ETV Bharat / state

Sonari police murder case: গকুল বসুমতাৰীৰ হত্যাৰ ন্যায়ৰ দাবী পৰিয়ালৰ

author img

By

Published : Dec 7, 2022, 12:42 PM IST

family of gokul basumatary present at sonari ps
ঘটনাস্থলী পৰিদৰ্শন গকুল বসুমতাৰীৰ পৰিয়ালৰ লোকৰ

সোণাৰি সদৰ থানাৰ হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য (Sonari police murder case) । শোকত ভাগি পৰিছে মৃত আৰক্ষী জোৱান গকুল বসুমতাৰীৰ পৰিয়ালৰ লোক । মঙলবাৰে নিশা বসুমতাৰীৰ পৰিয়ালৰ লোকক ঘটনাস্থলী দেখুৱাই ঘটনাৰ বিৱৰণী ডাঙি ধৰিলে সোণাৰি আৰক্ষীয়ে । পৰিয়ালৰ লোকে বিচাৰিলে ন্যায় ।

সোণাৰি, 7 ডিচেম্বৰ: মঙলবাৰে সোণাৰি সদৰ থানাত সংঘটিত হোৱা ভয়ংকৰ গুলী চালনাৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে (Sonari police murder case) । কিয়নো সদৰ থানাৰ চৌহদতে আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে এজন সতীৰ্থক । গুলী চালনাত নিহত হৈছিল গকুল বসুমতাৰী নামৰ আৰক্ষীজন । দীপক কাকতি নামৰ জোৱানজনৰ গুলীত নিহত হয় গকুল বসুমতাৰী । ঘটনাৰ পাছতে গুলীবিদ্ধ গকুল বসুমতাৰীক ততাতৈয়াকৈ চৰাইদেউ ৰাজ্যিক চিকিৎসালয়লৈ নিয়া হয় যদিও মৃত্যু হয় গকুল বসুমতাৰীৰ (Police personnel shot dead in Sonari) ।

মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পাছতেই মঙলবাৰে নিশাৰ ভাগত সোণাৰি সদৰ থানাৰ চৌহদতে অনুষ্ঠিত কৰা হয় গকুল বসুমতাৰীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । চকুলো টুকি সতীৰ্থক শেষ শ্ৰদ্ধা জনালে আৰক্ষী বিষয়া জোৱানে (Tribute to Gokul Basumatary in Sonari) । ঘটনা সংঘটিত হোৱাৰ পাছতেই গকুল বসুমতাৰীৰ নশ্বৰ দেহ নিবলৈ সদৰ থানাত পৰিয়ালৰ লোক উপস্থিত হয় ।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতেই সোণাৰি আৰক্ষী থানাত সতীৰ্থৰ গুলীত নিহত আৰক্ষী জোৱান গকুল বসুমতাৰীৰ মৃতদেহ চামগুৰিৰ নিজ গৃহলৈ প্ৰেৰণ কৰা হয় ।

ইফালে সোণাৰি থানাত গকুল বসুমতাৰীৰ পৰিয়ালৰ লোক উপস্থিত হোৱাৰ পাছতে ঘটনাস্থলী দেখুৱাই ঘটনাৰ বিৱৰণ দিলে সোণাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই । ঘটনাস্থলীত উপস্থিত হৈ শোকত ভাগি পৰে পৰিয়ালৰ লোক (Gokul Basumatary family members at Sonari PS) । এই ঘটনাক গৰিহনা দিয়াৰ লগতে উচিত তদন্ত কৰি চৰকাৰলৈ ন্যায় প্ৰদান কৰাৰ আহ্বান পৰিয়ালৰ লোকৰ ।

ঘটনাস্থলী পৰিদৰ্শন গকুল বসুমতাৰীৰ পৰিয়ালৰ লোকৰ

জানিব পৰা মতে, সামান্য তৰ্কাতৰ্কিৰ পিছতে এজন আৰক্ষী জোৱানে আনজন সতীৰ্থ আৰক্ষী জোৱানক গুলী কৰিছিল ৷ অভিযুক্ত দীপক কাকতিয়ে জানিবলৈ দিয়া মতে বিগত কেইবাদিনো ধৰি নৱম অসম আৰক্ষী বেটেলিয়নৰ জোৱান গকুল বসুমতাৰী আৰু সতীৰ্থ দীপক কাকতিৰ মাজত অব্যাহত আছিল মতানৈক্য (Police personnel killed by colleague) ৷ আনকি পূৰ্বেও মৃত গকুলৰ সৈতে কেইবাবাৰো মাৰপিটত লিপ্ত হোৱা বুলিও উল্লেখ কৰে জোৱান দীপক কাকতিয়ে (Sonari police station murder case) ৷

যাৰ বাবে মঙলবাৰে অতিষ্ঠ হৈ সদৰ থানাৰ চৌহদতে দীপকে গুলীয়াই হত্যা কৰিলে গকুল বসুমতাৰীক । নিজৰ চাৰ্ভিছ ইনচাৰ্ছ ৰাইফলেৰে দীপক কাকতিয়ে গুলী চালনা কৰাত থিতাতে ঢলি পৰে সতীৰ্থ আৰক্ষী জোৱানজন । ঘটনা সংঘটিত হোৱাৰ পাছতে গুলীচালনা কৰা দীপক কাকতি নামৰ জোৱানজনক আটক কৰে আৰক্ষীয়ে ।

আৰক্ষীয়ে আটক কৰাৰ পাছতে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত স্বীকাৰোক্তি আগবঢ়ায় দীপক কাকতি । বসুমতাৰীয়ে তেওঁক মাৰিছিল আৰু সেই কাৰণে তেওঁকো হত্যা কৰা হ’ল বুলি অভিযুক্ত কাকতিয়ে সাংবাদিকৰ আগত স্পষ্ট কৰি দিয়ে । অৱশ্যে আৰক্ষীৰ তদন্ততহে স্পষ্ট হ'ব প্ৰকৃত ঘটনাৰ কাৰণ (policeman killed in sonari police station)।

লগতে পঢ়ক: Tribute to Gokul Basumatary: সতীৰ্থৰ অকাল মৃত্যুত সোণাৰি সদৰ থানাত চকুলোৰ বন্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.