Tribute to Gokul Basumatary: সতীৰ্থৰ অকাল মৃত্যুত সোণাৰি সদৰ থানাত চকুলোৰ বন্যা

author img

By

Published : Dec 7, 2022, 8:24 AM IST

Last tribute to Gokul Basumatary in Sonari

সোণাৰি সদৰ থানাত শোকাৱহ পৰিবেশ । সতীৰ্থ গুলীত প্ৰাণ হেৰুওৱা আৰক্ষী জোৱানক চকুলোৰে জনালে শেষ শ্ৰদ্ধাঞ্জলি (Tribute to Gokul Basumatary in Sonari) । মঙলবাৰে পুৱাৰভাগত সদৰ থানাখনত সংঘটিত হৈছিল সেই চাঞ্চল্যকৰ ঘটনাটো (Sonari police murder case) ।

সোণাৰি,৭ ডিচেম্বৰ: মঙলবাৰে পুৱাই সোণাৰি সদৰ থানাত সংঘটিত চাঞ্চল্যকৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত (Sonari police murder case) । সদৰ থানাখনৰ ভিতৰতে দীপক কাকতি নামৰ এগৰাকী আৰক্ষীৰ গুলীত নিহত হৈছিল গকুল বসুমতাৰী নামৰ আন এগৰাকী আৰক্ষী (Police personnel shot dead in Sonari)। ঘটনাৰ পাছতে গুলীবিদ্ধ গকুল বসুমতাৰীক ততাতৈয়াকৈ চৰাইদেউ ৰাজ্যিক চিকিৎসালয়লৈ নিয়া হয় যদিও মৃত্যু হয় গকুল বসুমতাৰীৰ ।

মৰোণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পাছতেই সন্ধিয়া সোণাৰি সদৰ থানা চৌহদতে অনুষ্ঠিত কৰা হয় গকুল বসুমতাৰীৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান । চকুলো টুকি সতীৰ্থক শেষ শ্ৰদ্ধা জনালে আৰক্ষী বিষয়া-জোৱানে । চৰাইদেউ জিলাৰ শীৰ্ষ আৰক্ষীৰ বিষয়া সকলৰ লগতে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁ‌ৱৰেও অংশগ্ৰহণ কৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত (Tribute to Gokul Basumatary in Sonari) । বিধায়ক গৰাকীয়ে আৰক্ষী জোৱানগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰি এই ঘটনাক লৈ দুখ প্ৰকাশ কৰে । পুনৰ যাতে এনে ঘটনা কেতিয়াও সংঘটিত নহয় তাৰ বাবে সকলো আৰক্ষীক আহ্বান জনাই বিধায়কগৰাকীয়ে ।

সোণাৰি সদৰ থানাত চকুলোৰ বন্যা

জানিব পৰা মতে, সামান্য তৰ্কাতৰ্কিৰ পিছতে এজন আৰক্ষী জোৱানে আনজন সতীৰ্থ আৰক্ষী জোৱানক গুলী কৰিছিল ৷ অভিযুক্ত দীপক কাকতিয়ে জানিবলৈ দিয়া মতে বিগত কেইবাদিনো ধৰি নৱম অসম আৰক্ষী বেটেলিয়নৰ জোৱান গকুল বসুমতাৰী আৰু সতীৰ্থ দীপক কাকতিৰ মাজত অব্যাহত আছিল মতানৈক্য (Police personnel killed by colleague) ৷ আনকি পূৰ্বেও মৃত গকুলৰ সৈতে কেইবাবাৰো মাৰপিটত লিপ্ত হোৱা বুলিও উল্লেখ কৰে জোৱান দীপক কাকতিয়ে (Sonari police station murder case) ৷

যাৰ বাবে মঙলবাৰে অতিষ্ঠ হৈ সদৰ থানাৰ চৌহদতে দীপকে গুলীয়াই হত্যা কৰিলে গকুল বসুমতাৰীক । নিজৰ চাৰ্ভিছ ইনচাৰ্ছ ৰাইফলেৰে দীপক কাকতিয়ে গুলী চালনা কৰাত থিতাতে ঢলি পৰে সতীৰ্থ আৰক্ষী জোৱানজন । ঘটনা সংঘটিত হোৱাৰ পাছতে গুলীচালনা কৰা দীপক কাকতি নামৰ জোৱানজনক আটক কৰে আৰক্ষীয়ে ।

আৰক্ষীয়ে আটক কৰাৰ পাছতে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত স্বীকাৰোক্তি আগবঢ়ায় দীপক কাকতি । বসুমতাৰীয়ে তেওঁক মাৰিছিল আৰু সেই কাৰণে তেওঁকো হত্যা কৰা হ’ল বুলি অভিযুক্ত কাকতিয়ে সাংবাদিকৰ আগত স্পষ্ট কৰি দিয়ে । অৱশ্যে আৰক্ষীৰ তদন্ততহে স্পষ্ট হ'ব প্ৰকৃত ঘটনাৰ কাৰণ (policeman killed in sonari police station)।

আনহাতে, প্ৰায় দুবছৰ পূৰ্বে সোণাৰি থানাত যোগদান কৰা গকুল বসুমতাৰীৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰি তুলিছে সকলোকে ৷ পৰিয়াল-পৰিজনৰ লগতে স্থানীয় ৰাইজৰ মাজতো শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷ অনাকাংশিত খবৰটো অঞ্চলজুৰি বিয়পি পৰাৰ লগতে আটায়ে আৰক্ষী জোৱান গকুল বসুমতাৰীৰ হত্যাকাৰীৰ উচিত শাস্তি দাবী কৰিছে ৷

লগতে পঢ়ক: Man bite many people: গোলাঘাটৰ মাজ মজিয়াত মানুহ কামোৰা মানুহৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.