ETV Bharat / state

শিলচৰ ডিটেনশ্যন কেম্পৰ পৰা মুক্তি দুই মহিলাক

author img

By

Published : Apr 22, 2020, 11:01 AM IST

শিলচৰ ডিটেনশ্যন কেম্পৰ পৰা মুক্তি শিলচৰৰ দুই মহিলাক
শিলচৰ ডিটেনশ্যন কেম্পৰ পৰা মুক্তি শিলচৰৰ দুই মহিলাক

কাছাৰৰ ঠালি গ্ৰামৰ বাসিন্দা মিনাৰা বেগম আৰু সুলেখা দাসে মঙলবাৰে সৰ্বোচ্চ আদালতৰ এখন অন্তৱৰ্তী নিৰ্দেশত ডিটেনশ্যন কেম্পৰ পৰা মুক্তি লাভ কৰে ৷ ডিটেনশ্যন কেম্পৰ পৰা ওলায়েই দুয়োগৰাকী মহিলাই সংবাদ মাধ্যমৰ আগত নিজৰ মনোভাৱ ব্যক্ত কৰে ৷

শিলচৰ,22 এপ্ৰিল : কাছাৰৰ ঠালি গ্ৰামৰ বাসিন্দা মিনাৰা বেগমে বুধবাৰে শিলচৰ ডিটেনশ্যন কেম্পৰ পৰা মুক্তি লাভ কৰে ৷ 15 দিনীয়া কেঁচুৱা কোলাত লৈ 10 বছৰৰো অধিক সময় ডিটেনশ্যন কেম্পত থকাৰ পিছত সৰ্বোচ্চ আদালতৰ নিৰ্দেশত মুক্তি পায় মিনাৰা বেগমে ৷

শিলচৰ ডিটেনশ্যন কেম্পৰ পৰা মুক্তি দুই মহিলাক

ইফালে, মিনাৰা বেগমৰ কেচুৱা ছোৱালী শাহানাৰা বেগমো ডিটেনশ্যন কেম্পতে ডাঙৰ হৈ 10 বছৰ বছৰ বয়সত মুক্তি পায় ৷ ডিটেনশ্যন কেম্পৰ পৰা ওলায়েই মাক-জীয়েকে সংবাদ মাধ্যমৰ আগত নিজৰ অনুভৱ ব্যক্ত কৰে ৷

উল্লেখ্য যে,পঢ়াত চোকা মিনাৰা বেগমৰ কন্যা শাহানাৰা বেগমে ডিটেনশ্যন কেম্পত পঢ়িবলৈ সুবিধা পোৱা নাছিল যদিও শাহানাৰাই জেলৰ ভিতৰতে পঢা-শুনা অব্যাহত ৰাখে বুলি জানিব পৰা গৈছে ৷

আনহাতে,কাছাৰৰ ঠালি গ্ৰামৰ বাসিন্দা সুলেখা দাসেও মঙলবাৰে ডিটেনশ্যন কেম্পৰ পৰা মুক্তি পায় ৷ 2018ৰ 18 এপ্ৰিলত শিলচৰ বিদেশী চিনাক্তকৰণ ন্যায়াধীকৰণে সুলেখা দাসক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছিল ৷ মুকলি আকাশৰ তলত নিজকে পাই নিজৰ সুখী বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে সুলেখা দাসে ৷

লগতে পঢ়ক : কোকৰাঝাৰত ব্যৱসায়ীৰ প্ৰশংসনীয় পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.