ETV Bharat / state

Encounter in Charaideo : অসম আৰক্ষীৰ গুলীত আহত সুৰজ গগৈ

author img

By

Published : Mar 4, 2022, 10:16 AM IST

Updated : Mar 4, 2022, 11:05 AM IST

Encounter in Charaideo
সোণাৰিত পুনৰ অসম আৰক্ষীৰ গুলীচালনা

চৰাইদেউৰ সোণাৰিত অসম আৰক্ষীৰ গুলীচালনা (Assam Police Encounter) ৷ অসম আৰক্ষীৰ গুলীত আহত হয় সুৰজ গগৈ নামৰ এজন লোক ৷ আৰক্ষীৰ সন্দেহ অভিযুক্ত সুৰজ গগৈ জড়িত আছে আলফা(স্বা)ৰ সদস্য ভৰ্তি অভিযানত ৷

মৰাণ, 4 মাৰ্চ : পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ । এইবাৰ অসম আৰক্ষীৰ বন্দুক গৰজিল চৰাইদেউৰ সোণাৰিত (Assam police Encounter in Charaideo) ৷ অসম আৰক্ষীৰ গুলীত আহত হয় সুৰজ গগৈ নামৰ এজন লোক ।

প্ৰাপ্ত তথ্য অনুসৰি, আৰক্ষীৰ গুলীত আহত সুৰজৰ ঘৰ শিৱসাগৰ জিলাৰ বেতবাৰী তামুলী বজাৰ চাংমাই গাঁৱত । আৰক্ষীৰ এক সূত্ৰই উল্লেখ কৰা অনুসৰি, আলফা(স্বা)ত সদস্য ভৰ্তি অভিযানত জড়িত আছিল চাংমাই গাঁৱৰ সুৰজ ৷ আৰক্ষীয়ে এক সূত্ৰৰ জৰিয়তে লাভ কৰিছিল এই তথ্য ৷

সেয়ে আলফা(স্বা)ৰ সদস্য ভৰ্তি অভিযানত জড়িত থকাৰ সন্দেহত আছাম ৰাইফলছ আৰু অসম আৰক্ষীয়ে বৃহস্পতিবাৰে সোণাৰিৰ চেনীগুদাম অঞ্চলৰ পৰা আটক কৰিছিল অভিযুক্ত সুৰজ গগৈক । আনকি নিশাই সুৰজ গগৈৰ বিৰুদ্ধে সোণাৰি থানাত 47/2022 নম্বৰত এটা গোচৰো ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 120/(B)/371 আৰু R/W section 18B(P)ৰ অধীনত সোধা-পোচ অব্যাহত ৰাখিছিল আৰক্ষীৰ দলটোৱে ।

বৃহস্পতিবাৰে নিশা অসম আৰক্ষীৰ এটা দলে অভিযুক্ত সুৰজক সোণাৰি ৰজাপুখুৰীস্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে আনে ৷ স্বাস্থ্য পৰীক্ষা কৰি ঘূৰি অহাৰ সময়ত আন্ধাৰৰ সুযোগ লৈ আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়নৰ চেষ্টা কৰে অভিযুক্ত সুৰজ গগৈয়ে । যাৰ পৰিপ্ৰেক্ষিতত উপায়ন্তৰ হৈ আৰক্ষীয়ে গুলীচলাবলৈ বাধ্য হয় ।

অসম আৰক্ষীৰ গুলীৰ ফলত অভিযুক্ত সুৰজৰ বাঁও ভৰি আঘাত প্ৰাপ্ত হয় ৷ আহত সুৰজক নিশাই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় ৷

লগতে পঢ়ক : Encounter in Morigaon : মৰিগাঁৱত গুলীচালনা, গুলীবিদ্ধ এজন অপৰাধী

Last Updated :Mar 4, 2022, 11:05 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.