ETV Bharat / state

Constituency delimitation 2023 : বৰাক বন্ধৰ আহ্বানক প্ৰত্যাহ্বান কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাৰ

author img

By

Published : Jun 25, 2023, 11:00 PM IST

Updated : Jun 25, 2023, 11:06 PM IST

Superintendent of Police Nomal Mahatto challenged Barak bandh
বৰাক বন্ধক প্ৰত্যাহ্বান আৰক্ষী অধীক্ষক নোমল মাহাত্তোৰ

ভাৰতৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ পিচতে এই খচৰাখনৰ বিৰোধিতা কৰি বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ লগতে শিলচৰ জিলা কংগ্ৰেছ, হাইলাকান্দি জিলা কংগ্ৰেছ, কৰিমগঞ্জ জিলা কংগ্ৰেছকে ধৰি অন্যান্য ৰাজনৈতিক আৰু ৰাজনৈতিক সংগঠনসমূহে 27 জুনত বৰাক বন্ধৰ ঘোষণা কৰিছে ৷ ইফালে এই বৰাক বন্ধক প্ৰত্যাহ্বান জনায় কঠোৰ নিৰ্দেশনা আৰক্ষী অধীক্ষক নোমল মাহাত্তাৰ ৷

বৰাক বন্ধক প্ৰত্যাহ্বান কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাৰ

কাছাৰ, 25 জুন : মঙলবাৰ অৰ্থাৎ 20 জুনত ভাৰতৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ পিচৰে পৰা ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইয়াৰ সমান্তৰালকে বৰাক উপত্যকাটো এই খচৰাখন ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিযোগ উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাজনৈতিক দল সংগঠনসমূহে ৷

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখনৰ বিৰোধিতা কৰি বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ লগতে শিলচৰ জিলা কংগ্ৰেছ, হাইলাকান্দি জিলা কংগ্ৰেছ, কৰিমগঞ্জ জিলা কংগ্ৰেছকে ধৰি অন্যান্য ৰাজনৈতিক আৰু ৰাজনৈতিক সংগঠনসমূহে 27 জুনত বৰাক বন্ধৰ ঘোষণা কৰিছে ৷ অহা 27 জুন অৰ্থাৎ মঙলবাৰে পুৱা 5 বজাৰ পৰা বিয়লি 5 বজালৈ 12 ঘণ্টীয়া এই বৰাক বন্ধৰ আহ্বান জনাইছে ৷ কাছাৰ জিলা কংগ্ৰেছৰ সভাপতি অভিজিৎ পালে দেওবাৰে এক সংবাদমেলৰ যোগেদি এই বন্ধ সফল কৰিবলৈ সমগ্ৰ বৰাকবাসীক আগবাঢ়ি আহি তেওঁলোকৰ লগত সহযোগ কৰিবলৈ আহ্বান জনায় ৷

ইফালে এই বৰাক বন্ধক প্ৰতিহত কৰিবলৈ উঠি পৰি লাগিছে কাছাৰ জিলা আৰক্ষী ৷ দেওবাৰে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই অসম আৰক্ষী, চি আৰ পি এফ, মহিলা আৰক্ষীৰ সৈতে শিলচৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত এক সমদল যাত্ৰা কৰে ৷ আগন্তুক বন্ধক কোনো কাৰণতে সমৰ্থন নকৰিবলৈ আহ্বান জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি যিকোনোধৰণৰ বন্ধ আইন বিৰোধী, সেয়েহে জনসাধাৰণক এই বন্ধক সমৰ্থন নকৰিবলৈ কয় তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, কেইটামান সংগঠনে অহা মঙলবাৰে বৰাক উপত্যকাৰ বন্ধৰ আহ্বান জনাইছে ৷ যিসকল ব্যৱসায়ী, দৈনিক উপাৰ্জন কৰি খোৱা লোক আছে তেওঁলোকৰ সমৰ্থনত আৰক্ষীয়ে সমদল উলিয়াই এই বন্ধৰ বিৰোধিতা কৰি দোকান পোহাৰসমূহ খুলিবলৈ আহ্বান জনায় ৷ তেওঁলোকে ভয়-ভীত কৰাৰ কাৰণ নাই ৷ এই বন্ধ সম্পূৰ্ণৰূপে আইন বিৰোধী ৷

লগতে আৰক্ষী অধীক্ষকগৰাকীয়ে সকলোকে এই বন্ধ নস্যাৎ কৰি বন্ধৰ পৰিহাৰ কৰিবলৈ আহ্বান জনায় ৷ লগতে জনসাধাৰণক কোনো উৰা বাতৰিৰ নুশুনিবলৈ আহ্বান জনায় মাহাত্তাই ৷ আৰক্ষী প্ৰশাসন আপোনাৰ লগত আছে, যদি কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে আৰক্ষী প্ৰশাসনক তৎক্ষণাত অৱগত কৰিব বুলি আৰক্ষী অধীক্ষকে ৰাইজক আশ্বাস দিয়ে ৷

লগতে পঢ়ক: Constituency delimitation 2023: 27 জুনত পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ বন্ধৰ আহ্বান বিডিএফৰ

Last Updated :Jun 25, 2023, 11:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.