্ৰ কৰি মৰাণ চাহ বাগিচাত পৰিছে শোকৰ ছাঁ ৷

নিহতৰ আত্মীয়ই উল্লেখ কৰা অনুসৰি, মঙলবাৰে পুৱতি নিশা অহা শিলাবৃষ্টিৰ সময়তে নিজ বাসগৃহতে শুই আছিল মৰাণ চাহ বাগিচাৰ নাছিয়া ঘাটোৱাৰ ৷ কিন্তু হঠাৎ অহা এই শিলাবৃষ্টিৰ সময়তে ধুমুহাত নাছিয়া ঘাটোৱাৰৰ ঘৰৰ টিনপাত উৰুৱাই লৈ যায় ৷ তাৰ পাচতে নাছিয়াই ভয়ত বিতত হৈ বিচনাৰ তলত আশ্ৰয় লয় ।

বহু সময়ৰ অন্তত বিচনাৰ তলৰ পৰা মূমূৰ্ষ অৱস্থাত নাছিয়াক পৰিয়ালৰ লোকে উদ্ধাৰ কৰে । তাৰ পাচতে ততাকৈয়াকৈ মৰাণ চাহ বাগিচাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় নাছিয়াক ৷ ইতিমধ্যে চিকিৎসকে হৃদক্ৰিয়া বন্ধ শ্ৰমিকজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে ।

লগতে পঢ়ক : Unusual hailstones in Moran: অস্বাভাৱিক শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতিসাধন কৰিলে মৰাণ ৰাজ্যিক চিকিৎসালয়

আনহাতে, মঙলবাৰে কাহিলীপুৱা হোৱা প্ৰৱল শিলাবৃষ্টিত বহু পৰিয়ালৰ বিস্তৰ ক্ষতিসাধন হয় । ডিব্ৰুগড় জিলাৰ মৰাণ আৰু চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ বহু গাঁৱৰ লগতে মৰাণ নগৰ অঞ্চলতো ক্ষতিসাধন কৰে এই প্ৰৱল শিলাবৃষ্টিয়ে ৷ বিশেষকৈ মৰাণৰ কাষৰীয়া ব’গপৰা, আমগুৰি, খুমটাই, মৰাণ আহোম গাঁও, দিখাৰী, গজপুৰীয়া, পথালিবাম আদি অঞ্চলসমূহত শিলাবৃষ্টিৰ ফলত বহু লোকৰ বাসগৃহৰ টিনপাত ফুটি যায় ৷ এক প্ৰকাৰে গৃহহাৰা হৈ পৰিছে অঞ্চলকেইটাৰ বহু লোক ৷

ইয়াৰ উপৰিও বহু লোকৰ পথাৰৰ পৰা আনি থোৱা ধান, ৰবি শস্য, মূল্যৱান গছ-গছনি, জীৱ-জন্তুৰো বিস্তৰ ক্ষতিসাধন হোৱাৰ তথ্য লাভ কৰা হৈছে । প্ৰথমবাৰৰ বাবে মৰাণত হোৱা এনে শিলাবৃষ্টিত হতচকিত হৈ পৰাৰ লগতে অভাৱনীয় লোকচানৰো সন্মুখীন হৈছে বহু পৰিয়াল ৷

ইফালে গৃহহাৰা হৈ পৰা মৰাণবাসীৰ কাষত থিয় হয় ৰাজহ আৰু দুৰ্যোগ প্ৰশমনৰ মন্ত্ৰী যোগেন মহন (Minister Jogen Mohon) ৷ লগতে মন্ত্ৰীগৰাকীয়ে উক্ত অঞ্চলকেইটাৰ ক্ষয়ক্ষতিৰ পৰিমাণো বুজ লয় ৷ ক্ষতিগ্ৰস্ত পৰিয়ালৰ মাজত টিৰপাল বিতৰণ কৰে ৰাজহ আৰু দুৰ্যোগ প্ৰশমনৰ মন্ত্ৰীগৰাকীয়ে ৷ আনকি সংবাদ মাধ্যমৰ জৰিয়তে ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণৰ উচিত মূল্য প্ৰদানৰ আশ্বাস দিয়ে দুৰ্যোগ প্ৰশমনৰ মন্ত্ৰী যোগেন মহনে ।

লগতে পঢ়ক : Snow cover at Moran: বছৰৰ শেষৰটো সপ্তাহত মৰাণবাসী সাক্ষী হ’ল তুষাৰৰ আচ্ছাদনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.