UNESCO World Heritage Site: বিশ্ব ঐতিহ্য ক্ষেত্রৰ বাবে মনোনীত চৰাইদেউ মৈদাম

author img

By

Published : Jan 21, 2023, 7:34 PM IST

UNESCO World Heritage Site

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে এইবাৰ ভাৰতৰ একমাত্ৰ মনোনীত ক্ষেত্র হিচাপে চৰাইদেউ মৈদামৰ নাম ইউনেস্ক'লৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ(UNESCO World Heritage Site) । দেশৰ ৫২ টা ঐতিহাসিক ক্ষেত্রৰ ভিতৰত চৰাইদেউ মৈদাম ভাৰত চৰকাৰৰ একমাত্র মনোনীত ক্ষেত্র । মাজুলীকো বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে স্বীকৃতি দিয়াৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

বিশ্ব ঐতিহ্য ক্ষেত্রৰ বাবে মনোনীত চৰাইদেউ মৈদাম

গুৱাহাটী,২১ জানুৱাৰী: অসমবাসীৰ বাবে ভাল খবৰ । বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত হোৱাৰ বাবে ভাৰতৰ পৰা চৰাইদেউৰ আহোম স্বৰ্গদেউসকলৰ মৈদামৰ নাম মনোনীত কৰা হৈছে । বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে এইবাৰ ভাৰতৰ একমাত্ৰ মনোনয়ন ক্ষেত্র হিচাপে চৰাইদেউ মৈদামৰ নাম ইউনেস্ক'লৈ প্ৰেৰণ কৰা হ'ব । আজি নিশাই ভাৰত চৰকাৰে ইউনেস্ক’লৈ আনুষ্ঠানিকভাৱে চৰাইদেউ মৈদামৰ নাম বিশ্ব ঐতিহ্য ক্ষেত্রৰ স্বীকৃতিৰ বাবে প্ৰেৰণ কৰিব(UNESCO World Heritage Site) ।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে জনতা ভৱনত সংবাদমেল সম্বোধন কৰি ৰাজ্যবাসীক এই ভাল খবৰ দিয়ে । সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে এইবাৰ দেশৰ একমাত্ৰ মনোনয়ন চৰাইদেউ মৈদাম(Charaideo Maidam) হ’ব বুলি প্ৰধানমন্ত্ৰী কাৰ্যালয়ে শুকুৰবাৰে তেওঁক জনায় । তেওঁ লগতে কয় যে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি দিয়াৰ বাবে ৰাজ্য চৰকাৰে ২০১৪ চনৰ পৰাই চেষ্টা অব্যাহত ৰাখিছিল ।

বিশ্ব ঐতিহ্য ক্ষেত্রৰ স্বীকৃতিৰ বাবে প্ৰতিযোগিতাত দেশৰ ৫২ টা ঐতিহাসিক ক্ষেত্র আছে বুলি উল্লেখ কৰি তেওঁ কয় যে এইবাৰ চৰাইদেউ মৈদামক ভাৰত চৰকাৰে মনোনীত কৰিছে(India's nomination for UNESCO's world heritage site) । তেওঁ কয় যে এখন সদস্য ৰাষ্ট্ৰই এবাৰত কেৱল এটা নামহে প্ৰেৰণ কৰিব পাৰে আৰু ২০২৩ বৰ্ষৰ বাবে অসমৰ চৰাইদেউ মৈদামৰ নাম প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে ভাৰত চৰকাৰে । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সদিচ্ছাৰ বাবে এয়া সম্ভৱ হৈছে বুলি তেওঁ ইয়াৰ বাবে প্ৰধানমন্ত্রীক অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে ।

৯ বছৰীয়া দীঘলীয়া প্ৰচেষ্টাৰ অন্তত এই মনোনয়ন লাভ কৰিবলৈ সক্ষম হোৱাৰ আঁৰত থকা বিভিন্ন পদক্ষেপৰ কথা তেওঁ সদৰি কৰে । ভাৰত চৰকাৰৰ পৰা ফাইল যোৱাৰ পাছত ছেপ্টেম্বৰ মাহত ইউনেস্ক'ৰ দল চৰাইদেউ মৈদামলৈ আহি সকলো দিশ পৰ্যবেক্ষণ কৰিব আৰু ইয়াৰ পাছত মাৰ্চ মাহত ইউনেস্কই চূড়ান্ত সিদ্ধান্ত দিব । তেওঁ কয় যে ভাৰতৰ পৰা যোৱা এটাও মনোনয়ন এতিয়ালৈকে বাতিল কৰা হোৱা নাই । পূৰ্বৰ সকলো মনোনয়নে স্বীকৃতি লাভ কৰিছে ।

ভাৰত চৰকাৰৰ মনোনয়নৰ পাছত চৰাইদেউ মৈদাম এতিয়া কেৱল অসমৰে নহয় ভাৰতৰ বাবেও মৰ্যাদাৰ বিষয় হৈ পৰিছে । সাংস্কৃতিক ক্ষেত্র হিচাপে চৰাইদেউ মৈদামৰ নাম বিশ্ব ঐতিহ্য ক্ষেত্রৰ স্বীকৃতিৰ বাবে প্ৰেৰণ কৰা হ'ব । তেওঁ লগতে কয় যে ভাৰতৰ ৪০ টা বিশ্ব ঐতিহ্য ক্ষেত্রৰ ভিতৰত ৩২ টা সাংস্কৃতিক, ৭ টা নেচাৰেল আৰু এটা মিক্সড ক্ষেত্র আছে । অসমৰ কাজিৰঙা আৰু মানস নেচাৰেল ঐতিহ্য ক্ষেত্র । তেওঁ লগতে কয় যে মাজুলীকো বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে স্বীকৃতি দিয়াৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

বিশ্ব ঐতিহ্য ক্ষেত্রৰ স্বীকৃতিৰ বাবে ভাৰত চৰকাৰৰ মনোনয়ৰ লাভৰ বাবে নেচাৰেল শিতানত মাজুলীৰো প্ৰস্তাৱ দিয়া আছে । তেওঁ কয় যে চৰাইদেউ মৈদামক ভাৰত চৰকাৰে বিশ্ব ঐতিহ্য ক্ষেত্রৰ বাবে মনোনীত কৰাৰ লগে লগে চৰাইদেউবাসীৰ দায়িত্ব বৃদ্ধি পালে । চৰাইদেউক আটক ধুনীয়াকৈ ৰখাৰ দায়িত্ব ৰাইজৰ ।

ভাৰত চৰকাৰে চৰাইদেউ মৈদামক মনোনীত কৰাৰ ক্ষেত্রত দিল্লীত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপনৰ কিছু প্ৰভাৱ থকা বুলি তেওঁ উল্লেখ কৰে । লাচিত দিৱসৰ অনুষ্ঠানত চৰাইদেউ মৈদামৰ ওপৰত যুগুত কৰা প্ৰদৰ্শনী প্ৰধানমন্ত্রীয়ে প্ৰত্যক্ষ কৰিছিল । ‍আনহাতে শেহতীয়াকৈ দিল্লীত চৰকাৰী বিষয়াকলৈ তেওঁ সাতদিন বাহৰ পতাৰ আঁৰত চৰাইদেউ মৈদামৰ প্ৰসংগ আছিল বুলি তেওঁ সদৰি কৰে । সংবাদমেলত মন্ত্রী কেশৱ মহন্ত আৰু নন্দিতা গাৰ্লোচা উপস্থিত আছিল ।

লগতে পঢ়ক: HSLC exam 2023 : এইবাৰ প্ৰশ্নকাকতৰ লগতে পৃথক হ'ব পৰীক্ষাৰ উত্তৰবহীও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.