ETV Bharat / state

চৰাইদেউৰ অসম-নাগালেণ্ড সীমান্তত ড্ৰাগছ জব্দ

author img

By

Published : Aug 14, 2021, 12:38 PM IST

Drugs seized at Assam Nagaland border
চৰাইদেউৰ অসম নাগালেণ্ড সীমান্তত ড্ৰাগছ জব্দ

আৰক্ষীৰ ড্ৰাগছ(Drugs) বিৰোধী অভিযান অব্য়াহত থকাৰ মাজতো চৰাইদেউ(Charaideo) জিলাত চলিছে নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা । শুকুৰবাৰে জিলাখনৰ অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত জব্দ হ'ল বহু ড্ৰাগছ আৰু নগদ ধন ।

মৰাণ, ১৪ আগষ্ট : অসমক ড্ৰাগছ মুক্ত কৰাৰ বাবে দিনে-নিশাই আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ আনফালে ড্ৰাগছ ব্যৱসায়ীয়ে আৰক্ষীক প্ৰত্যাহ্বান জনাই চলাই আছে ড্ৰাগছৰ ক'লা বেহা । চৰাইদেউ জিলাতো অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ । শুকুৰবাৰে সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত আৰক্ষীয়ে জব্দ কৰে ২.৮ গ্ৰাম নিষিদ্ধ ড্ৰাগছ । নামতোলাৰ টিলা লাইনৰ ড্ৰাগছ মাফিয়া ৰিনা টায়েঙৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে ড্ৰাগছখিনি জব্দ কৰে ।

এই অভিযানত নগদ ধনো জব্দ কৰে আৰক্ষীয়ে । নামতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ ডেকাৰ নেতৃত্বত এই অভিযান চলোৱা হয় । এই সন্দৰ্ভত নামতোলা আৰক্ষীয়ে এক গোচৰ ৰুজু কৰাৰ লগতে ড্ৰাগছ মাফিয়া ৰিনা টায়েঙক আটক কৰে । উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্য স্থিৰ কৰিছিল ।

সেই অনুসৰি আৰক্ষীয়ে ৰাজ্যখনৰ বিবিন্ন স্থানত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে । আৰক্ষীয়ে এতিয়ালৈকে বহু ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বহু পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, অবৈধ সুৰা আদি জব্দ কৰিছে । ইয়াৰ পাছতো একাংশ অসাধু ব্যৱসায়ীয়ে মাথো ধনৰ লালসাত এই ক'লা বেহা চলাই আছে ।

ড্ৰাগছ সহজলভ্য কৰি নৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে । সেয়ে আৰক্ষীয়ে এই ড্ৰাগছ ব্যৱসায়ীবোৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে । উল্লেখ্য যে, যোৱা ২৪ জুলাইত সোণাৰিত ২৬ লাখ ৭০ হাজাৰ টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী দাহ কৰিছিল ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহনে । চৰাইদেউ জিলা আৰক্ষীয়ে বিগত দুটা বছৰত জব্দ কৰা কোকেইন, গাঞ্জা আদিকে ধৰি অবৈধ নিচাজাতীয় সামগ্ৰী দাহ কৰা হৈছিল ।

লগতে পঢ়ক: ভঁৰালৰ তলত ওলাল 27 লাখ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.