ETV Bharat / state

কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু সোণাৰিৰ ডাঃ ৰাজেন গগৈৰ

author img

By

Published : Jun 21, 2021, 12:37 PM IST

সোণাৰিৰ জ্যেষ্ঠ চিকিৎসক, সমাজসেৱক ডাঃ ৰাজেন গগৈৰ পৰলোকপ্ৰাপ্তি । ক'ভিড-১৯(COVID-19)ত আক্ৰান্ত হৈ মৃত্যু হয় চিকিৎসকগৰাকীৰ । ডাঃ ৰাজেন গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সাংসদ তপন কুমাৰ গগৈ(Tapan Kumar Gogoi) আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শৰৎ বৰকটকীয়ে ।

কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু সোণাৰিৰ ডাঃ ৰাজেন গগৈৰ
কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু সোণাৰিৰ ডাঃ ৰাজেন গগৈৰ

মৰাণ, ২১ জুন: কালৰূপী ক'ভিড-১৯(COVID-19) মহামাৰীয়ে প্ৰাণ কাঢ়ি নিছে ৰাজ্যৰ শ শ লোকৰ । এতিয়াও চিকিৎসালয়ৰ বিচনাত মৃত্যৰে যুঁজি আছে হাজাৰ হাজাৰ লোকে । কৰ'ণাই ইতিমধ্যে প্ৰাণ কাঢ়িছে বহু চিকিৎসক আৰু আন স্বাস্থ্য কৰ্মীৰ । ক'ভিডত দেওবাৰে প্ৰাণ হেৰুৱালে চৰাইদেউ জিলাৰ সোণাৰিৰ জ্যেষ্ঠ চিকিৎসক, বিশিষ্ট সমাজ সেৱক ডাঃ ৰাজেন গগৈয়ে ।

ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয় । মানৱ দৰদী ডাঃ ৰাজেন গগৈ, ক্ৰীড়া সংগঠক, প্ৰাক্তন পৌৰপতি সৰবৰহী চিকিৎসক ৰূপে সকলোৰে আপোন । বিশিষ্ট চিকিৎসকগৰাকীৰ বিয়োগত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী তথা অসম কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শৰৎ বৰকটকী, সাংসদ তপন কুমাৰ গগৈয়ে গভীৰ শোক প্ৰকাশ কৰে । লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

দেওবাৰে বিয়লি সোণাৰিৰ ভৱানীপুৰস্থিত ৰাজহুৱা শ্মশানত চিকিৎসকগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় । জনপ্ৰিয় চিকিৎসকজন চৰাইদেউৰ ক্ৰীড়া জগতৰ লগতো জড়িত আছিল । তেওঁ দবা, ফুটবল, সমৰ কলা, শৰীৰ চৰ্চা আদি ক্ৰীড়াৰ সৈতে জড়িত আছিল । প্ৰয়াত ডাঃ গগৈ সদৌ অসম দবা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল । ডাঃ গগৈ সোণাৰিৰ বিভিন্ন সামাজিক আনুষ্ঠানৰ লগতো জড়িত আছিল । চিকিৎসক গৰাকীৰ মৃত্যুত সোণাৰিৰ বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে ।

উল্লেখ্য যে, বৰ্তমানলৈকে অসমত ৪,৬৬৫৯০ জন লোক ক'ভিডত আক্ৰান্ত হৈছে । মহামাৰীয়ে প্ৰাণ কাঢ়িছে ৪,০২৮ জনৰ । আনহাতে, ৪২১৩৭৮ জন লোক আৰোগ্য হৈ উঠিছে ।বৰ্তমান অসমত ৩৯,৮৩৭ গৰাকী সক্ৰিয় ৰোগী আছে । কামৰূপ মহানগৰ জিলাত এতিয়ালৈকে ২০,৬৬৩ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক'ভিডৰ অৱস্থিতি ।

মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে আংশিক লকডাউন দিয়া হৈছে যদিও পৰিস্থিতি আশা কৰা ধৰণে উন্নত হোৱা নাই । সেয়ে, জিলা বিশেষে শিখিল কৰা হৈছে সান্ধ্য আইন ।

লগতে পঢ়ক:শিৱসাগৰত আৰম্ভ ক'ভিড প্ৰতিষেধক প্ৰদান অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.