ETV Bharat / state

Charaideo Maidam visit: চৰাইদেউৰ মৈদাম পৰিদৰ্শন কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধানৰ

author img

By

Published : Feb 17, 2023, 9:47 PM IST

চৰাইদেউ মৈদাম ক্ষেত্ৰখনক ভাৰত চৰকাৰে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে মনোনীত হোৱাৰ পিচত প্ৰথমবাৰৰ বাবে আজি মৈদাম ক্ষেত্ৰখন পৰিদৰ্শন কৰে কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধান জাহ্নৱীজ শৰ্মাই (Janhwij Sharma ADG of Archeological Survey of India) ৷

ADG of Archeological Survey visits Charideo Maidam site
চৰাইদেউ মৈডাম ক্ষেত্ৰ পৰিদৰ্শন জাহ্নৱীজ শৰ্মাৰ

চৰাইদেউ মৈডাম ক্ষেত্ৰ পৰিদৰ্শন জাহ্নৱীজ শৰ্মাৰ

চৰাইদেউ, 17 ফেব্ৰুৱাৰী: বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিব চৰাইদেউ জিলাৰ ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰখনে (Charaideo Maidam)। বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত হোৱাৰ বাবে ভাৰতৰ পৰা চৰাইদেউৰ আহোম স্বৰ্গদেউসকলৰ মৈদাম ক্ষেত্ৰখনৰ নাম মনোনীত কৰা হৈছে (Charideo Maidam nominated for UNESCO) ।

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে এইবাৰ ভাৰতৰ একমাত্ৰ মনোনয়ন ক্ষেত্ৰত হিচাপে চৰাইদেউ মৈদামৰ নাম ইউনেস্কোলৈ প্ৰেৰণ কৰা হৈছে । এই কথা সদৰী কৰিছিল খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (UNESCO World Heritage Site) ৷ ৰাজ্যিক প্ৰত্নতত্ব বিভাগে প্ৰস্তুত কৰা ড’চিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰা পিচত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই ড’চিয়াৰ প্ৰেৰণ কৰিছে ইউনেস্কোলৈ ।

উল্লেখ্য যে, চৰাইদেউ মৈডাম ক্ষেত্ৰখনক ভাৰত চৰকাৰে ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা চমুকৈ ইউনেস্কোৰ (UNESCO) বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে মনোনীত কৰাৰ পিচত প্ৰথমবাৰৰ বাবে আজি মৈদাম ক্ষেত্ৰখন পৰিদৰ্শন কৰে কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধান জাহ্নৱীজ শৰ্মাই (Janhwij Sharma ADG of Archeological Survey of India) ৷

চৰাইদেউ জিলাৰ ঐতিহাসিক মৈদাম ক্ষেত্ৰত উপস্থিত হৈ বিষয়াগৰাকীয়ে মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে ইউনেস্কোলৈ প্ৰেৰণ কৰা ড’চিয়াৰ সন্দৰ্ভত পৰ্যালোচনা কৰে ৷ আগন্তুক দিনত কৰিব লগা কৰ্মপন্থাৰ সন্দৰ্ভত বিষয়াগৰাকীয়ে শক্তি, খনি, থলুৱা আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ সৈতে আলোচনাত মিলিত হয় ৷

বিষয়াগৰাকীৰ এই পৰিদৰ্শন কালত শক্তি, খনি, থলুৱা আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ লগতে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, প্ৰত্নতত্ব সঞ্চালকালয়ৰ সাংস্কৃতিক বিশেষজ্ঞ ড৹ কে.চি.ন’ৰিয়াল, বুৰঞ্জীবিদ ড৹ যোগেন্দ্ৰ নাথ ফুকনকে ধৰি পুৰাতত্ব বিভাগৰ বহুকেইজন বিষয়া উপস্থিত থাকে ৷

উল্লেখ্য যে, ২০১৪ বৰ্ষতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত অন্তৰ্ভুক্ত হ’বলৈ সক্ষম হোৱা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম কেন্দ্ৰীয় চৰকাৰে ইউনেস্কোলৈ প্ৰেৰণ কৰা পাচতেই এইদৰে কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধানে পৰিদৰ্শন কৰে ঐতিহাসিক চৰাইদেউ মৈদাম (India’s nomination for UNESCOs world heritage site) ।

লগতে পঢ়ক: UNESCO World Heritage Site: বিশ্ব ঐতিহ্য ক্ষেত্রৰ বাবে মনোনীত চৰাইদেউ মৈদাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.