ETV Bharat / state

ফাকুৱাৰ আনন্দৰ মাজতে কাছাৰৰ মধুৰাপুলত পথ দুৰ্ঘটনা

author img

By

Published : Mar 29, 2021, 7:26 PM IST

ৰঙৰ উৎসৱৰ দিনাই কাছাৰ জিলাৰ মধুৰাপুলত সংঘটিত হ'ল ভয়াৱহ পথ দুৰ্ঘটনা । দুখন দ্ৰুতবেগী বাইকৰ মুখামুখি সংঘৰ্ষত আহত ৪ জন বাইক আৰোহী ।

কাছাৰৰ মধুৰাপুলত পথ দুৰ্ঘটনাত আহত ৪ জন বাইক আৰোহী
কাছাৰৰ মধুৰাপুলত পথ দুৰ্ঘটনাত আহত ৪ জন বাইক আৰোহী

শিলচৰ, ২৯ মাৰ্চ: সোমবাৰে কাছাৰ জিলাৰ মধুৰাপুলত দুখন বাইক দুৰ্ঘটনাত পতিত হয় । দুপৰীয়া প্ৰায় ১ বজাত শিলচৰ-মণিপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মধুৰাপুল অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা । তীব্ৰবেগী বাইক দুখনৰ মুখামুখি সংঘৰ্ষত ৪ জন বাইক আৰোহী গুৰুতৰভাৱে আহত হয় ।

আহত যুৱককেইজন হৈছে ৰাহুল ৰবিদাস, সঞ্জু ৰবিদাস, বাৰেশ্বৰ ৰয় আৰু জণ্টু দাস ৷ দুৰ্ঘটনাৰ পিছতে আহত যুৱককেইজনক স্থানীয় ৰাইজে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷ আনহাতে, ফাকুৱাৰ দিনাই এনে ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাত অঞ্চলটোত ৰঙৰ উৎসৱৰ আনন্দ কিছু হ'লেও ম্লান পৰে ।

লগতে পঢ়ক:চিদ্দিক আহমেদৰ সৈতে ইটিভি ভাৰত অসমৰ আছুতীয়া সাক্ষাৎকাৰ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.