HSLC exam 2023 : এইবাৰ প্ৰশ্নকাকতৰ লগতে পৃথক হ'ব পৰীক্ষাৰ উত্তৰবহীও

author img

By

Published : Jan 21, 2023, 5:25 PM IST

HSLC exam 2023

পূৰ্বৰ দৰে নাথাকিব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত আৰু উত্তৰবহী (HSLC question paper answer sheet will be different)। নতুন শিক্ষানীতি অনুসৰি ইংৰাজী, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকতত থাকিব অবজেক্টিভ ধৰণৰ প্ৰশ্ন । পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে অৰ্থাৎ ৮.৪৫ বজাতে ৮ টা পেজৰ অবজেক্টিভ উত্তৰ বহীখনো পৰীক্ষাৰ্থীসকলক দিয়া হ'ব ।

এইবাৰ প্ৰশ্নকাকতৰ লগতে পৃথক হ'ব পৰীক্ষাৰ উত্তৰবহীও

গুৱাহাটী, ২১ জানুৱাৰী : এইবছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ (HSLC exam 2023)। পূৰ্বৰ তুলনাত এইবাৰ বহু পৃথক হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা (মেট্ৰিক) (HSLC question paper will be different this year)। নতুন শিক্ষানীতি অনুসৰি ইংৰাজী, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকতৰ সমান্তৰালভাৱে পৃথক হ'ব উত্তৰবহীও (New education policy replaces HSLC question paper)। এই প্ৰশ্নকাকতত অবজেক্টিভ ধৰণৰ প্ৰশ্ন থাকিব ৫০ শতাংশ ।

আনহাতে, বৰ্ণনামূলক প্ৰশ্ন থাকিব ৫০ শতাংশ । অৰ্থাৎ শিক্ষাৰ্থীয়ে ১ নম্বৰৰ ৫০ টা প্ৰশ্নৰ উত্তৰ লিখাৰ সুযোগ লাভ কৰিব । গণিত বিষয়ৰ ক্ষেত্ৰত উত্তৰবহীখন অবজেক্টিভ কাকতৰ সুবিধা হোৱাকৈ প্ৰস্তুত কৰা হ'ব । প্ৰতিটো অবজেক্টিভ (Objective Questions) প্ৰশ্নৰ বিপৰীতে উত্তৰ বিচাৰি পাব পৰাকৈ প্ৰশ্ন সমাধান কৰিবলৈ খালী ঠাইৰ ব্যৱস্থা থাকিব (Objective Questions in HSLC question paper)।

পৰীক্ষাৰ দিনটোত পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে ৮.৪৫ বজাত ৮ টা পেজৰ অবজেক্টিভ উত্তৰ বহীখন পৰীক্ষাৰ্থীসকলক দিয়া হ'ব । ৯.৪৫ বজাত ১৬ টা পেজৰ বৰ্ণনামূলক প্ৰশ্নৰ বাবে উত্তৰ বহীখনো শিক্ষাৰ্থীসকলক দিয়া হ'ব । গণিতৰ বহীখন উকা হোৱাৰ লগতে গ্ৰাফ থাকিব । ইংৰাজী, বিজ্ঞান, সমাজ বিজ্ঞানৰ উত্তৰ বহীকেইখন ৰুলিং দিয়া হ'ব । দুয়োখন উত্তৰবহী পৰীক্ষাৰ্থীসকলে সংলগ্ন কৰি বান্ধি দিব লাগিব ।

এনে পৰিস্থিতিত ইতিমধ্যে বিভিন্ন পৰ্যায়ত প্ৰশিক্ষণ আৰম্ভ কৰিছে ছেবাই (SEBA started training for HSLC exam)। এই বিষয় সম্পৰ্কে ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাই কয় যে এইবাৰ এই চাৰিটা বিষয়ত প্ৰশ্নকাকতৰ সমান্তৰালভাৱে উত্তৰবহী সম্পূৰ্ণ নতুন ধৰণৰ হ'ব । প্ৰশ্নকাকতত অবজেক্টিভ আৰু বৰ্ণনামূলক দুটা ধৰণৰ প্ৰশ্ন থাকিব । এইবাৰ ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান বিষয়ত কৰা হৈছে । পৰ্যায়ক্ৰমে বাকী বিষয়বোৰো কৰা হ'ব ।

উল্লেখ্য যে এইবাৰ ৰাজ্যৰ মুঠ ৯১২ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা । এই পৰীক্ষাত এইবাৰ ৪ লাখ ২৩ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব । ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত ১৯ টা বিষয়ত ব্যৱহাৰিক পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব । ৰাজ্যৰ ৭১২ টা কেন্দ্ৰত ৬১ হাজাৰ পৰীক্ষাৰ্থী ব্যৱহাৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব বুলি জনাইছে পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাই ।

উল্লেখ্য যে পৰীক্ষাসূচী অনুসৰি ৩ মাৰ্চত অনুষ্ঠিত হ'ব ইংৰাজী বিষয়ৰ পৰীক্ষা । আনহাতে, ৬ মাৰ্চত গণিত, ৯ মাৰ্চত সমাজ বিজ্ঞান, ১৩ মাৰ্চত সাধাৰণ বিজ্ঞান, ১৫ মাৰ্চত অসমীয়া আৰু ২০ মাৰ্চত ঐশ্চিক বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব । ইপিনে, ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ব্যৱহাৰিক পৰীক্ষাসমূহ ।

লগতে পঢ়ক :Gunotsav in Assam: শিক্ষাৰ্থীক লৈ বিদ্যালয়ৰ লগতে অভিভাৱকৰো থাকিব লাগিব সমান দায়িত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.