ETV Bharat / state

নাহৰফুটুকীৰ আতংকত উজাগৰী নিশা কটাইছে শান্তিপুৰবাসীয়ে

author img

By

Published : Jul 2, 2019, 10:48 PM IST

নাহৰফুটুকীৰ আতংকত এইবাৰ শান্তিপুৰবাসী ৷ চিচি টিভি কেমেৰাত আৱদ্ধ নাহৰফুটুকীটোৱে এটা পোহনীয়া কুকুৰ ভক্ষণ কৰা সমগ্ৰ দৃশ্য ৷

নাহৰফুটুকীৰ আতংকত শান্তিপুৰবাসী


গুৱাহাটী, 2 জুলাই : বাঘৰ আতংকৰ মাজত পুনৰ মহানগৰবাসী ৷ মালিগাঁৱৰ পিছত এইবাৰ নাহৰফুটুকীয়ে নিদ্ৰাহৰণ কৰিছে শান্তিপুৰবাসীৰ ৷ শান্তিপুৰৰ এন জি বি ৰোডৰ সমনজিৎ শৰ্মা নামৰ ব্যক্তিজনৰ ঘৰৰ চৌহদত সোমাই তেওঁৰ পোহনীয়া কুকুৰটো ভক্ষণ কৰে৷ এই সমগ্ৰ দৃশ্য আৱদ্ধ হৈ ৰয় তেওঁৰ ঘৰৰ চৌহদত সংস্থাপিত চিচি টিভি কেমেৰাত ৷ অঞ্চলটোত দীৰ্ঘদিন ধৰি নাহৰফুটুকীয়ে ত্ৰাসৰ সৃষ্টি কৰাত আতংকিত হৈ পৰিছে অঞ্চলবাসী ৷ অঞ্চলবাসীৰ নিৰাপদৰ বাবে বন বিভাগক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে৷

নাহৰফুটুকীৰ আতংকত শান্তিপুৰবাসী
Intro:মালিগাঁৱৰ পিছত এইবাৰ শান্তিপুৰত নাহৰফুটুকীৰ আতংক। পোহনীয়া কুকুৰ ভক্ষণ কৰিলে প্ৰকাণ্ড নাহৰফুটুকীয়ে। নিশা মহানগৰীৰ শান্তিপুৰ পি এন জি বি ৰোডৰ সমণজিৎ শৰ্মা নামৰ লোকৰ ঘৰত প্ৰৱেশ কৰে এটা প্ৰকাণ্ড নাহৰফুটুকী। লোকজনৰ ঘৰৰ কুকুৰ এটা ভক্ষণ কৰে নাহৰফুটুকীটোৱে। Body:নাহৰফুটুকীয়ে কুকুৰ ভক্ষণ কৰা সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল লোকজনৰ ঘৰৰ চৌহদত সংস্থাপিত চিচি টিভি কেমেৰাত। অঞ্চলটোত দীৰ্ঘদিনৰ পৰা ত্ৰাসৰ সৃষ্টি কৰিছে নাহৰফুটুকীয়ে। যাৰ বাবে আতংকিত হৈ পৰিছে অঞ্চলবাসী। বন বিভাগক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে।Conclusion: Hirul Haque
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.